উপকৰণসমূহ : - টেবুল চামুচেৰে ৩চামুচ
গোটা তিল, কুমলীয়া মূলা মজলীয়া আকাৰৰ ২টা,
পিয়াজ মজলীয়া আকাৰৰ ২টা,
নহৰু এটা, কেঁচা জলকীয়া ৫টা,
নেমু টেঙা এটা,
ধনীয়া অলপমান
আৰু নিমখ জোখ মতে ৷
প্ৰণালী : - তিলখিনি ভালদৰে ধুই শুকুৱাই
লৈ অলপ কম জুইত তিলৰ গোন্ধ
ওলোৱালৈকে ভাজি লব৷ মন কৰিব
বেচিকৈ ভাজ নাখায় যাতে৷ অলপ
ঠাণ্ডা হলে মিস্কিত তিলখিনি পিচি লব৷
মূলা দুটাৰ
বাহিৰখিনি ভালদৰে চুচি পৰিস্কাৰ
কৰি লওক৷ এতিয়া মূলা দুটা ৰুকনিৰ ডাঙৰ
ফুটা থকা ফালদি ৰুকি লওক৷ নহৰু
কেইফুটামান দীঘল দীঘলকৈ কাটি লওক৷
পিঁয়াজো পাতল পাতলকৈ কাটি লব৷
এতিয়া কেৰাহীত তেল গৰম
কৰি দুফালকৈ ফলা জলকীয়াকেইটা
ভাজি লওক৷ কটা নহৰু আৰু মূলাখিনিও
কেৰাহীত দি দিব৷ কম জুইত ৫মিনিটমান
সময় ঢাকোন দি থব৷
এইদৰে ভাজিলে মূলাৰ মিশ্ৰণৰ
পানী শুকালে তিলখিনি মিহলাই নেমু
চেপি জোখমতে নিমখ দি ভালদৰে লৰাই
পুনৰ ২মিনিট সময় ঢাকি ৰাখক৷
জুইৰ পৰা নমাই শেষত ধনীয়া আৰু
কেঁচা পিঁয়াজ দি খাবলৈ পৰিবেশণ কৰিব
পাৰে৷ মূলাৰ সলনি কঠালৰ গুটি,কাবুলি বুট
নাইবা মটৰ বয়ল
কৰি একেদৰে চাটনি প্ৰস্তুত কৰিব পাৰে ৷
________________________________
লেখিকাৰ ঠিকনাঃ ডোহা, কাটাৰ,
ম'বাইল ০৯৭৪ - ৩০৪৩১৯০৯, ই মেইল :
rumjhum.saikia1@gmail.com
No comments:
Post a Comment