কবিতা - সুখৰ এজাক বৰষুণ

 ডাৱৰ বোৰোচোন খৰাং হৈ পৰিছে
কিজানিবা হেৰাই গৈছে ক্ৰমশঃ
ক'লা মেঘৰ মধুৰতা
বৰ অভাৱ এজাক বৰষুণৰ
বৰষুণত মোক পানী নালাগে
লাগে এজাক অনুভৱৰ টোপাল
নিষ্ক্ৰিয় হৈ পৰিছে ক্ৰমশঃঅনুভূতিৰ যন্ত্ৰ
ককবকাব লাগিছো দুখৰ এখন নৈত
কাহানিবাই উৰা মাৰিলে সুখবোৰ
আৰু বিলীন হৈ গ'ল বগা বগলীৰ জাকত ;
বৰষুণ হৈ সৰি পৰক ডাৱৰৰ বেদনাৰ অশ্ৰু
বাৰিষাৰ পুৱা ।
জটিলতা বিহীন ডাৱৰৰ দুখ
মাথোঁ ৰসাল হ'ব বিচাৰে
প্ৰাক্ মধুময় মেঘৰ সৈতে
বহলাব বিচাৰে অনুভৱৰ সাগৰ
সুখৰ এজাক বৰষুণৰ সৈতে একেলগে ...।

No comments:

Post a Comment