এটা সন্ধ্যা

সেইদিনা তোমাক বৰ ধুনীয়া লাগিছিল জানা !
আন্ধাৰ গলিটোৰে ঘৰলৈ উভটি আহিছিলা
মাৰাৰ বাওঁফালে সৰু সৰু খোজকেইটাৰে
সেইদিনা তোমাক বৰ ধুনীয়া লাগিছিল,

হেল'জেন লাইটৰ স্নিগ্ধ পোহৰত
জিলিকি উঠিছিল তোমাৰ পিঠিখন
চকুৰ আগত ভাঁহিছিল
তোমাৰ লাহী ককাল ।

পিছফালৰ পৰা তোমাক অচিনাকীৰ দৰে লাগিছিল
আৰু সেয়ে পুনৰবাৰ উভটি আহিলোঁ
চাওঁ বুলিয়েই তোমাক নিচেই ওচৰৰ পৰা,

মোৰ নিজৰ দুচকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ
কাৰণ সেই সন্ধিয়াটোত তোমাক অপূৰ্ব সুন্দৰী যেন লাগিছিল ।

গৌৰৱত ফুলি উঠিছিল মোৰ বুকু
কাৰণ কোনো দিনেই অনুভৱ কৰিব পৰা নাছিলোঁ
তেওঁও যে ইমান ৰূপহী হ'ব পাৰে
যাক মই মনে প্ৰাণে ভাল পাওঁ ,

তুমি চাগে ভাবিছাঁ
মই তোমাৰ সুন্দৰতাৰ প্ৰেমত পৰিছো
তোমাক আগতেই জনাই থৈছোঁ
মই কেৱল তোমাৰ হৃদয়খনহে চুৰি কৰিব বিচাৰিছো ।

মই চাব বিচাৰিছোঁ তোমাৰ হৃদয়ৰ স্বচ্ছতা
আৰু কলিজাৰ কোমলতা
তুমি যিয়েই নাভাবা কিয়
মই মাথোঁ এবাৰ জুমি চাব খোজো
তোমাৰ অন্তৰখন,

বাহ্যিক ৰূপ সচাকৈয়ে অনুপমা তোমাৰ
তথাপিও ভয় লাগে
কিজানিবা পাইও হেৰুৱাব লগা হয় তোমাক
তুমি আতৰি গ'লেও মোৰ দুখ নালাগে
যদিহে ওভতাই দি যোৱা
মই দিয়া সমষ্ট মৰম ভালপোৱা
কাৰণ মই জানো
সেইবোৰৰ বাবে ঠাইৰ অভাৱ
তোমাৰ কলিজাত ।

No comments:

Post a Comment