Showing posts with label কবিতা - সুখৰ এজাক বৰষুণ(Nilutpal Neog). Show all posts
Showing posts with label কবিতা - সুখৰ এজাক বৰষুণ(Nilutpal Neog). Show all posts

কবিতা - সুখৰ এজাক বৰষুণ

 ডাৱৰ বোৰোচোন খৰাং হৈ পৰিছে
কিজানিবা হেৰাই গৈছে ক্ৰমশঃ
ক'লা মেঘৰ মধুৰতা
বৰ অভাৱ এজাক বৰষুণৰ
বৰষুণত মোক পানী নালাগে
লাগে এজাক অনুভৱৰ টোপাল
নিষ্ক্ৰিয় হৈ পৰিছে ক্ৰমশঃঅনুভূতিৰ যন্ত্ৰ
ককবকাব লাগিছো দুখৰ এখন নৈত
কাহানিবাই উৰা মাৰিলে সুখবোৰ
আৰু বিলীন হৈ গ'ল বগা বগলীৰ জাকত ;
বৰষুণ হৈ সৰি পৰক ডাৱৰৰ বেদনাৰ অশ্ৰু
বাৰিষাৰ পুৱা ।
জটিলতা বিহীন ডাৱৰৰ দুখ
মাথোঁ ৰসাল হ'ব বিচাৰে
প্ৰাক্ মধুময় মেঘৰ সৈতে
বহলাব বিচাৰে অনুভৱৰ সাগৰ
সুখৰ এজাক বৰষুণৰ সৈতে একেলগে ...।

মৃত্যু মূখী এটা দিন


নিলোৎপল নেওগ —
:
এটি দুটিকৈ পমি পমি শেষ
হৈছে জীৱনৰ ম্যাদ ;
বিলিন হৈ গ’ল পোৱা নোপোৱাৰ কত
আশা
এই মৃত্যুমূখী সুতত ।
আমি আকুৱালী ল’ব বিচাৰো
জীৱন নাটৰ প্ৰতিটো স্মৃতি ।
হেৰুৱা স্মৃতিত বিচাৰি ফুৰোঁ
ম্লান হৈ পৰা আশাৰ পণ্য ।
মৰীচিকাৰ দৰে খেদি ফুৰোঁ
প্ৰেমৰ মধুৰ স্মৃতিক ।
বৰ কষ্ট প্ৰেমৰ স্মৃতি পাহৰাটো
আৰু তাতকৈও কষ্ট প্ৰেমত হৃদয়
হেৰুওৱা ।
অগ্ৰগামী দিনৰ সুঁতি এক
যন্ত্ৰণাৰ সুঁতি
য’ত থাকে বিশ্বাসৰ
বিপৰীতে বিশ্বাসঘাটকতা ।
দুটা দিনতে অচিনাকী হৈ যাব
পৰাটো কি প্ৰেম ?
মই আজি অপেক্ষাৰত সেই দিনটোৰ
যিটো দিনত জ্বলাই মাৰিব পাৰো
প্ৰেমৰ মিছা অনুভূতি মোৰ চিতাত
।
সেই দিনটোত মোৰ আত্মাই
চিঞৰি উঠিব
আৰু কব,মই জ্বলাই মাৰিলো এটা কীট
য’ত আছিল প্ৰেম আৰু সহানুভূতিৰ
এখন বিশাল সাগৰ ।