এটা ভাল লগা কবিতা

courtesy : Facebook.



   উভতি আহা আকৌ
মোৰ কাষলৈ
তোমাৰ অবিহনে
আধৰুৱা প্ৰতিটো শব্দ
উকা উকা লাগে
প্ৰতিটো পংটি
অপূৰ্ণ হৈ ৰয়
মনোভাৱৰ জোৱাৰবোৰ
ৰসহীন গুনহীনতাৰ দুমোজাত
প্ৰতিটো আখৰৰ সমষ্টি ,
তোমাৰ অবিহনে
জীৱনতো একেবাৰে
মৰহি যোৱা ফুলৰ দৰে হৈ পৰিছে
যেন ......................
শুকাই যোৱা নদীৰ পাৰত
অকণমান পানীৰ বাবে
তৃষ্ণাতুৰ বুকু মোৰ ,
তুমি গুচি গলা
একো নুকোৱাকৈ
মাথোঁ এৰি থৈ গলা
এসোপামান প্ৰশ্নৰ বোজা
এই প্ৰশ্নবোধক প্ৰশ্নবোৰত
আজি মই লুটিবাগৰ খাইছোঁ
আহা................
আকৌ এবাৰ উলটি
কিছু কথা পাতি
চেষ্টা কৰিম দুৰ কৰিবলৈ
দুয়োৰে মাজত থকা
মিছা ভুল বুজাবুজিবোৰ ,
যেতিয়া তোমালৈ মনত পৰে
জানা ....................
শুকান পাতৰ দৰে সৰি পৰি
উৰি ফুৰোঁ চগাৰ দৰে
যিমান দুৰ বতাহে
উৰুৱাবলৈ সক্ষম হয়
আকৌ .............
মাটিত সৰি পৰি
চটফটাবলৈ আৰম্ভ কৰো
মন যায়
উৰি গৈ সংলগ্ন হবৰ
আপোন কেচাপাঁতৰ সমষ্টিত ,
আৰু...................
কি জানা
তোমাক আপোন কৰাৰ
এই মায়াবিনী সপোনবোৰ
বিনামূল্যে মোৰ জীৱনলৈ
অহা নাই
তাৰ পৰিবৰ্তে
পৰিশোধ কৰিছো জীৱনক
মোৰ অনুভৱৰ বিশালতা ॥

No comments:

Post a Comment