ফেচবুকৰ ব্যৱহাৰ আৰু অপব্যৱহাৰ

চ’ছিয়েল নেটৱৰ্কিং চাইট “ফেচবুক”ৰ
ব্যৱহাৰকাৰীসকলৰ সপক্ষে আৰু
বিপক্ষে বিভিন্নজনে বিভিন্ন সময়ত
বিভিন্ন ধৰণৰ মন্তব্য কৰা আমাৰ
দৃষ্টিগোচৰ হৈছে। সেই মন্তব্যসমূহৰ
বিষয়ে ক’ব লগা একো নাই। কাৰণ
প্ৰতিটো আহিলাৰে ভাল-
বেয়া দুয়োটা দিশেই থাকে।
কোনটো দিশে প্ৰাধান্য পাব
সেইটো ব্যৱহাৰকাৰীজনৰ ব্যক্তিগত
পচন্দ-অপচন্দৰ ওপৰত নিৰ্ভৰ কৰে।
কিন্তু অসমকে ধৰি ভাৰতৰ তথা বিশ্বৰ
বিভিন্ন ঠাইত বসৱাস কৰা অসমীয়াসকলৰ
এটা গৰিষ্ঠ
সংখ্যকে ইতিমধ্যে জানিছে যে ফেচবুককে
মাধ্যম হিচাপে লৈ প্ৰযুক্তি-বিদ্যাৰ
সহায়ত সমগ্ৰ বিশ্বতে বিয়পি থকা অসমৰ
এটা সু-সংগঠিত প্ৰজন্মই
ইতিমধ্যে অসমীয়া ভাষা আৰু সাহিত্যৰ
হকে নিস্বাৰ্থভাৱে কাম কৰি আছে। আজিৰ
পৃথিৱীত তথ্য-প্ৰযুক্তিবিদ্যাই
একেটা কামতে নিমগ্ন দুজন মানুহৰ মাজৰ
শাৰীৰিক দূৰত্বৰ ধাৰণাটোকে নাকচ
কৰি দিছে আৰু ফলত এতিয়া তথ্য-
প্ৰযুক্তিবিদ্যাৰ সহায়ত সমগ্ৰ
বিশ্বৰ বিভিন্ন প্ৰান্তত থকা এজাক
নিস্বাৰ্থ মানুহে একেলগে নিজৰ
মাতৃভাষা আৰু সাহিত্যৰ হকে কাম
কৰাতো উজুহে হৈ পৰিছে।

ফেচবুককে সংযোগৰ মাধ্যম
হিচাপে লৈ কেনে ধৰণৰ কাম কৰা হৈছে সেই
বিষয়ে দুটামান কথা উল্লেখ কৰিব
বিচাৰোঁ। পেৰিচ, দিল্লী, বাংগালোৰ,
ট্ৰনধেইম, বাৰ্লিন, গুৱাহাটী, ইটানগৰ
আদিত ইজনে সিজনৰ পৰা হাজাৰ হাজাৰ মাইল
দূৰত বহি থাকি কেইজনমান
মানুহে প্ৰযুক্তি-বিদ্যাৰ সহায়ত
একেসময়তে এখন
কালজয়ী অসমীয়া নাটকৰ শ্ৰব্যৰূপ
দিছে। সেই শ্ৰব্যৰূপ ইণ্টাৰনেটৰ সহায়ত
নিমিষতে সমগ্ৰ বিশ্বত বিয়পি পৰিছে। এই
মানুহ্কেইজনে ইজনে সিজনক আজিলৈকে লগেই
পোৱা নাই বা তেওঁলোক প্ৰত্যেকেই
প্ৰত্যেকৰ ফেচবুকৰ বন্ধু
তালিকাতো নাই (থকাৰ প্ৰয়োজনো নাই
আচলতে)। কিন্তু
অসমীয়া ভাষা-সাহিত্যৰ বাবে কাম
কৰি থকা কেইটামান ফেচবুক গোটৰ (যেনে –
অসমীয়াত কথা-বতৰা, Assamese Wikipedia
Community, ইত্যাদি) সদস্য
হিচাপে থকা এইসকল মানুহৰ কামৰ
উদ্দেশ্যৰ মিলে ইজনক সিজনৰ ওচৰ চপাই
আনিছে। ইণ্টাৰনেট জগতত
আজি অসমীয়া ভাষা এটা প্ৰতিস্থিত
ভাষা হৈছে। অসমীয়া ৱিকিপিডিয়া আৰু
ৱিকিচৰ্চৰ সৃষ্টি হৈছে।

বিশ্বৰ বিভিন্ন ঠাইত থকা, ফেচবুকৰ
যোগেদি একেলগ হোৱা, কিছু সংখ্যক
ইজনে সিজনৰ প্ৰায়
অচিনাকী অসমীয়া যুৱক-যুৱতীৰ দলগত
প্ৰচেষ্টাত শ্ৰীমন্ত শংকৰদেৱৰ
কীৰ্ত্তন পুথিভাগৰ লগতে আন
কেইবাখনো পুথি আৰু ভূপেন হাজৰিকাৰ
প্ৰায় ৭০০ গীতৰ কথা আজি ইন্টাৰনেটত
উপলব্ধ। এই লিখকে ব্যক্তিগত
প্ৰচেষ্টাৰে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত
“নাম-ঘোষা” পুথিভাগ ইউনিক’ডত
লিখি ৱিকিচৰ্চত আৰু ব্যক্তিগত ব্লগৰ
যোগেদি ইন্টাৰনেটত উপলব্ধ কৰোৱাইছে।
নগাঁৱৰ যুৱক শ্ৰী নিতুল বৰাই একক
প্ৰচেষ্টাৰে পাৰিজাত হৰণ, স্যমন্তক
হৰণ, কালীয় দমন, অজামিল উপাখ্যান,
উদ্ধৱ সংবাদ, গুৰুদুজনা বিৰচিত
বৰগীতসমূহ, শিশু লীলা,
মিৰি জীয়ৰী আদিকে ধৰি আৰু
কেইবাখনো পুথি ইউনিক’ডত লিখি ৱিকিচৰ্চত
উপলব্ধ কৰাইছে। অসমীয়া ভাষাত
অসংখ্য ব্লগ সৃষ্টি হৈছে আৰু
অসমীয়া অনলাইন আলোচনীৰ
সংখ্যা দিনে দিনে বাঢ়ি আহিছে। ফেচবুকৰ
“অসমীয়াত কথা-বতৰা” গোটে প্ৰকাশ
কৰা মাহেকীয়া অনলাইন
আলোচনীwww.xahitya.org
নিয়মীয়া পাঠক বিশ্বৰ প্ৰায় ৫৫ খন
দেশত বিয়পি আছে।
এয়া হয়তো অবিশ্বাস্য, কিন্তু সত্য।
ব্লগ আৰু অনলাইন আলোচনীৰ
সংখ্যা বঢ়া মানেই
মাতৃভাষা চৰ্চা কৰা এজাক নতুন
লেখক-লেখিকা সমাজৰ মাজলৈ ওলাই অহা।
ফেচবুকতে লগ হোৱা তেনে কিছুসংখ্যক
লেখক-লেখিকাই
নিজাববীয়াকৈ বা দলগতভাৱে উদ্যোগ
লৈ কেইবাখনো কিতাপো প্ৰকাশ কৰিছে।
মাহেকীয়া অনলাইন
আলোচনী www.xahitya.org ত যোৱা এবছৰত
প্ৰকাশিত লেখাসমূহৰ শ্ৰেষ্ঠ
লেখাখিনিয়ে যোৱা ২২ ডিচেম্বৰ, ২০১২
তাৰিখে “অসমীয়া সাহিত্যৰ e-সঁফূৰা –
১ম খণ্ড” নামেৰে ছপা আকাৰত
আত্মপ্ৰকাশ কৰিছে।

১৫ জন বিশ্বৰ বিভিন্ন ঠাইত থকা, ফেচবুকৰ
যোগেদি একেলগ হোৱা, ইজনে সিজনৰ প্ৰায়
অচিনাকী মানুহে দলগতভাৱে উদ্যোগ
লৈ যোৱা ২৩ ডিচেম্বৰ, ২০১২ তাৰিখে “ৰাতিৰ
ৰামধেনু” নামেৰে এখন কাব্য সংকলন
প্ৰকাশ কৰিছে। ফেচবুককে মাধ্যম
হিচাপে লৈ নতুন প্ৰজন্মৰ এজাক যুৱক-
যুৱতীয়ে অসমীয়া ভাষা-সাহিত্যৰ
বাবে আৰম্ভ কৰা কামসমূহৰ এয়া এক
ক্ষুদ্ৰ আৰম্ভণি বুলিহে আমি বিশ্বাস
কৰোঁ। এইবিলাক কামৰ আৰম্ভণিহে আছে,
অন্ত নাই।

আজিৰপৰা বহুত বছৰৰ পিছত যেতিয়া কোনোবাই
আধুনিক অসমীয়া ভাষা-সাহিত্যৰ
উত্তৰণৰ ইতিহাস অধ্যয়ণ কৰিব, তেওঁ
নিজৰ গৱেষণা-পত্ৰখনত কি লিখিব? তেওঁৰ
গৱেষণা-পত্ৰখনৰ এটা বিশাল অংশত
নিশ্চিতভাৱে লিখা থাকিব ইণ্টাৰনেট জগতত
অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু
প্ৰসাৰৰ বাবে প্ৰযুক্তি-বিদ্যাৰ
সহায়ত বিশ্বৰ বিভিন্ন ঠাইত থকা আজিৰ
এটা প্ৰজন্মই আৰম্ভ কৰা কামখিনি।
আৰু এই কামখিনিত ফেচবুকে এই মুহূৰ্তত
এটা অনন্য ভুমিকা লৈ আছে।

--**--

- প্ৰতিম প্ৰতাপ বৰুৱা
চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ
ফ্লেট্চ্,
ওৱান এ, বেটেৰী লেন্, ৰাজপুৰ ৰোড,
দিল্লী-৫৪
(ম’বাইল : +৯১৯৮৭১০১৮৮৭৪)
ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment