আখল ঘৰ

কাপ কেক্ ( Muffin)
……………………………
(ৰুমঝুম শইকীয়া)

প্ৰয়োজনীয় সামগ্ৰীঃ

ডাঙৰ কণী-৬টা৷
চেনি - টেবুল চামুচেৰে ৮ চামুচ৷
ৰিফাইন তেল বা মাখন- প্ৰায় ২০০
গ্ৰাম৷
ময়দা- টেবুল চামুচেৰে ভৰ্তি ৬
চামুচ৷
বেকিং পাউদাৰ- চাহ চামুচৰ
ভৰ্তি ১ চামুচ৷
কাজু, পিষ্টা আদি আৰু চকলেট
সৰুসৰুকৈ কুটি ল'ব লগত কেইটামান
কিচ্ মিচ |

ৰন্ধন প্ৰণালীঃ

প্ৰখমে কণী আৰু চেনি একেলগ
কৰি সম্পূৰ্ণ
মিলি নোযোৱালৈকে ফেটি
খাকিব৷তাৰপিচত ৰিফাইন
বা মাখনখিনি দি পুনৰ ৪-৫
মিনিটমান ভালদৰে ফেটি লব৷শেষত
ময়দা আৰু বেকিং পাউদাৰ
দি গোটেই মিশ্ৰণ খিনি ৬-৭
মিনিটমান ভালদৰে ফেটি কোমল
কৰি লব৷এতিয়া অভেনটো ৪
মিনিটমান নিয়মীয়া তাপত গৰম
কৰি ল'ব ৷ এলুমিনিয়াম ফয়লৰ ১০টা বাটিত
মিশ্ৰণখিনি সমান জোখত দি যাব ৷
প্ৰতিটো বাটিত
কাজু,পিষ্টা চক্ লেটৰ
টুকুৰা আৰু কিচমিচ দি সজাব৷
অভেন সম্পূৰ্ণ গৰম হৈ থাকোতেই
বাটিকেইটা অ'ভেনত ভৰাই ৬
মিনিটমান নিয়মীয়া জোখৰ
উত্তাপত কেক্ হ'বলৈ দিব৷
ফুলি উঠি পাতল ৰঙচুৱা যেন
দেখা পালে উলিয়াই নমাই থব ৷

এইবিধ কেক্ সাধাৰণতে সকলোৱেই
ঘৰত বনায়৷মন কৰিব এই কেক্
মাইক্ৰঅভেনত নিদি অ'টিজিত বনাব |

No comments:

Post a Comment