বিদ্যাৰ্থী আৰু কেৰিয়াৰ ( প্ৰবন্ধ )[NilutpalNeog].

বিদ্যাৰ্থী আৰু কেৰিয়াৰ( প্ৰবন্ধ ) ------ নিলোৎপল নেওগ [ Nilutpal Neog ]. ________________________ ছাত্ৰ জীৱন হৈছে সুখী ভৱিষ্যত গঢ়াৰ একমাত্র উপযুক্ত সুযোগ । এই সময়ছোৱাত প্ৰত্যেক জন বিদ্যাৰ্থীয়ে কেৱ্ল জ্ঞান অৰ্জনত মনোনিৱেশ কৰাৰ প্ৰয়োজন আহি পৰে । ভগৱানে মানুহ হিচাপে সংসাৰত জন্ম দিছে মাথোঁ জ্ঞানৰ মাধ্যমেৰে পৃথিৱীখনক নতুনত্ব দিবলৈ ; কেৱল আমোদ - প্ৰমোদেৰে জীৱন নিয়াবলৈ নহয় । নিজৰ অস্তিত্বক যুগমীয়া কৰি ৰাখিবলৈ বিচাৰিব লাগিব সঠিক পথ । জীৱনত কিবা এটা কৰিবলৈ প্ৰথমে লাগিব এক আধাৰ (Base) । প্ৰত্যেকেই নিজস্ব ব্যক্তিত্বৰে ভবিষ্যত নিৰ্মাণৰ উচ্চাকাংক্ষা পুহি ৰাখে মনৰ ভিতৰত । এটা উল্লেখযোগ্য প্ৰশ্ন হৈছে ''আমি যিকোনো কাম কৰিবলৈ ইচ্ছা কৰা উচিতনে ?'' অৱশ্যেই ইয়াৰ বাবে হ'ব লাগিব কেতবোৰ গুণৰ অধিকাৰী । কোনো এজন ল'ৰা বা এজনী ছোৱালীৰ প্ৰতিভা আছে অভিনয় নাইবা অন্যান্য সাংস্কৃতিক ক্ষেত্ৰত , কিন্তু তেওঁ হব বিচাৰিছে এজন সুদক্ষ খেলুৱৈ ; তেনে ক্ষেত্ৰত তেওঁৰ সাফল্য সম্ভৱনে ? বৰ্তমানে বহুলভাৱে ব্যৱহৃত এই কেৰিয়াৰ শব্দটিয়ে ছাত্ৰ-ছাত্ৰীৰ এনে ধাৰণা আনি দিয়ে যেন কেৰিয়াৰ নামৰ এনে এখন ঠাই আছে য'ত লাভ কৰিব পাৰি জীৱনৰ সকলোবোৰ সুখ স্বাচ্ছন্দ্য আৰু এই ঠাইত উপনীত হোৱাৰ বাবে অভিযোজন , প্ৰতিদ্বন্দীতা সকলো অতিক্ৰম কৰি প্ৰত্যেকজনেই ধাৱমান হয় । এই লক্ষ্য স্থানত উপনীত হ'বৰ বাবে লাগিব সুবিধাজনক প্লেটফৰ্ম । বৰ্তমান শিক্ষানুৰাগী সকলে এই প্লেটফৰ্ম বিচাৰি পাইছে আনুষ্ঠানিক শিক্ষাত । পৃথিৱীখন সকলো শিক্ষাৰ্থীৰ বাবেই । আমি কেৰিয়াৰৰ আভিধানিক অৰ্থ আগবঢ়াই কব পাৰো যে '' ই হ'ল কৰ্ম জীৱনৰ ধাৰা বা বিত্তী '' । গতিকে পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত সকলৰ দৰে অল্পমেধা সকলৰ বাবেও যোগ্যানুসাৰে কেতবোৰ সুবিধাজনক কেৰিয়াৰ আছে যিবোৰ তেওঁলোকৰ বাস্তৱিক কাৰ্য কলাপত ধৰা পৰে । কিন্তু ইয়াক নিৰ্বাচন কৰাৰ আগতে বহু কথা চাব লগা হয় । কেতিয়াবা দেখা যায় কোনো ছাত্ৰ বা ছাত্ৰী পৰিয়াল বা বন্ধু বৰ্গৰ পৰোচনাত পৰি নিজস্ব পাৰদৰ্শিতা বা ইচ্ছাক তল পেলাবলগীয়া হয় । এনে কাৰণত তেওঁলোকৰ প্ৰায়েই সুখী জীৱন অতিবাহিত কৰাৰ পৰা বঞ্চিত হ'ব লগা হয় । গতিকে ইয়াৰ বাবে প্ৰয়োজন পূৰ্ব লক্ষ্য । কেৰিয়াৰ একেদিনাই বা অল্প অভিজ্ঞ লোকৰ উপদেশ লৈ নিৰ্বাচন কৰা মানে এই প্ৰক্ৰিয়াটো অধিক জটিল কৰি তোলাহে । সেয়ে ই সদায় সঠিক আৰু ৰুচিসন্মত হবলৈ প্ৰয়োজন দীৰ্ঘদিনীয়া প্ৰস্তুতি , আচনি আৰু যথেষ্ট অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ । কোনো ছাত্ৰ - ছাত্ৰীৰ H.S.L.C বা H.S final বা স্নাতক মহলাৰ পৰীক্ষাৰ ফলাফলেও তেওঁৰ কেৰিয়াৰ নিৰ্বাচনৰ সুবিধা প্ৰদান কৰে । বৰ্তমান অৰ্থনৈতিক আৰু বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ যুগত কেৱল চৰকাৰী চাকৰিকে ধিয়াই থকাটো একেবাৰেই যুক্তিহীন । কেৰিয়াৰ নিৰ্বাচনৰ বাবে ছাত্ৰ ছাত্ৰীয়ে প্ৰথমে চিন্তা কৰিব লাগিব ছাত্ৰ বা ছাত্ৰী হিচাবে তেওঁ কোন স্তৰৰ বা তেওঁৰ গুণ ,ক্ষমতা সমূহ কেনে প্ৰকৃতিৰ আৰু আগন্তুক ফলাফল সম্পৰ্কে তেওঁৰ ধাৰণা কি ? কেৰিয়াৰ নিৰ্বাচনৰ বাবে প্ৰত্যেকেই নিজক চিনি পাব লাগিব ,ই নিৰাশাগ্ৰস্ততাৰ পৰা ৰক্ষা কৰে । কেৰিয়াৰ বিশেষজ্ঞসকলৰ মতে যান্ত্ৰিক , অনুসন্ধানী , সামাজিক , সাধাৰণ , উচ্চাভিলাষী , শৈল্পীক এই ৬ ব্যক্তিত্বৰ প্ৰত্যেকৰে উপযোগীকৈ নিৰ্দিষ্ট কেৰিয়াৰ আছে । ইয়াৰোপৰি অন্যান্য কেৰিয়াৰ বিষয়ক আলোচনী , পত্ৰিকা , প্ৰবন্ধ আদি পঢ়াৰ লগতে কেৰিয়াৰ কাউঞ্চেলৰ সকলৰ পৰাও দিহা পৰামৰ্শ লোৱা উচিত । সুবিধা সাপেক্ষে কেৰিয়াৰ সম্পৰ্কীয় ৱেবচাইট (যেনে : www.careerinfo.com)সমূহো চাব পাৰে । মুঠতে সুচিন্তিত আৰু সঠিক কেৰিয়াৰ নিৰ্বাচনে এজন ব্যক্তিক আজীৱন সুখী কৰিব পৰাটো চিৰন্তন সত্য ।

No comments:

Post a Comment