বিগত দশকত আটাইতকৈ বিশাল ৰূপত
ঘৰে ঘৰে সোমাই পৰা সামগ্ৰীৰ ভিতৰত
মোবাইল ফোন অন্যতম ৷ টেলি সংযোগ
সাধনৰ ক্ষেত্ৰত তাঁৰ বিহীন
প্ৰযুক্তিয়ে দেশক বহুখিনি আগুৱাই
লৈ গ’ল৷ সৰ্ব-সাধাৰণ মানুহৰ
হাতে হাতে ল’ব পৰাকৈ মুক্ত অৰ্থনীতিৰ
সু-ফলৰ ৰূপত দামীৰ পৰা কমদামী বিভিন্ন
ধৰণৰ মোবাইল বজাৰত উপলদ্ধ হ’ল ৷ দেশৰ বহু
ভিতৰৰ গাঁৱতো এই দূৰ-সংযোগ ব্যৱস্থাই
সফলতা তথা বজাৰ দখল কৰাটো এই সময়ৰ
এটা উল্লেখনীয় কথা ৷ মোবাইল সেৱাৰ
সতে মানুহৰ মাজত সংযোগ তথা ভাৱৰ
আদান- প্ৰদান যি দৰে সহজ হৈ পৰিছে,
তাৰ সতে ইয়াৰ আন কিছু আৰ্থ-সামাজিক
প্ৰভাৱ তথা সামাজিক পৰিবৰ্তন চকুত
লগা হৈ পৰিছে ৷ আধুনিক নাৰীয়েও
সমাজৰ সতে খোজ মিলাই
হাতে হাতে মোবাইল
লৈ আগবাঢ়ি অহাটো এই নতুন যুগৰ
বাবে শুভ লক্ষণ৷
নাৰী এগৰাকীয়ে এগৰাকী মাতৃ,
অভিভাৱক, ভগ্নী, প্ৰেমিকা তথা আত্মীয়
ৰূপে ভূমিকা পালন কৰিব লগা হয়৷
একেসময়তে নতুন সমাজ গঢ়াৰ বাটত নৱ-
প্ৰজন্মক গঢ় দিয়াৰ গধুৰ দ্বায়িত্বও
মূলতঃ নাৰীৰ হাততেই অৰ্পিত
হৈ থাকে৷ এই যাত্ৰাপথত আজিৰ মোবাইল
সেৱাৰ বৰ্ধিত আগ্ৰাসনে নাৰীসমাজক
এক সময়োচিত প্ৰত্যাহ্বান
আগবঢ়োৱা বুলি অনুভৱ কৰিছোঁ ৷ ইয়াৰ
বাবে মোবাইল ফোনৰ উপকাৰ,
উপযোগিতা তথা তাৰ বিৰূপ ব্যৱহাৰ হ’ব
পৰা সম্পৰ্কে ঘৰ এখনৰ
গুৰি ধৰোঁতা হিচাবে নাৰী সকল
অতি সজাগ হোৱাৰ
প্ৰয়োজনীয়তা অতিশয়
বৃদ্ধি পাইছে ৷মোবাইল ফোনে আধুনিক
নাৰীক দিছে এটা আটাইতকৈ ডাঙৰ
উপহাৰ৷ সেয়া হৈছে উদ্বিগ্নতাৰ
পৰা মুক্তি৷ পৰিয়াল পৰিজন
বাহিৰলৈ যি কোনো কামত ওলাই
যোৱাৰ পাছত নাৰী এগৰাকী সদায়েই
উদ্বিগ্ন হৈ থকাটো এটা সহজাত স্বভাৱ,
তেখেত মাতৃ, পত্নী, ভগ্নী অথবা আন
আত্মীয়ই নহওঁক কিয় ! সুৰক্ষিত
ভাৱে পালেগৈ বুলি ফোন
এটা নোপোৱালৈকে এই উদ্বিগ্নতাৰ
অৱসান নহয় ৷ এই ক্ষেত্ৰত
মোবাইলে আনি দিলে প্ৰশান্তিৰ বতৰা !
আজিকালি সৰু-বৰ চহৰত নৱ-প্ৰজন্মৰ হাতত
সৰু-বৰ মোবাইল৷ এটাতকৈ আনটো চকুত
লগা তথা উন্নত প্ৰযুক্তিৰ ৷ সেই নতুন
প্ৰযুক্তি সমূহৰ ব্যৱহাৰ সম্পৰ্কেও আজিৰ
নাৰী সকল নৱ-প্ৰজন্মৰ সমানেই সজাগ-
সচেতন হৈ উঠাটো অতিশয়
দৰকাৰী হৈ পৰিছে ৷ ঘৰত মোবাইল
লৈছে, কনমানিটোৱেহে ফোন লগায়
দিয়ে, সিহে এইবোৰ জানে, এনে ধৰণৰ
চিন্তাৰে শিকিবলৈ অনীহা আধুনিক
নাৰীয়ে এৰিব লাগিব ৷ সৰু সৰু ল’ৰা-
ছোৱালীৰ হাততে বিভিন্ন আপডেটেড
টেব, মোবাইল আদি সহজলভ্য হৈ পৰাৰ
লগতে, গেমচ, এপ্লিকেচনছ আদিৰ
পয়োভৰত নৱ-প্ৰজন্ম মোবাইল-
প্ৰেমী হৈ পৰিছে ৷ পৰিয়ালৰ
সতে এটা নিবিড় মুহূৰ্ত কটাবৰ প্ৰয়োজনৰ
সময়তো মাক-দেউতাক-ভাই-ভগ্নীৰ
মুখলৈ চাবলৈ যেন আহৰি নাই৷
অনবৰতে টেব, লেপটপ অথবা মোবাইলৰ
সতেই লাগি থাকিবলৈ লোৱা.
উঠি অহা নৱ-প্ৰজন্মৰ
অভ্যাসটো তেওঁলোকৰ চাৰিত্ৰিক,
দৈহিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত
অন্য এক চিন্তনীয় বিষয় হৈ পৰিছে ৷
সামাজিক বা পৰিয়ালৰ সতে মানৱীয়
যোগসূত্ৰতকৈ মোবাইলৰ অনামী ৰঙীন
জগতখনত
আপোনপাহৰা হৈ থাকিবলৈ শিকাটো
শিশু-কিশোৰ-যুৱ প্ৰজন্মৰ বাবে এক নিচাত
পৰিণত হৈছে ৷ নাৰী মাতৃ সকলে এই
ক্ষেত্ৰত সচেতন নহ’লে এই নিচাৰ
পৰা সন্তানক বাৰণ কৰাটো এসময়ত অসম্ভৱ
হৈ উঠিব যেন অনুভৱ হয় ৷
আগৰ দিনৰ ডায়েৰী বা কিতাপৰ মাজত
‘নীলা চিঠি’ বিচাৰি পোৱাৰ পাছত
কাণতলীয়া চৰ খোৱাৰ দিন নতুন প্ৰজন্মৰ
নাই৷ বয়ঃসন্ধিৰ সময়চোৱাত সেয়ে সন্তান
বা পৰিজনৰ মোবাইলৰ ব্যৱহাৰৰ ওপৰত
অভিভাৱক অতিশয় সজাগ হোৱা উচিত৷
লগতে সতৰ্ক নজৰ ৰখাৰ প্ৰয়োজন
আছে ৷পঢ়াৰ টেবুলত মোবাইল লৈ সময়
উৰুৱা, গেম খেলি থকা আদি অভ্যাস গঢ়
লোৱাৰ পৰা সন্তানক বাৰণ কৰিব লাগিব৷
মাতৃ সকলে SMS, MMS, GPS আদি শব্দৰ লগত
চিনাকী হোৱাৰ লগতে তাক
কেনেকৈ চাব পাৰি, মোবাইলৰ
গোপনীয় ফাইল আদি কৰবাত পাচৱৰ্ড
দিয়া আছে নেকি সকলো শিকি লোৱাৰ
অতীব প্ৰয়োজন আছে ৷ এক কথাত
ক’বলৈ গ’লে সন্তান তথা পৰিজনৰ সংগ,
গতিবিধি তথা অভ্যাসক
বুজি উঠিবলৈ তেখেতৰ মোবাইলেই
আধুনিক নাৰীৰ বাবে হৈ উঠিব
পাৰে অতিশয় কাৰ্যকৰী আহিলা ৷
মোবাইলৰ বুকুতে চকু দি, কল-লগ, মেচেজ
বস্ক, ফাইল কণ্টেণ্ট, গেমচ আদি অধ্যয়ন
কৰি সন্তানৰ মতি-
গতি তথা গঢ়ি উঠা মনোজগতখনৰ উমান
লবলৈ আধুনিক নাৰীয়ে শিকিব লাগিব
৷এই পৃথিৱীত যে বেয়া মানুহৰ অভাৱ নাই,
সেই কথা আমাৰ সকলো বয়সৰ
নাৰীয়ে উপলব্ধি কৰিব লাগিব৷ মোবাইল
ফোনৰ জৰিয়তে পুৰুষৰ চলনাময়-মায়াজালত
পৰাৰ বৰ্ধিত ঘটনাৰ পৰা, সাৱধান হৈ থকাৰ
প্ৰয়োজন আছে৷ যাতে মোবাইল প্ৰেমৰ
জৰিয়তে অচিন ব্যক্তিৰ লগত
অপ্ৰয়োজনীয় ভাৱে সাঙোৰ খাই সংবাদ
শিৰোনামাত আমাৰ ভগ্নী,
জীয়ৰী সকলে ঠাই পাব লগা নহয় ৷
মোবাইলৰ সতে ছাঁৰ
দৰে লাগি থকা মোবাইল কেমেৰাৰ
উপস্থিতিৰ কথাও আধুনিক নাৰীৰ
বাবে এক প্ৰত্যাহ্বান স্বৰূপ৷ “বেৰৰো কাণ
থাকে” – আপ্তবাক্যশাৰীৰ দৰেই আজিৰ
তাৰিখত, বেৰতো কেমেৰা থাকে ধৰণৰ
সাৱধানতা ৰখাৰ প্ৰয়োজনীয়তা আছে ৷
একেবাৰে গাঁও অঞ্চলতো লোকেল
অশ্লীল MMS ক্লিপ সহজলভ্য
হৈ পৰাটো অতিশয় চিন্তনীয়
কথা হৈ পৰিছে৷ এনে দুষ্কাৰ্যৰ
বলি হোৱাৰ
পৰা যাতে নাৰীসকলে নিজকে বচাই
চলিব পাৰে সেই সম্পৰ্কে মাতৃ,
অভিভাৱক, শিক্ষাৰ্থী সকলোকে সজাগ
কৰি ৰখাৰ প্ৰয়োজনীয়তা আছে ৷আন
এটা মোবাইল ব্যাধিয়ে সমাজৰ ভিন্ন
স্তৰত বিয়পি পৰাটো উল্লেখ কৰিব
লগীয়া৷ আন-লিমিটেড টক-টাইম
তথা নাইট পেক আদিৰ কোম্পানী প্ৰদত্ত
উপহাৰৰ অপব্যৱহাৰৰ ফলত
ৰাতি ৰাতি অশ্লীল কথা-বতৰা পতাৰ এক
অভ্যাস গঢ়ি উঠা দেখা গৈছে৷ ফোন-
চেক্সৰ দৰে কু-অভ্যাস
গঢ়ি উঠিলে সহজেই
কোমলমতীয়া শিক্ষাৰ্থীক ই নিজৰ
লক্ষ্যৰ পৰা বিচ্যুত কৰিব৷ সেয়ে ফোনৰ
বিলৰ পুংখানুপুংখ বিৱৰণ
অভিভাৱকে লোৱা, তথা মোবাইলত
কি কি কনটেণ্ট আছে সেইবোৰ চেক
কৰি প্ৰতি-ব্যৱস্থা গ্ৰহণ কৰাটো মাতৃ সকলৰ
বাবে এৰাব নোৱাৰা প্ৰত্যাহ্বানত পৰিণত
হৈছে৷ ৰাতি এটা নিৰ্দিষ্ট সময়ৰ পাছত
জ্যেষ্ঠ জনে ঘৰত মোবাইল ফোন হস্তগত
কৰি ৰখাৰ নিয়মে এনে কু-অভ্যাস
গঢ়ি উঠাৰ পৰা বিৰত ৰাখিব পাৰে ৷
মোবাইল ফোনৰ বিভিন্ন ভাল ব্যৱহাৰ
সম্পৰ্কে মাতৃ সকল সজাগ হ’লে তাক
যোগাত্মক দিশত ব্যৱহাৰ কৰিব পাৰি ৷
কেমেৰা থকা মোবাইলেৰে সন্তান
টিউচনত আছেনে নাই, শিক্ষকক দিয়াচোন
ফোনটো ধৰণৰ অভ্যাসেৰে নজৰ ৰাখিব
পাৰি, বা শিক্ষকৰ সতেও ওচৰ সম্পৰ্ক বজাই
ৰাখিব পাৰি ৷ মোবাইলত ৰেকৰ্ড
কৰি বিভিন্ন ওপজা মাটিৰ সংস্কৃতিৰ
উপাদান পুৰণি বিয়ানাম, লোক সংগীত
আদিৰ সুৰ-তাল-গীত-নৃত্য আদি শিকাব
পাৰি ৷ নতুন প্ৰজন্মক হোটেল বা ফাষ্ট ফুডৰ
খানাৰ অনুগামী নকৰি বিভিন্ন খাদ্য
কেনেকৈ ঘৰতে সহজে তৈয়াৰ কৰিব
পাৰি, সেই কথাও সৰু সৰু ভিডিঅ’
আদি বনাই তেওঁলোকক শিকাব পাৰে ৷
ঘৰৰ, সকাম নিকামৰ সৰু বৰ
ৰীতি নীতি আদিৰ কথাও ঘৰৰ
বয়োজ্যেষ্ঠ-বৃদ্ধ সকলক কাষত
পালে ভিডিঅ’ বনাই ৰাখি নতুন প্ৰজন্মক
শিপাডাল ধৰি ৰখাত অৰিহণা যোগাব
পাৰি৷
আজিকালি উন্নত মবাইলত জিপিএছৰ
সহায়ত সন্তান বা আত্মীয়ৰ অৱস্থান
শ্বেয়াৰ কৰি, কোন ক’ত আছে তাৰ উমান
পাব পাৰি ৷ৰাতি বিয়লি অকলে আহিব
লগা অৱস্থাত আৰোহণ কৰা গাড়ী বা অট
আদিৰ নম্বৰ, ড্ৰাইভাৰৰ
ফটো আদি আত্মীয়লৈ আগতীয়াকৈ
মোবাইলেৰে পঠাই
নাৰীয়ে নিজকে সুৰক্ষিত কৰাৰ
চেষ্টা চলাব পাৰে৷ জিপিএছৰ অৱস্থান
শ্বেয়াৰ কৰিও ঘৰৰ মানুহক
এনে পৰিস্থিতিত সকাহ দিব পাৰে৷
আধুনিক নাৰীয়ে শিকাৰ
মনোভাৱেৰে এইবোৰ সৰু-বৰ প্ৰত্যাহ্বান
মূৰ পাতি ল’লেই প্ৰগতি বা প্ৰযুক্তিৰ
সতে খোজ মিলাই এক সুন্দৰ নতুন প্ৰজন্ম গঢ়
উঠাত অৰিহণা যোগাব পাৰিব বুলি আমাৰ
দৃঢ় বিশ্বাস৷ এনে সজাগতাৰ
বাবে মহিলা সমিতি বা সংগঠন
সমূহে আগবাঢ়ি আহিলে অতিশয় আনন্দৰ
কথা হ’ব ৷ যোগাত্মক দিশত নতুন প্ৰযুক্তিৰ
ব্যৱহাৰ সম্পৰ্কে আধুনিক নাৰীক জাগ্ৰত
কৰিব নোৱাৰিলে, প্ৰযুক্তিৰ ঋণাত্মক
প্ৰয়োগৰ কবললৈ সমাজখন গুচি যোৱাৰ
সম্ভাৱনাই দেখা দিব ৷ ফলত অনাগত দিনত
কেতিয়াবা খাপ পঞ্চায়তৰ দৰে নাৰীৰ
বাবে মোবাইল নিষিদ্ধ কৰিবই
লাগে ধৰণৰ অনৈতিক / অবাস্তৱ
সিদ্ধান্তকো সঠিক বুলি অনুভৱ কৰাৰ দুৰ্দিন
আহিব পাৰে ৷ সজাগ আধুনিক নাৰীয়েই
নতুন ৰূপত নৱ-প্ৰজন্মৰে নৱ-প্ৰযুক্তিক
আদৰা এখন সুন্দৰ উন্নত সমাজ গঢ়িব লাগিব৷
তাৰ বাবে মনত মাৰ বান্ধি নাৰীসমাজক
আগুৱাই আহিবলৈ ইয়াৰে অনুৰোধ
জনালোঁ ৷
নৱ প্ৰজন্মৰ মোবাইলঃ আধুনিক নাৰীৰ বাবে নতুন প্ৰত্যাহ্বান-অজয় লাল দত্ত
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment