আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ

••••••••••••••••••••••••••••••••••••••••••••••••

তাৰিখ : ০৩ জুন ২০১৪  ।
_____________________________________

১. কালি কাজিৰঙাত অনুষ্ঠিত বিজেপিৰ ৰাজনৈতিক
অভিবৰ্তনত মিছন-৮৪ আৰম্ভ কৰি "কংগ্ৰেছ হটাও,
অসম বচাও" অভিযানৰ ৰণনীতি প্ৰস্তুত কৰাৰ প্ৰকাশ
পালে সংবাদ। অভিবৰ্তনত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয়
মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গঁড় হত্যাত জড়িত
মন্ত্ৰী-বিষয়া, চোৰাং চিকাৰী কোনোৱেই সাৰি যাব
নোৱাৰিব তথা অবৈধ বাংলাদেশীয়ে অসম ত্যাগ কৰিবই
লাগিব বুলি বক্তব্য প্ৰদান কৰে।

-----------------------

২. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল
লেখক জনাৰ্দন গোস্বামীৰ দুখনকৈ গ্ৰন্থ । "এলবাৰ্ট
আইনষ্টাইন-এক মনীষীৰ মহাজীৱন" আৰু "উত্তাপ"
নামৰ গ্ৰন্থ দুখনি কালি উন্মোচত কৰিলে বিশিষ্ট
শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

-----------------------------

৩. যোৱা ১৯৯১ চনৰ পৰা চলি থকা চূণচালি গ্ৰাণ্টৰ
মোকৰ্দমা সমূবৰ ফল গুৱাহাটী উচ্চ
ন্যায়ালয়ে চূনচালি গ্ৰাণ্টবাসী ৰাইজৰ সপক্ষে ৰায়দান
কৰিছে। যোৱা ২০মে'ত হোৱা এইৰায়দান
সম্পৰ্কে ৰাইজক সবিশেষ অৱগত কৰাৰ উদ্দেশ্যে এক
বিজয় উতসৱ আজি পূৱ গুৱাহাটী ভূমি সংস্কাৰ
সমিতিয়ে আয়োজন কৰিছে।

-------------------------

৪. অসম ৰাজ্যিক শিশু অধিকাৰ
সুৰক্ষা আয়োগে ইউনিচেফ অসমৰ সহযোগত এখন পূৱ
মাণ্ডলিক ঘূৰণীয়া মেজমেল কাইলৈ ২জুন
তাৰিখে খানাপাৰাৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত
আয়োজন কৰিছে। এই মেজমেলত পূৱ মণ্ডলৰ ১২খন
ৰাজ্যৰ প্ৰায় ৮০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ
কৰিব। শিশু শ্ৰমিক, শিশুৰ সমস্যা আৰু সুৰক্ষাৰ
দিশবোৰৰ সন্দৰ্ভত ইয়াত আলোচনা কৰা হব বুলিও
জানিব পৰা গৈছে।

------------------------

৫. উত্তৰ পূৱত চলি থকা প্ৰকল্প সমূহৰ খতিয়ান আৰু
দুৰ্নীতিৰ উহ বিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ৰঙিয়া-মুৰ্কং চেলেক ৰে'লপথ, বগীবিল দলং,
লামডিং-শিলচৰ ব্ৰডগজ, গেংটক সংযোগী ৰেল'পথ,
তেজপুৰ-অৰুণাচল ৰেল'পথ, গিৰিগাম-পিপুল (মণিপুৰ)
ৰেল'পথ, যোগীঘোপা-বাইৰেণ্টি, বদৰপুৰ-আগৰতলা,
বৰপুৰ-ভৈৰৱী(মিজোৰাম) প্ৰকল্পক জাতীয় প্ৰকল্প
হিচাবে কৰিলে ঘোষণা।

---------------------------

৬. কাজিৰঙাৰ গঁড় হত্যাৰ বিষয়টোতো প্ৰতিবেদন
বিচাৰিলে প্ৰধান মন্ত্ৰীয়ে। অহা ২জুনত হব
লগা বৈঠকত এই বিষয়ে চৰ্চা হব বুলি প্ৰকাশ
কৰি কাজিৰঙাৰ বেদখল, গঁড়
হত্যা আদি বিষয়তউজনি অসমৰ আয়ুক্ত, গোলাঘাট-
নগাঁওৰ উপাযুক্তক, ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকক
লৈ কালৈ বৈঠক অনুষ্ঠিত কৰিলে কেন্দ্ৰীয়
মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

-------------------------

৭. কালি বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো পালিত
হ'ল বিশ্ব ধঁপাত মুক্ত দিৱস। এই উপলক্ষে বিভিন্ন
অনুষ্ঠান প্ৰতিষ্ঠানে সজাগতা সভা অনুষ্ঠিত
কৰা লগতে ধঁপাত নিমূলৰ বাবে অতিৰিক্ত শুল্ক
জাপি দিয়াৰো দাবী তোলে। মিজোৰাম চৰকাৰে এই
দিৱসৰ সৈতে সংগতি ৰাখি ৩৫% শুল্ক ধঁপাতজাতীয়
সামগ্ৰীৰ ওপৰত বৃদ্ধি কৰা বুলি ঘোষণা কৰাৰ সুখবৰ।
তেজপুৰত গুৰুকুল বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে এই
উপলক্ষত প্ৰদৰ্শন কৰিলে বাটৰ নাট।

--------------------------

৮. উত্তৰ প্ৰদেশত দুগৰাকী দলিত কিশোৰীৰ ধৰ্ষণ
কৰি হত্যা কৰা ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়াৰ
সৃষ্টি হৈছে। কালি ৰাহুল গান্ধীয়েও
ভুক্তভোগী পৰিয়াল কেইটিক দেখা কৰিবৰ বাবে বড়াউ
নামৰ ঠাইখনত উপস্থিত হয় আৰু
চি.বি.আই.তদন্তৰে ন্যায়দান দাবী কৰে।
সন্ধিয়ালৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ
যাদৱেও ঘটনাটোত চি.বি.আই দ্বাৰই তদন্ত
কৰোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

----------------------

৯. এটা দশকত ২০০কোটিৰো অধিক ৰাজহুৱা ধন ব্যয়
কৰাৰ পাছতো মাজুলীৰ সৰক্ষাত চৰম
ব্যৰ্থতা প্ৰদৰ্শন কৰা ব্ৰহ্মপুত্ৰ বৰ্ডক গুৱাহাটী উচ্চ
ন্যায়ালয়ে কঠোৰ সঁকিয়নি দিয়া বুলি জানিব পৰা গৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্ডৰ কেলেংকাৰীৰ ফাদিল
কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও
সুখবৰ প্ৰকাশ পাইছে।

--------------------------
১০. গুজৰাটৰ গান্ধীনগৰত যোৱা সপ্তাহত সমাপ্ত
হোৱা এছীয় থাই বক্সিং প্ৰতিযোগিতাত অসমৰ
এৰিষ্টটল ৱান্নাই এটা ৰূপ আৰু দুটা কৈ ব্ৰঞ্জৰ পদক
বিনীত তিৱাৰী আৰু গুঞ্জন ৰঞ্জন বৰুৱাই অৰ্জন
কৰাৰ সুখবৰ।

*******************************

No comments:

Post a Comment