এটা প্ৰেমৰ কবিতা - কবি নিলিম কুমাৰ

এটা প্ৰেমৰ কবিতা - কবি নিলিম কুমাৰ  |

তুমিয়ো কাহানিবাই মৰিছাচোন
এইযে দেখা পাওঁ
মই তোমাক, তুমি মোক,
মিছা ।
আমাৰ ডিঙিৰ পিয়াহ বোৰ মিছা
হাতৰ আঙুলিবোৰ
ওঠৰ কঁপনিবোৰ মিছা
মোৰ ডাড়ি আৰু তোমাৰ
কাষলতিৰ চুলিবোৰ মিছা ।
এদিন মই অছিলোঁ
এদিন তুমি আছিলা
এই কথাটো এতিয়া পুৰণি হ’ল !

++++

ঠিকনা :
নীলিম কুমাৰ
জয়ানগৰ, মালিগাওঁ
গুৱাহাটী : 781011

No comments:

Post a Comment