নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা

ৰিচাৰ্ড ফাইনমেনৰ এখন প্ৰখ্যাত চিঠিৰ অসমীয়া অনুবাদ:

[“স্কে’লাৰ নিউক্লিয়নৰ নিজস্ব শক্তি” শীৰ্ষক বিষয়ত গৱেষণা কৰি পি.এইচ.ডি. (Ph.D.) লাভ কৰাৰ ন বছৰ পাছত ১৯৬৬ চনত পদাৰ্থবিজ্ঞানী
কইচি মান’ ৱে ৰিচাৰ্ড ফাইনমেনলৈ অভিনন্দন জ্ঞাপন কৰি এখন চিঠি লিখিছিল। ফাইনমেনে কেলিফ’ৰ্ণিয়া ইনষ্টিটিউট অব টেকন’ল’জি (CALTECH)ত অধ্যাপনা কৰিবৰ সময়ত মান’ও তেওঁৰ ছাত্ৰ আছিল। কোৱাণ্টাম বিদ্যুত্গতিবিজ্ঞানলৈ আগবঢ়োৱা বৈপ্লৱিক অৱদানৰ বাবে ৰিচাৰ্ড ফাইনমেনে ১৯৬৫ চনত জুলিয়ান ছিৱিংগাৰ আৰু ছান-ইতিৰো তোমাংগাৰ সৈতে যুতীয়াভাৱে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। মান’ৰ চিঠিখনৰ সঁহাৰি জনাই ফাইনমেনে লিখা চিঠিখনত তেওঁ সেইসময়ত কৰি থকা কামৰ বিষয়ে সুধিলে। মান’ৱে উত্তৰত জনাইছিল যে তেওঁ “অশান্ত বায়ুমণ্ডলৰ মাজেৰে বিদ্যুৎচুম্বকীয় তৰংগৰ গতিৰ প্ৰায়োগিক দিশ আৰু এই সম্পৰ্কীয় সুসংলগ্ন তত্ত্ব” সম্পৰ্কে অধ্যয়ন চলাই আছে।
তেতিয়া ফাইনমেনে মান’লৈ তলৰ চিঠিখন লিখিছিল। তাত অন্তৰ্গত "নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা" (Do not remain nameless to yourself) শাৰীটোৰে চিঠিখন অধিক প্ৰখ্যাত। চিঠিখনৰ জৰিয়তে বৈজ্ঞানিক অন্বেষণৰ পদ্ধতি আৰু ইয়াৰ উদ্দেশ্য কেনে হোৱা উচিত,
আৰু ইয়াৰ পৰা আহৰণ কৰিব পৰা অপৰিসীম আনন্দৰ বিষয়ে ৰিচাৰ্ড ফাইনমেনৰ নিজস্ব দৃষ্টিভংগী ফুটি উঠিছে। চিঠিখনৰ ভাৱানুবাদ তলত অগবঢ়োৱা হ’ল।]

মৰমৰ কইচি,

তোমাৰ চিঠিখন পাই বৰ আনন্দ পাইছোঁ। লগতে জানি সুখী হৈছোঁ যে তুমি তোমাৰ বিজ্ঞান গৱেষণাগাৰত এনে এখন স্থান লাভ কৰিছা।
কিন্তু চিঠিখনৰ পৰা, তোমাক সুখী নহয় বুলি অনুভৱ কৰি ময়ো দুখ পাইছোঁ। এনেকুৱা লাগিছে যে তোমাৰ শিক্ষকৰ প্ৰ্ৰভাৱে তোমাক প্ৰকৃত সমস্যানো কি সেই সম্পৰ্কে এক ভ্ৰান্তিকৰ ধাৰণা দিছে। সেইবোৰকহে প্ৰকৃত সমস্যা বুলিব পাৰি যিবোৰ তুমি সমাধান কৰিব পাৰিছা বা সমাধানৰ ক্ষেত্রত যৎসামান্য পৰিমাণে হ’লেও বৰঙণি যোগাব পাৰিছা। বিজ্ঞানত সমস্যা এটা তেতিয়াহে চমৎকাৰী, যেতিয়া সেইটো আমাৰ সন্মুখত অসমাধিত ৰূপত পৰি আছে আৰু আমি সমস্যাটোৰ ভিতৰত মূৰ সুমুৱাবলৈ এটা বাট বিচাৰি পাওঁ। মই তোমাক এইটোতকৈও সহজ বা তুমি কোৱাৰ দৰে এইটোতকৈ সাধাৰণ সমস্যা সমাধান কৰিবলৈ উপদেশ দিম। অন্ততঃ যেতিয়ালৈকে তুমি সাধাৰণ হ’লেও সহজে সমাধান কৰিব পৰা মনোমত সমস্যা বিচাৰি নোপোৱা। তেতিয়াহে তুমি সাফল্য আৰু তোমাৰ সংগীক সহায় কৰাৰ আনন্দকণ পাবা। তোমাতকৈ নিকৃষ্ট
যোগ্যতাৰ সহকৰ্মীৰ দৃষ্টিত সেইটো মাত্ৰ এটা প্ৰশ্নৰ সমাধান হ’লেও কোনো কথা নাই। তুমি সুখ আহৰণৰ এনেবোৰ উৎসৰ পৰা নিজকে আঁতৰাই ৰখাটো উচিত হোৱা নাই, যিহেতু কোনবোৰ কাম সমাধানযোগ্য সেই সম্পৰ্কে তোমাৰ ধাৰণা সঠিক নহয়।
মই কেৰিয়াৰৰ উচ্চ শিখৰত থকাৰ সময়তে তুমি মোক লগ পাইছিলা। তোমাৰ হয়তো এনে লাগিছিল যেন মই একেবাৰে ভগৱানৰ নিকটৱৰ্তী সমস্যাৰ লগত জড়িত হৈ আছোঁ। কিন্তু সেই সময়তে মোৰ আন এজন পি.এইচ.ডি. ছাত্ৰ আছিল (এলবাৰ্ট হিব্চ), যাৰ গৱেষণা-পত্ৰখনৰ আধাৰ আছিল বতাহৰ প্ৰভাৱত কেনেদৰে সমুদ্ৰপৃষ্ঠৰ উপৰিভাগত তৰংগ সৃষ্টি হয়, তাৰ কাৰণ নিৰ্ণয়। মই তেওঁক ছাত্ৰ হিচাপে গ্ৰহণ কৰিছিলোঁ কিয়নো তেওঁ নিজে সমাধান কৰিব বিচৰা সমস্যা এটা লৈ মোৰ ওচৰলৈ আহিছিল। কিন্তু তোমাৰ ক্ষেত্ৰত মই এটা ভুল সিদ্ধান্ত ল’লোঁ, তোমাক নিজাববীয়াকৈ বিষয় এটা বাছি উলিওৱাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে মই নিজেই তোমাক সমস্যা নিৰ্বাচন কৰি দিলোঁ। লগতে প্ৰকৃতাৰ্থত কোনবোৰ সমস্যা আমোদজনক, আনন্দদায়ক আৰু সঁচাই সমাধান কৰিবলগীয়া; সেই সম্পৰ্কে তোমাক ভুল ধাৰণাৰেই এৰি দিলোঁ। এই ভুলটোৰ কাৰণে মই বৰ দুখ পাইছোঁ, তুমি মোক ক্ষমা কৰি দিবা। এই চিঠিখনেৰেই মই পূৰ্বৰ ভুলটোৰ কিছু শুধৰণি কৰিব বিচাৰিছোঁ।

মই জীৱনত অসংখ্য সমস্যা সমাধানত হাত দিছোঁ, যিবোৰ হয়তো তুমি সাধাৰণ বা বৈশিষ্ট্যহীন বুলি ক’বা। কিন্তু সেইবোৰত হাত দি মই অপৰিসীম আনন্দ পাইছোঁ আৰু এতিয়া ভাবি ভাল লাগে যে ইয়াৰে কিছুসংখ্যকত আংশিকভাৱে সাফল্যও লাভ কৰিছিলোঁ। উদাহৰণস্বৰূপে, ঘৰ্ষণ বলেনো কেনেকৈ কাম কৰে সেইটো জানিবলৈ অত্যন্ত মিহি পৃষ্ঠৰ ওপৰত কৰা ঘৰ্ষণ গুণাংক সম্পৰ্কীয় পৰীক্ষাকেইটাৰ কথা উনুকিয়াব পাৰি (এইক্ষেত্ৰত বিফল হৈছোঁ)। অথবা স্ফটিকৰ বৈদ্যুতিক ধৰ্মবোৰ আন্তঃপাৰমাণৱিক বলৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল, বিদ্যুৎলেপন দিয়া ধাতুৰ দণ্ডক কেনেদৰে প্লাষ্টিকৰ সৈতে লিপিট খুৱাব পাৰি (ৰেডিঅ'ৰ নবৰ দৰে), ইউৰেনিয়ামৰ পৰা কেনেদৰে নিউট্ৰনবোৰ বাহিৰ ওলাই আহে, কাঁচেৰে আবৃত ফিল্মত কেনেকৈ বিদ্যুৎচুম্বকীয় তৰংগৰ প্ৰতিফলন হয়, বিস্ফোৰণৰ সময়ত আকস্মিক তৰংগৰ উৎপত্তি, নিউট্ৰন গণকৰ (neutron counter) আৰ্হি, কিছুমান মৌলই কিয় L-কক্ষপথৰ পৰা ইলেকট্ৰন শোষণ কৰে কিন্তু K-কক্ষপথৰ পৰা নকৰে, কাগজ ভাঁজ কৰি কিদৰে এক বিশেষ ধৰণৰ শিশুৰ বাবে খেলনা সামগ্ৰী সাঁজিব পাৰি সেইসম্পৰ্কীয় সাধাৰণ তত্ত্ব (ইয়াক ‘ফ্লেক্সাগন’ বোলা হয়), পাতল নিউক্লিয়াছৰ শক্তিস্তৰ – ইত্যাদি বিভিন্ন বিষয়ত হাত দিছোঁ। ধুমুহাৰ গতি-প্ৰকৃতি সম্পৰ্কে চলোৱা গৱেষণাত সাফল্য নোহোৱাকৈ কেবাবছৰ পাৰ কৰিছোঁ। এইবোৰৰ লগতে কোৱান্টাম তত্ত্বৰ লগত জড়িত মহা মহা সমস্যাবোৰটো আছেই।
যদি আমি কিছু হ’লেও বৰঙণি আগবঢ়াব পাৰোঁ, তেনেক্ষেত্ৰত কোনোতো সমস্যাই সম্পূৰ্ণৰূপে সৰু বা সাধাৰণ নহয়।
তুমি কৈছা যে তুমি এজন অখ্যাত ব্যক্তি। তোমাৰ পত্নী আৰু সন্তানৰ বাবে তোমাৰ বিশেষ মূল্য নাই বুলি ভাবিছা। তোমাৰ ঘনিষ্ঠতম সহযোগীসকলৰ দৃষ্টিত তুমি বেছিদিন সেইধৰণে থাকিব নালাগে যদিহে তেওঁলোক তোমাৰ কাৰ্য্যালয়লৈ আহিলে তুমি তেওঁলোকৰ সৰু সৰু প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিব পাৰা। তুমি মোৰ দৃষ্টিত অখ্যাত বা গুৰুত্বহীন নহয়। নিজকে নিজে কেতিয়াও অখ্যাত বুলি নাভাবিবা। এনেদৰে ভবাটো অত্যন্ত দুখদায়ক কথা। এই পৃথিৱীত তোমাৰ প্ৰকৃত স্থানখন ভালদৰে চিনি লোৱা আৰু নিজকে সঠিকভাৱে মূল্যায়ন কৰা। এইক্ষেত্ৰত তোমাৰ ডেকাকালৰ অপঁইতা ধাৰণাবোৰ বাদ দিয়া আৰু তোমাৰ শিক্ষকবোৰৰ আদৰ্শ সম্পৰ্কে তোমাৰ ভ্ৰান্তিমূলক কাল্পনাখিনিও বাদ দিয়া।

অশেষ প্ৰীতি আৰু শুভেচ্ছা জনাই,
আন্তৰিকতাৰে,
ৰিচাৰ্ড পি. ফাইনমেন

বিষয়: নাৰী by মিতালী বৰ্মন

-দিল্লীৰ হোলি বৰ বেয়া পাওঁ৷ প্ৰায় দহ দিনমান আগৰ পৰা বেলুনত পানী বা ৰং মিহলি পানী ভৰাই ৰাষ্টাৰে চিনাকি-অচিনাকি যিয়েই যায় সকলো মানুহৰ গালৈ দলি মাৰে৷ গাত পানী ভৰ্তি বেলুন পৰাজনেহে বুজি পায় সেইটো আহি গাত লাগিলে কিমান চেংচেঙাই যায়৷ যন্ত্ৰণাখিনি কাটি কৰি থ’লেও বেলুনটো ফাটি যে কাপোৰ তিয়াই সেয়া আৰু বিৰক্তিকৰ৷ তাতে দিল্লীৰ উতনুৱাখিনিৰ লক্ষ্য আকৌ ছোৱালীবোৰ আৰু ছোৱালীৰ স্পৰ্শকাতৰ ঠাইবোৰ৷ যেন সেই ঠাইখিনিলৈ বেলুন এটা মাৰি ফুটাব পাৰিলেই জীৱনৰ লক্ষ্য পূৰ্ণ হয়, যেন বহুদিনীয়া হাবিয়াস পূৰ্ণ হয় সিহঁতৰ চকুৱে-মুখে সেই ভাব-ভংগী৷ মুঠৰ ওপৰত সিহঁতৰ বাবে ই এটা বিকৃত মানসিক প্ৰাপ্তি আৰু প্ৰশান্তি৷

(২)
মোৰ বান্ধবী আৰু মই প্ৰায়ে ভেলপুৰী খোৱা দোকানখনৰ মালিকজনৰ বয়স প্ৰায় ষাঠিৰ ওচৰা-উচৰি৷ সদায় চাফা বগা কূৰ্তা-পায়জামা পিন্ধে৷ আজিও আমি তালৈ গৈ তেখেতক ভেলপুৰী দিবলৈ কৈ দুয়োজনীয়ে কথা পাতি আছিলোঁ৷ কথাৰ মাজত ওলাল আচলতে হোলি কোন দিনা? কালিলৈ নে পৰহিলৈ? ক’লোঁ, “কালিলৈ হোলিকা দহন৷“ আমাৰ কথা শুনি থকা তেখেতে লগে লগে মাত দিলে, “ৱো ভি বুৰি বাত হেয়৷“ আমি দুয়ো অবাক হৈ তেখেতৰ মুখলৈ চালোঁ৷ তেখেতে আকৌ ক’লে, “হোলিকা এক ফিমেল থী৷ ঔৰতকো জলানা অচ্ছি বাত নহী হেয়৷ হাঁ, উচনে এক খতা কি থী৷ তো উচী কাৰণচে ইতনে চাল চে উচকো লোগ জলাতে আ ৰহে হে৷ তো অব বচ ভী কৰো৷ অউৰ কিতনা চজা দোগে উচে? ইতনে চাল চে তো জলতী আ ৰহী হে৷ অব চে বন্ধ হোনা চাহিয়ে৷“ আমি দুয়ো ভেলপুৰী লৈ ঘূৰি অহাৰ বাটত ক’লোঁ, “আধুনিক মনৰ মানুহ৷“

(৩)
সমাজত নাৰীৰ স্থান কি? নাৰীৰ স্থান পুৰুষৰ ভৰিৰ তলুৱাত নে হৃদয়ত? নাৰী পুৰুষৰ ভৰিৰ জোতা নে কান্ধত কান্ধ মিলাই, খোজত খোজ মিলাই আগুৱাই যোৱা সহযাত্ৰী? সমাজত নাৰী সুৰক্ষিত নে? দেখাক দেখি এইবোৰ প্ৰশ্ন মনলৈ আহিলেও আজিৰ সময়ত নাৰীৰ স্থান যথেষ্ট ভাল৷ সচৰাচৰ অহা এটা অভিযোগ, পুৰুষে নাৰীক শোষণ কৰে৷ কিন্তু নাৰীয়েও নাৰীক শোষণ কৰে৷ পুৰুষে যদি পুৰুষ হৈ নাৰীৰ সুবিধা লয়, এনে কিছুমান নাৰীও আছে যিয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়৷ কিছুমান এনে নাৰী আছে যিয়ে নিজে নাৰী হোৱাৰ বিনিময়ত স্বামী আৰু তেওঁৰ ঘৰখনৰ ওপৰত যৌতুক বিচৰাৰ মিছা অভিযোগ আনি আইনৰ সহায় লয়, টকা-পইচা সৰকায়৷ কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ বিনিময়ত নিজৰ অভীষ্ট সিদ্ধি নহ’লে বা নিজৰ অভীষ্ট পূৰ্ণ কৰিবলৈ পুৰুষ সহকৰ্মী বা যিকোনো পুৰুষৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ দি দিব পাৰে৷ যি ক্ষেত্ৰত নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়, তাত পুৰুষৰ স্থান ক’ত?

সাৰাংশ:
য’ত কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা লয় তাতেই নাৰীক সন্মান যচা সেই ভেলপুৰী বেচা মানুহজনো আছে৷ য’ত ষাঠিৰ দেওনা গৰকা বা গৰকিবলৈ যোৱা মানুহগৰাকীয়ে হোলিকা নাৰী আছিল বাবেই হোলিকা দহন বন্ধ হোৱা উচিত বুলি কয় তাতেই আকৌ হোলিৰ নামত উদণ্ড যুৱকবোৰে ছোৱালীৰ স্পৰ্শকাতৰ ঠাইলৈ পানীৰে ভৰা বেলুন মাৰি অমানুষিক আনন্দত উত্ৰাৱল হয়৷

স্বাস্থ্য::টেটু কি ? ইয়াৰ প্ৰয়োজনীয়তা আৰু সম্ভাব্য বিপদ সম্পৰ্কে জানিবলগীয়া by ডা° ভূপেন শইকীয়া

গাত টেটু কৰা মানুহ বিচাৰি আজিকালি আৰু হাবাথুৰি খাব নালাগে৷ ১৮ৰ পৰা ৩০বছৰ বয়সৰ প্ৰতি ৪জন ব্যক্তিৰ ভিতৰত এজনৰ (পুৰুষ মহিলা নিৰ্বিচাৰে) গাত টেটু দেখা যায়৷ ১৮শতিকাত ‘টেটু’ শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা হোৱা বুলি ঠাৱৰ কৰা হৈছে৷ ব্ৰিটিছ পৰিব্ৰাজক কেপ্তেইন জেমচ কুকে টাহিটি আৰু নিউজিলেণ্ডৰ যাত্ৰাৰ বৰ্ণনা কৰোতে টেটুৰ কথা উল্লেখ কৰিছে৷ জাপানী লোকসকলে পৰম্পৰাগতভাবে শৰীৰত অংকন কৰা চিত্ৰকলাক ‘হৰিমনো’ আৰু অনা-জাপানী চিত্ৰকলাক ‘টেটু’ আখ্যা দি আহিছিল৷ ১৯০০চনত অষ্ট্ৰেলিয়াৰ হেনৰি লিং ৰথে শৰীৰৰ ছালৰ ওপৰত অংকন কৰা চিহ্নৰ ৪টা প্ৰকাৰ নিৰূপিত কৰে৷ সেইকেইটা হ’ল-টেটু, ম’কো, চিকাট্ৰিচ আৰু কিলইড৷ ১৯শতিকাত জাপান দেশৰ চৰকাৰে সুদীৰ্ঘ ৭০বছৰ কাল (১৯৪৮চনলৈকে) টেটু নিষিদ্ধ কৰি ৰাখিছিল৷জাপানৰ বাণিজ্যিক নগৰী ওকাচাত ২০১২চনৰ পৰা সকলো ধৰণৰ টেটু নিষিদ্ধ কৰা হয়৷চীন দেশত অপৰাধীৰ গাত টেটু কৰি দিয়া হয় সেয়ে সেইদেশত টেটুক ভাল চকুৰে চোৱা নহয়৷ ৰোমান, ব্ৰিটিছ, নাজী,আমেৰিকা আদি বহুতেই এটা সময়ত যুদ্ধবন্দী বা অপৰাধীৰ শৰীৰত টেটু অংকিত কৰি দিছিল৷আকৌ নিজৰ ধৰ্মীয় পৰিচয় চিনাক্ত কৰিবলৈকো খ্ৰীষ্টান আৰু বৌদ্ধসকলে এটা সময়ত টেটু অংকিত কৰিছিল বুলি জনা যায়৷
প্ৰাচীনকালত ছালত টেটু অংকিত কৰিবলৈ বেজী বা জোঙা ধাৰ থকা সঁজুলি,ছাই,চিঞাহী বা আন ৰঙীন পদাৰ্থ ব্যৱহাৰ কৰাহৈছিল৷সেয়া স্বাস্থ্যসন্মত মুঠেই নাছিল৷ দিন বাগৰাৰ লগে লগে নানান অত্যাধুনিক সা-সৰঞ্জাম ইয়াৰ বাবে আবিষ্কৃত হ’ল৷ পুৰুষ-মহিলা উভয়ৰ মাজতেই টেটু কৰাৰ পেশাদাৰী লোক গঢ়লৈ উঠিল৷ টেটুৰ প্ৰতি সমাজৰ দৃষ্টিভংগীও সলনি হৈ আহিব ধৰিলে৷ তাৰ ফলত আজিকালি প্ৰফেচনেল লোকে টেটু কৰা ষ্টুডিঅ’ বিভিন্ন ডাঙৰ ডাঙৰ চহৰত স্থাপিত হ’ব ধৰিছে৷
টেটু কৰাবলৈ আগ্ৰহী লোকলৈ সতৰ্কবাণী:
যি কোনো শাৰীৰিক অসুস্থতাত ভূগি থকা সময়ত টেটু নকৰাব৷ টেটু কৰাবৰ কমেও ১২ঘন্টা আগৰ পৰা মদ আৰু এচপ্ৰিন সেৱন নকৰিব৷ মাত্ৰ এবাৰ ব্যৱহাৰ কৰা ডিচপজেবল বেজী আৰু ভালকৈ ষ্টেৰিলাইজড কৰা সৰঞ্জাম যাতে টেটু কৰোঁতে ব্যৱহৃত হয় সেই দিশলৈ চকু দিব৷
টেটুৱে সংঘটিত কৰিব পৰা বিপদসমূহ:
জীৱানুৰ সংক্ৰমন- টেটু কৰা সঁজুলি ভালদৰে বীজানুমুক্ত কৰা নহলে ছালৰ ভিতৰেদি শৰীৰলৈ নানাবিধ ৰোগ বিয়পিব পাৰে৷তাৰ ভিতৰত বিপদজনক কিছুমান হ’ল – হেপাটাইটিচ বি, হেপাটাইটিচ চি, এইচ আই ভি, টিবি, টিটেনাচ, ষ্টেফাইলোকক্কাচ বেক্টেৰিয়াৰ সংক্ৰমণ৷ টেটুৰ বাবে ব্যৱহাৰ কৰা চিঞাহীৰ মাধ্যমৰে অনিষ্টকাৰী বেক্টেৰিয়াই শৰীৰত প্ৰৱেশ কৰি চকু,হাওঁফাওঁ বা আন আন অংগৰ ক্ষতি সাধন কৰিব পাৰে৷ আকৌ টেটুৰ বাবে ব্যৱহাৰ কৰা ৰঙীন দ্ৰব্যৰ পৰাও কিছুমানৰ এলাৰ্জি হোৱা দেখা যায়৷ আনকি কিছুমান তেনে ৰং কৰা ৰাসায়নিক দ্ৰব্যৰ পৰা কেন্সাৰ হোৱাৰো সম্ভাৱনা থাকে৷ বহুতৰ আকৌ পৰৱৰ্তী সময়ত টেটু কৰা ঠাইত নানাধৰণৰ চৰ্মৰোগ (যেনে এক্সিমেটাচ ডাৰ্মেটাইটিচ,লুপাচ,গ্ৰেনুলমা, কেলইড, হাইপাৰকেৰাটচিচ, আদি) দেখা দিয়ে৷টেটু কৰোতে তেজৰ নলীত জখম কৰিলে হেমাটমা হ’ব পাৰে৷ লিম্ফৰ প্ৰণালীত প্ৰভাৱ পৰিলে গাঙঠি উঠিব পাৰে৷
টেটু কেনেকৈ আঁতৰাব ?
স্বাস্থ্যজনিত কাৰণত বা আইনৰ হেঁচাত পৰি টেটু আঁতৰাবলগীয়া হলে চৰ্মৰোগ বিশেষজ্ঞ বা প্লাষ্টিক চাৰ্জনৰ সহায় লোৱাটো ভাল৷ লেজাৰ, ক্ৰায়’চাৰ্জাৰী, স্কিনগ্ৰাফ্টিং আদিৰ সহায়ত টেটু আঁতৰ কৰিব পাৰি৷ ক’লা বৰণৰ টেটু অন্যান্য ৰঙীন টেটুৰ তুলনাত গুছাবলৈ কিছু সহজ ৷ টেটু গুছাবলৈ চেষ্টা কৰোতেও এলাৰ্জি বা পানীজ্বলা হ’ব পাৰে৷কেতিয়াবা ছাল সোতোৰা-সোতোৰ (Scaring) হ’ব পাৰে৷
মানুহে টেটু কিয় কৰে ?
ধৰ্মীয় বা গোষ্ঠীগত পৰিচয় বৰ্তাই ৰাখিবলৈ, সৌন্দৰ্য্যবৰ্ধন কৰিবলৈ, ছালৰ বগা বা ক’লা দাগ ঢাকি ৰাখিবলৈ, ওঁঠত বা চেলাউৰিত স্থায়ী ৰং বজাই ৰাখিবলৈয়ো বহুতে টেটুৰ আশ্ৰয় লয়৷আনকি বহুতে মূৰৰ চুলি বুজাবলৈয়ো টেটু অংকিত কৰে৷ আকৌ বহুতে মেডিকেল কাৰণত নিজৰ শৰীৰত টেটু কৰায়৷ তেনে লোক ডায়েবেটিজৰ বা এলঝাইমাৰৰ ভুক্তভোগী হ’ব পাৰে৷ডায়েবেটিজৰ ৰোগীয়ে ‘মই ইনচুলিন লোৱা লোক’ লিখাব পাৰে৷ আনহাতে স্মৃতি শক্তি কমা এলঝাইমাৰৰ ৰোগীৰ গাত নাম ঠিকনা লিখা থাকিব পাৰে৷অপৰাধী বা আন বন্দীৰ গাত টেটুৰ দাগ বহোৱাৰ কথা আগতে কোৱা হৈছেই৷

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

গৱেষণাৰ ক্ষেত্ৰখনত অসম বহু পিছ পৰি আছে, বিশেষকৈ কাৰিকৰী বিষয়ৰ গৱেষণাৰ বাবে অসমত বিশেষ সুবিধা নাই।ইয়াৰ লগতে বিদেশত গৱেষণা কৰিবলৈ সুবিধা নাপায় অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে। আই.আই.টি, এন.আই.টি আদি উচ্চ স্তৰৰ প্ৰতিষ্ঠানৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী বহু ছাত্ৰ-ছাত্ৰী সুবিধাৰ অভাৱৰ বাবেই যোগ্য কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হৈছে। অসমত কৰ্মসংস্থাপনৰ ছবিখন আৰু দুখ লগা।নিজৰ বিভাগৰ চাকৰি নাপাই উপাৰ্জনৰ খাতিৰতে যিকোনো ক্ষেত্ৰত কৰ্মসংস্থাপন লৈ হতাশাত ভুগে এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰী।কিন্তু এই সমস্যাৰ সমাধানৰ কথা চিন্তা কৰিছিল শিলচৰ এন.আই.টি.ত পঢ়ি থকা ইঞ্জিনিয়াৰিঙৰ এজন ছাত্ৰই।অসমৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত গৱেষণাৰ সুবিধা লাভ কৰে,সেই উদ্দেশ্য আগত ৰাখি তেইশ বছৰীয়া উদ্যমী ল'ৰা জনে নিজা প্ৰচেষ্টাত অসমত আৰম্ভ কৰিলে Edupacked নামৰ শৈক্ষিক প্ৰতিষ্ঠান। এই বছৰৰ মে মাহত এডুপেকডৰ ফালৰ পৰা প্ৰথম বাৰৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ওঠৰ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল বিশ্বৰ বিভিন্ন ঠাইৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে পঠিওৱা হ'ব।

এডুপেকডৰ জন্ম আৰু উদ্দেশ্য

এডুপেকডৰ জন্মদাতা যোৰহাটৰ প্ৰকাশ কুমাৰ সিঙ। প্ৰকাশ সিঙে শিলচৰ এন.আই.টি.ত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈ ইউ.কে.ৰ নৰ্থাম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল। পৰৱৰ্তী সময়ত গোৱাৰ Vedanta Limited নামৰ কম্পেনিত তিনি মাহ চাকৰি কৰি তেওঁ অসমলৈ আহি যোৰহাটত এডুপেকড স্থাপন কৰে। এন.আই.টি.ত তৃতীয় বৰ্ষ পঢ়ি থাকোতে তেওঁ বিদেশত ইন্টাৰ্নশ্বিপৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। তেওঁ কয়-'ইন্টাৰ্নশ্বিপৰ বাবে ২০০০ টা মেইল পঠিওৱাৰ পিচত সুবিধা পাইছিলো। তেতিয়া অনুভৱ কৰিছিলো যে অসমৰ ছাত্ৰ-ছাত্ৰী সকলে বিদেশত গৱেষণাৰ বাবে সুবিধা নাপায়। অসমত ৰিচাৰ্চৰ স্কপ নাই। ৰিচাৰ্চ ফিল্ডত একো এক্সপ'জাৰ নাপায়। বহুতে ডিগ্ৰী লৈ বহি আছে। সেয়ে মই অসমত গ্ল'বেল ৰিচাৰ্চ কম্পেনি আৰম্ভ কৰাৰ কথা চিন্তা কৰি ২০১৫ চনৰ আগষ্টত www.edupacked.com নামৰ ৱেবছাইট আৰম্ভ কৰিলো।'
'অসমৰ দৰে ঠাইত ৰিচাৰ্চ কম্পেনী এটা আৰম্ভ কৰাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান। প্ৰথমে বহু কষ্ট হৈছিল। আই.আই.টি, এন.আই.টি আদি প্ৰতিষ্ঠান সমূহলৈ গৈ এডভাৰটাইজ, ভিডিঅ' কনফাৰেন্স আদি কৰি ছাত্ৰ-ছাত্ৰী সকলক বুজাবলগীয়া হৈছিল। আনহাতে ফেলশ্বিপ ফাণ্ডিঙৰ বাবে আগশাৰীৰ কোম্পানিৰ লগত যোগাযোগ কৰিছিলো। জানুৱাৰী মাহত পাঁচজন ৰিচৰ্চ পাৰ্চন লৈ যোৰহাটত এটা কাৰ্যালয় আৰম্ভ কৰিলো। এন.আই.টি শিলচৰ, এন.আই.টি আগৰতলা, এন.আই.টি মেঘালয়, আই,আই,টি.গুৱাহাটী আদি প্ৰতিষ্ঠানত কেম্পাচ ইন্টাৰভিউ আৰু আমাৰ বিশেষ নিৰ্বাচন প্ৰক্ৰিয়াৰে ১৮ জন ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰি অহা মে মাহত প্ৰথমটো দল গৱেষণাৰ বাবে বিদেশলৈ পঠিয়াম।'
উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত এডুপেকডে Curtin University Malaysia, Curtin University Perth, University of Leeds, The University of Edinburgh School of Engineering, University of New Hampshire, Northumbia University ৰ লগত যোগাযোগ কৰি গৱেষণাৰ বাবে ছাত্ৰ-ছাত্ৰী পঠিওৱাৰ ব্যৱস্থা কৰিছে।পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, মালায়েছিয়া, ছিঙ্গাপুৰ, ইটালি, নিউজিলেণ্ড, এথেন্স আদিৰ আগশাৰীৰ বিশ্ববিদ্যালয়লৈ গৱেষণাৰ দল পঠিয়াওৱাৰ লক্ষ্য আগত ৰাখিছে। লিখিত পৰীক্ষা, ভাইভা আদি প্ৰক্ৰিয়াৰে নিৰ্বাচিত মেধাবী ছাত্ৰ-ছাত্ৰী সকলক ৪৫ দিনীয়া গৱেষণাৰ বাবে ৩.২ লাখ টকা আৰু অহা যোৱাৰ খৰচ বহন কৰিব এডুপেকডে। গৱেষণাত ভাল ফল দেখুওৱা ছাত্ৰ-ছাত্ৰী সকলে বিদেশৰ বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন প্ৰান্তৰ অট'ম'বাইল কম্পেনিত কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব।

এডুপেকডৰ টীম

এডুপেকডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য নিয়োগ বিষয়া হিচাপে আছে প্ৰকাশ কুমাৰ সিঙ, সভাপতি আৰু সঞ্চালক প্ৰধানৰ দায়িত্বত আছে ৰাজীৱ সিঙ, গৱেষণা, কাউন্সিলিঙ আদিৰ বাবে এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যাপক গেৰেথ হাৰিছন, হাৰ্ভাড বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবাৰ্ট জে উড, হেৰিয়ট ৱাট বিশ্ববিদ্যালয়ৰ অধ্যাপক য়াও চু লী,অষ্ট্ৰেলিয়াৰ স্কুল অৱ মেকানিকেল এণ্ড মেনুফেকচাৰিঙ ইঞ্জিনিয়াৰিঙ বিভাগৰ অধ্যাপক ড. ৰবাৰ্ট টেইলৰ, ৰবাৰ্ট গৰ্ডন বিশ্ববিদ্যালয়ৰ ড. জেমচ, অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ ইয়ান হাওৱাৰ্ডকে ধৰি ভিজিটিঙ ৰিচাৰ্চ এছচিয়েট এণ্ড পাৰ্টনাৰ হিচাপে বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক সকল জড়িত আছে।

এডুপেকডে ইঞ্জিনিয়াৰিঙ বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চ শিক্ষা আৰু আগশাৰীৰ প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ উদ্দেশ্য আগত ৰাখিছে। প্ৰথমে এন.আই.টি., আই.আই.টি. আদি প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক গৱেষণাৰ সুবিধা প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত অসম ইঞ্জিনিয়াৰিঙ কলেজ, গুৱাহাটী ইঞ্জিনিয়াৰিঙ কলেজ আৰু আগশাৰীৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক গৱেষণাৰ সুবিধা প্ৰদান কৰিব।
বৰ্তমান যোৰহাটত কাৰ্যালয় স্থাপনৰ লগতে ডিব্ৰুগড়, গোলাঘাট, গুৱাহাটীৰ পিছত সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যালয় স্থাপন কৰিব।এনেদৰেও অসমৰ বহু লৰা-ছোৱালীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলি প্ৰকাশ সিঙে জানিবলৈ দিয়ে।'আমি ইঞ্জিনিয়াৰিঙ আৰু মেনেজমেন্ট বেকগ্ৰাউণ্ডৰ ল'ৰা-ছোৱালীক কৰ্মসংস্থাপন দিম। মাৰ্চ মাহৰ পৰা আমাৰ নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হব। ইয়াৰ বাবে অসমৰ প্ৰায়বোৰ কাকততে আমি বিজ্ঞাপন দিম।'

ৰিনিৱেবল এনাৰ্জী লেব

গৱেষণা আৰু কৰ্মসংস্থাপনৰ লগতে এডুপেকডে এই দুই ক্ষেত্ৰতে প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি 'নৰ্থ ইষ্টাৰ্ন ৰিনিৱেবল এনাৰ্জী লেব' স্থাপনৰ উদ্যোগ হাতত লৈছে। বিশ্বৰ বিভিন্ন ৰিনিৱেবল এনাৰ্জী লেবৰ সৈতে সহযোগী হিচাপে এই লেবত ৰিনিৱেবল এনাৰ্জীৰ ক্ষেত্ৰত বিভিন্ন গৱেষণা কাৰ্য হ'ব যি গৱেষণাই শক্তি ক্ষেত্ৰত বিভিন্ন অৱদান আগবঢ়াব পাৰিব। ইয়াৰ লগতে এই ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে অসমতে থাকি গৱেষণা কাৰ্য কৰিব পাৰিব।
'যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰ আৰু উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি কেন্দ্ৰ (NEIST, Jorhat)ৰ সৈতে লগলাগি কিছুমান গৱেষণাৰ বাবে ছাত্ৰ-ছাত্ৰী নিয়োগ কৰিম।আনহাতে মে' মাহৰ পিছত আমি এটা এক্সচেঞ্জ প্ৰগ্ৰেম কৰিব বিচাৰোঁ।অসমৰ ছাত্ৰ-ছাত্ৰী বিদেশত গৱেষণাৰ বাবে যোৱাৰ লগতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ পৰা ছাত্ৰ-ছাত্ৰী অসমত গৱেষণাৰ বাবে আনিম। ইয়াৰ লগতে এপ্ৰিলৰ পৰা আৰম্ভ হবলগীয়া ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ সৈতে আমাৰ কম্পেনি পঞ্জীয়ন কৰিম।' প্ৰকাশ কুমাৰ সিঙে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে এনেদৰে মন্তব্য কৰে।

অসমৰ ছাত্ৰ-ছাত্ৰী সকলক গৱেষণা ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী কৰি উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ লগতে কৰ্মসংস্থাপনৰ বিভিন্ন বাট মুকলি কৰাৰ লক্ষ্য আগত লৈ আগবঢ়া এডুপেকডৰ এই ব্যতিক্ৰমী অভিযানে অসমৰ কাৰিকৰী ক্ষেত্ৰত জাগৰণ অনাই নহয়,অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধিৰ ক্ষেত্ৰত নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

নদীবান্ধ ভঙাৰ হুংকাৰ কিমান গ্ৰহণযোগ্য? - দীপাংকৰ মল্ল বৰুৱা

নামনি সোৱণশিৰিৰ নদীবান্ধটো হ’ব
লাগে নে নালাগে, এই
বিষয়টো এতিয়াও বিবদমান হৈ আছে।
বৃহৎ আকাৰৰ নদীবান্ধ এটাৰ
পৰা যে বিপদৰ আশংকা বেছি সেই
কথা সকলোৱে বুজি পায়। কিন্তু
প্ৰযুক্তিগত ভাৱে এটা বৃহৎ
নদীবান্ধ
কিমানখিনি নিশ্চয়তাৰে
সুৰক্ষিত বুলি দাবী কৰিব
পাৰি সেয়া নিশ্চয় বিশেষজ্ঞৰ
অধ্যয়নৰ বিষয়। তদুপৰি নদীবান্ধ
নিৰ্মাণৰ ফলত নদীখনৰ ভাৰসাম্যতাৰ
তাৰতম্যৰ ফলাফল আৰু
নামনি অঞ্চলৰ মানুহ আৰু জীৱ
জন্তুৰ ওপৰত পৰা প্ৰভাৱৰ
বিষয়ে অধ্যয়ন কৰিবলৈও
নিশ্চয়কৈ এই বিষয়ৰ বিশেষজ্ঞৰ
মতামতৰ প্ৰয়োজন আছে।

২০১১ চনৰ পৰা বিভিন্ন দল সংগঠনৰ
প্ৰতিবাদৰ বাবে কাম বন্ধ
হৈ থকা নামনি সোৱনশিৰি
জলবিদ্যুত উত্পাদন প্ৰকল্পটোৰ
ওপৰত এটা সিদ্ধান্ত লবলৈ ২০১৪ চনৰ
১০ ডিছেম্বৰত কেন্দ্ৰীয়
চৰকাৰে নদীবান্ধৰ
বিৰোধিতা কৰা ৩০ টা সংগঠনৰ
সৈতে বৈঠক অনুস্থিত কৰিছিল এই
বৈঠকত বান্ধটোৰ ওপৰত সিদ্ধান্ত
লবলৈ এখন বিশেষজ্ঞ সমিতি গঠন
কৰি সিছিল। এই বিশেষজ্ঞ সমিতিত
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ
উভয়ৰে চাৰিজনকৈ বিশেষজ্ঞ
আছে। বিশেষজ্ঞ সকলে এই
নদীবান্ধটোৰ ওপৰত পুংখানুপুংখ
ভাৱে অধ্যয়ন কৰিছে।
হয়তো অতি সোনকালেই
সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব।
ইতিমধ্যে বান্ধটোৰ
সপক্ষে প্ৰচাৰ অভিযানত
নামি পৰিছে এন এইচ পি চি।
বান্ধটোৰ সমৰ্থনত অনাতাৰ আৰু
দুৰদৰ্শন যোগে বিজ্ঞাপন প্ৰচাৰ
কৰিছে। এখন ভি চি ডি ছবিও
নিৰ্মাণ কৰাৰ বাতৰি আহিছে।
নিৰ্মাণৰ বাবে প্ৰয়োজনীয়
সামগ্ৰীৰ সৰবৰাহো আৰম্ভ কৰিছে।
বিশেষজ্ঞ সমিতিয়ে অধ্যয়ন
কৰি থকা সময়ত
কোম্পানীটোৱে এনে ধৰণে
সাধাৰণ মানুহক প্ৰভাৱিত
কৰিবলৈ কৰা চেষ্টা গ্ৰহণযোগ্য
নহয়।
এনে সময়ত অখিল গগৈয়ে তেওঁৰ
কেইজনমান সতীৰ্থৰ
সৈতে গেৰুকামুখলৈ গৈ
নিজাববীয়াকৈ বান্ধ
নিৰ্মাণস্থলী পৰিদৰ্শন
কৰি হুংকাৰ
দিছে যে বান্ধটো ভাঙি পেলাব
লাগিব। কাৰণ তেওঁৰ দৃষ্টিত
বান্ধটো এটা ‘জলবোমা’।

এইখিনিতে প্ৰশ্ন হৈছে –
১) বিশেষজ্ঞ
সমিতিয়ে নদীবান্ধটোৰ ওপৰত
অধ্যয়ন কৰি থকা সময়ত
এইদৰে বান্ধটো ভাঙি দিব
লাগে বুলি ঘোষণা কৰাৰ অধিকাৰ
অখিল গগৈক কোনে দিলে?
২) এদিন মাত্ৰ
পৰিদৰ্শনতে বান্ধটো এটা জলবোমা
বুলি ৰায় দিবলৈ অখিল গগৈৰ
কি কাৰিকৰী অৰ্হতা আছে?
৩) বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন
অহালৈ অখিল
গগৈয়ে অপেক্ষা কৰিব
নোৱাৰিলে কিয়? তেওঁ নিজেই
দাবী কৰিছিল যে বিশেষজ্ঞ
সমিতিৰ
সময়সীমা ছমাহলৈ ছমাহলৈ বঢ়াই দিব
লাগে। তেনেস্থলত হঠাতে ইমান
তত্পৰতাৰ ৰহস্য কি?
৪) ভাৰতীয়
জনতা পাৰ্টীয়ে অযোধ্যাৰ
বাবৰি মছজিদ ভাঙি দি আবেগৰ
জোৱাৰ সৃষ্টি কৰাৰ
সৰে নদীবান্ধ ভাঙি দি অখিল
গগৈয়ে ৰাজনৈতিক চমক দি আগন্তুক
নিৰ্বাচনত জয়ী হোৱাৰ সপোন
দেখিছে নেকি?

নদীবান্ধ অসমৰ ৰাইজৰ বাবে এক
ষ্পৰ্শকাতৰ বিষয়। অসমৰ উন্নয়নৰ
বাবে বিজুলী শক্তিৰ
যে প্ৰয়োজন সেই
কথা অনস্বীকাৰ্য। কিন্তু ৰাইজৰ
সুৰক্ষা বিঘ্নিত কৰি বান্ধ
নিৰ্মাণ হ’ব নোৱাৰে।
এতিয়া বিশেষজ্ঞ সমিতিৰ
প্ৰতিবেদনৰ ওপৰত সকলো নিৰ্ভৰ
কৰিছে। বিশেষজ্ঞ
সমিতিয়ে যদি প্ৰযুক্তিগত
ভাৱে আৰু সামাজিক প্ৰভাৱৰ দিশৰ
পৰা অধ্যয়ন কৰি বান্ধটোৰ
সপক্ষে ৰায় দিয়ে, সেই ৰায়
মুকলি মনেৰে গ্ৰহণ কৰিব লাগিব।
যদি বিশেষজ্ঞ
সমিতিয়ে বান্ধটো বিপদজনক
বুলি ৰায় দিয়ে,
তেনেহ’লে বান্ধটোৰ নিৰ্মাণ
যিকোনো মুল্যৰ বিনিময়ত বন্ধ হ’বই
লাগিব।

কিন্তু নদীবান্ধ নিৰ্মাণ
বিষয়টোত ৰায় দিয়াৰ অধিকাৰ
বিশেষজ্ঞ সমিতিৰ ওপৰত এৰিব
লাগিব। বিশেষজ্ঞ সমিতিৰ
প্ৰতিবেদনলৈ অপেক্ষা নকৰি
অখিল গগৈয়ে বান্ধ ভাঙি দিবই
লাগিব বুলি হুংকাৰ
দিয়াটো উচিত হৈছে জানো?