“মহিলা সবলীকৰণ” বোলা শব্দ- সমষ্টি অভিজাত ৰঙীন কাৰ্পেটৰ পৰা কেঁচা ঘাঁহনিলৈ নামি আহিব কেতিয়া ?

-পংকজজ্যোতি মহন্ত

গুৱাহাটীত পূৰ্ৱতে প্ৰায় পাঁচ
বছৰ আছিলোঁ,আৰু যোৱা এবছৰৰ
পৰা পুনৰ গুৱাহাটীতে আছোঁ।
কোৱা হয় যে মহানগৰীত সহজেই
সকলো ধৰণৰমানুহ পোৱা যায়;
কিন্তু
কালি আবেলিহে প্ৰথমবাৰৰ
বাবে এগৰাকী যুৱতীয়ে টেম্পো
চলাই যোৱা দেখা পালোঁ। মই
লৰালৰিকৈ জালুকবাৰী হৈ ISBTলৈ
গৈ আছিলোঁ। ঘূৰি আহিবলৈ মোৰ
দেৰি হৈ যাব বুলি ভাবিব
লগা নোহোৱা হ’লে মই
নামি গৈ যুৱতীগৰাকীৰ লগত
কথা পাতিলোঁহেঁতেন।
অন্ততঃ পৰিবেশটো কামোৰখোৱা
ধৰণৰ নোহোৱাকৈ ঠিক এক
সাক্ষাৎকাৰৰ ধৰণেৰেকথা-বতৰা,
বা লগে লগে নহ’লেও পিছত
কথা পাতিবলৈ অলপ সময়
বিচাৰিলোঁহেঁতেন। ইয়াৰ
জড়িয়তে তেওঁৰ চিন্তাধাৰা,
তেওঁৰ কল্পনা, তেওঁৰ
সমস্যা ইত্যাদিৰ কথা পাঠক-সমাজক
জনাব পাৰিলোঁহেতেন।

বহুতে এইটো এটা অদ্ভুত
চিন্তা বুলি ভাবিব। এনেধৰণৰ
“অদ্ভুত”
চিন্তা মাজে মাজে মনলৈ আহে। মই
থকা ঠাইতে এবাৰ এটা বাৰ
বছৰীয়ামানৰ
ল’ৰা দেখিছিলোঁ,তাৰ ঘৰত মাক-
দেউতাকৰ কাজিয়া, আৰু সি কাম
কৰি খায়। আৰু ওচৰ-পাজৰৰ ডাঙৰবোৰৰ
পাল্লাতপৰি সি সেই তেতিয়াই মদ
খাবলৈ আৰম্ভ কৰিছিল। ডাঙৰ ডাঙৰ
সমাজ-বিজ্ঞানীৰ
সাক্ষাৎকাৰলোৱাতকৈ তাৰ
সাক্ষাৎকাৰ এটা ল’লেহে সমাজৰ
বেছি কথা জানিবলৈ পোৱা যাব
বুলি মই ভাবিবলৈ লৈছিলোঁ।

যুৱতীগৰাকীৰ প্ৰতি মই কৌতূহল
অনুভৱ কৰাৰ কাৰণটো হ’ল— মই সদায়
ভাবোঁ যে— “মহিলা সবলীকৰণ”
বোলা সদায় কাৰ্পেটত
খোজকাঢ়ি থকা এই অভিজাত
শব্দসমষ্টি কেঁচা বা শুকান
ঘাঁহনিলৈ নতুবা বোকা বা
বালিয়া মাটিলৈ তেতিয়াহে
নামিআহিব যেতিয়া মহিলাই
ৰিক্সা চলাবলৈ আৰম্ভ কৰিব,
চিটিবাছৰ ড্ৰাইভাৰ
হিচাপে মহিলাকদেখা পোৱা যাব,
মহিলাই টেক্টৰ চলাবলৈ ল’ব,
চাকৰি কৰা মহিলাই
চাকৰি নোহোৱাঅৱস্থাত
থকা পুৰুষৰ লগতো বিয়াত
বহিবলৈ বিচাৰিব
বা গিৰীয়েকতকৈ অধিক
দৰমহা পোৱামহিলাই হীনমন্যতাত
নুভুগিব.....।
তাহানি দিনত কু-
সংস্কাৰে বিশাক্ত সৰীসৃপৰ ৰূপ
লৈথকা অৱস্থাতে, ১৯০১ চনত
জন্মগ্ৰহণ
কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে
চাইকেল চলাবলৈ লৈছিল।
তেখেতেই হেনো চাইকেল
চলোৱা প্ৰথমগৰাকী অসমীয়া
মহিলা। কিন্তু, আজি ২০১৪
চনতো আমি চিটিবাছৰ ড্ৰাইভাৰ
হিচাপে এগৰাকীও
মহিলা নেদেখোঁ কিয় !!

এই সকলো কথাতে মহিলাক
আটাইতকৈ বেছিগ্ৰাস
কৰি ৰাখিছে মহিলাই নিজে।
আজিকালি ঘৰলৈ গ’লেই এষাৰ
কথা শুনিবলৈ পাওঁ—
“অমুকে কৈছে ল’ৰাৰ
চাকৰি হ’লে খবৰ দিবা; আমাৰ
ছোৱালী এজনী আছে”,
“তমুকে কৈছে ....।” ঘৰৰ
পৰা ক’ৰবালৈ ফুৰিবলৈ গ’লেও
একেধৰণৰ কথাকাণত পৰে। যেন
তেওঁলোকে ল’ৰাটোৰ লগত
বিয়া নিদিয়ে, চাকৰিটোৰ
লগতহে বিয়া দিব।
চাকৰি এটা হ’লে অলুগুটি-
টলুগুটি মাৰি তাৰে এগৰাকী
বিয়া কৰাই কেইমাহমানৰ
পাছতে চাকৰিটো এৰি দিলে কেনে
মজা লাগিব চাবৰ মন যায়
মাজে মাজে।
ডাঙৰৰ
সমুখতে এনেকুৱা কথা শুনোতে
পোৱা সামান্য লাজ আৰু মই
ভবাসেই কথাটোৰ পৰিপ্ৰেক্ষিতত
পোৱা সামান্য বিৰক্তিৰ
বাবে যেতিয়া কথাবোৰলৈ কাণ
নিদিয়াৰ নিচিনা কৰোঁ,
তেতিয়া ওলোটাই সোধে—
“নিজে চাই থোৱা আছে নেকি?
চালেও কিন্তু নিজতকৈ ওপৰৰ
নাচাব। সদায় নিজতকৈ তলৰ
ছোৱালী চাব লাগে,
তেতিয়াহে সুখ হয়।” সকলোৱে গম
পাইছেই চাগে— এই
কথাবোৰকোৱা প্ৰতিগৰাকীয়েই
মহিলা!! আৰু তেওঁলোক কিন্তু
অশিক্ষিত, নিৰক্ষৰ
বা গাঁৱলীয়া ভূতো নহয়। প্ৰায়
কেইগৰাকীয়েই অভিজাত, উচ্চ
ডিগ্ৰীধাৰী, চাকৰীজীৱি, আৰু
আন বহুতৰ ঈৰ্ষাৰপাত্ৰ হ’ব
পৰা মহিলা.....।
আন এক ধৰণৰ কাহিনীও
দেখিবলৈ পাওঁ
শাৰিৰীকভাৱে সুন্দৰী অথচ মনৰ
সৌন্দৰ্যহীনতাৰ বাবে শাৰিৰীক
সৌন্দৰ্যকে লৈ অহংকাৰী হৈ উঠা
যুৱতীসকলৰ ক্ষেত্ৰত।
তেনে যুৱতীক আকৰ্ষিত
কৰিবলৈ তেওঁৰ
নলেগলে লগা যুৱতীসকলৰ লগত
কিছুমান যুৱকে বন্ধুত্ব
গঢ়ি তোলে, আৰু সেই নিৰ্দিষ্ট
যুৱতীগৰাকীক
যুৱকজনে উপেক্ষা কৰি থাকে।
অৱশেষত লগৰকেইজনীৰ প্ৰতি ঈৰ্ষিত
হৈ যুৱতীগৰাকী যুৱকজনৰ প্ৰেমত
পৰি যায়। বিবেচনা আৰু
দায়িত্ববোধেৰে আগবাঢ়িব
নোৱাৰা এনে যুৱতীসকলে এনেদৰেই
এক মানসিক দাসত্বৰ গ্ৰাসত পৰি ৰয়।
এনে হ’ব
নোৱাৰে বুলি কেতিয়াবা অচৰিত
হওঁ, আৰু কেতিয়াবা তৰ্ক কৰোঁ;
কিন্তুএই কৌশলেৰেই
আগবাঢ়ি যেতিয়া সেইসকল
যুৱকে তেওঁলোকৰ “প্ৰেম”ত
সফলতা প্ৰমাণিত কৰে,
তেতিয়া নিমাতে ৰোৱাৰ
বাহিৰে আন উপায় নাথাকে।
বাৰ্ট্ৰাণ্ড ৰাছেলেও কৈছিল—
তেখেতে বহু
সন্মানকৰা বহুতো যুৱতীক,
তেখেতে অকণো সন্মান কৰিব
নোৱাৰা কিছুমান যুৱকেই
অনায়াসে প্ৰেমত পেলাব
পাৰিছিল।
তেখেতে কি ধৰণে কথাটো কৈছিল
অলপ পাহৰিছোঁ, কিতাপখন
এতিয়া হাততে নাই; বাৰু
যি কি নহওক, এনে কিবা কৌশলেৰেই
হয়তো তেওঁলোক সফল হৈছিল।
পিছে সংখ্যাত কম হ’লেও—
অতি গৌৰৱৰ কথা যে— সু-সচেতন,
প্ৰকৃত বিবেচনা-বুদ্ধি সম্পন্ন,
দূৰদৰ্শী আৰু দায়ীত্ববোধ
সম্পন্ন কিছুসংখ্যক
যুৱতী বা মহিলা আমি বন্ধু, অগ্ৰজ
বা অনুজ হিচাপে লাভ
কৰিবলৈ সক্ষম হওঁ।
ডক্টৰেট লাভৰ
বাবে গৱেষণা কৰি থকা এজন যুৱকৰ
প্ৰেয়সীগৰাকীয়ে MBA
ডিগ্ৰী লৈ বহু হাজাৰ
টকীয়া দৰমহা পোৱা চাকৰি এটা
পোৱাৰ পাছত সামান্য
সংঘাতে দেখা দিছিল...।
কিন্তু ল’ৰাজনে সেই JRF ৰ
টকাকেইটা পাই থকা অৱস্থাতে,
যুৱতীগৰাকীয়ে বহু
হাজাৰটকীয়া দৰমহা পোৱা সত্বেও
তেওঁৰ লগতে বিয়াত
বহিবলৈ সিদ্ধান্ত লৈছিল।
এনেকুৱা ছয়-সাতটো উদাহৰণ
দেখিছোঁ, কিন্তু ৫০, ৬০,.... সৰহভাগ
উদাহৰণত দেখা যায়, পুৰণা যুৱকজনক
এৰি অধিক দৰমহা পোৱা এজনৰ
লগতহে যুৱতীগৰাকী বিয়াত বহে।
এইয়াও তেওঁলোকৰ এক দাসত্বৰ
মনোভাৱেই নেকি?
দান দি আনক সহায় কৰি অধিক সময়
কটোৱাসকলতকৈ আনক ঠগি অধিক ধন
ঘটাত সময় কটোৱাসকলৰ প্ৰতি সৰহভাগ
মহিলা অধিক আকৰ্ষিত
হোৱা দেখা যায়।
এনেমানসিকতা নথকা মহিলাও আছে,
কিন্তু নগণ্য সংখ্যক।
এনে মহিলাৰ সংখ্যা যদি সমাজত
বৃদ্ধি নহয় তেন্তে মহিলাসকল
নিজেই সদায় “নিৰ্বলী”
হৈ থাকি যাব।
মাছাচুছেটচ ইনষ্টিটিউট অৱ
টেকন’লজি (MIT) ৰ
পৰা তিনিটা ডিগ্ৰী, হাৰ্ভাৰ্ড
বিজনেছ স্কুলৰ পৰা এম বি এ
ডিগ্ৰী লোৱা ছলমান
খানে (অভিনেতা ছলমান খান নহয়।
আনহাতে এই নামটো গৌতম প্ৰসাদ
বৰুৱাদেৱে “শালমানখান”
বুলি লিখিছিল, “আমাৰ অসম”ত।
কোনটো শুদ্ধ হ’ব নাজানোঁ।)
তেওঁৰ বিনামূলীয়া অনলাইন
শিক্ষা-ব্যৱস্থা “খান
একাডেমি”ৰ কামত
সম্পূৰ্ণৰূপে মনোনিৱেশ
কৰিবলৈ হেজ ফাণ্ড বিশ্লেষকৰ
লোভনীয় চাকৰিটো ত্যাগ কৰিছিল।
সেই সম্পৰ্কে পিছত বিল
গেটছে এষাৰ তাৎপৰ্যপূৰ্ণ
কথা কৈছিল— It was a good day his wife let
him quit his job. সেই সিদ্ধান্তত
সন্মতি জনোৱা তেওঁৰ পত্নীৰ
সম্পৰ্কে ছলমান খানে নিজেও
কৈছিল— “She saw where this was going. She
saw how much I enjoyed it.” ছলমান খানৰ
পত্নী উমাইলা মাৰ্ভি। ছলমান
খানে হাৰ্ভাৰ্ডৰপৰা এম বি এ
কৰি ওলোৱাৰ পাছত প্ৰথম লগ
পোৱা উমাইলা মাৰ্ভি নিজেও MIT
ৰডিগ্ৰীধাৰী আৰু এলবাৰ্ট
আইনষ্টাইন কলেজ অৱ মেডিচিনৰ
পৰা এম ডি ডিগ্ৰীধাৰী,
আৰুবৰ্তমান এগৰাকী আগশাৰীৰ
বিখ্যাত
চিকিৎসা বিশেষজ্ঞ।............
কিন্তু এনে মহিলা বিৰল
ব্যতিক্ৰম।
এনে ব্যতিক্ৰমী মহিলাৰ আৰু
কেইটামান উদাহৰণ মই নিজেও দিব
পাৰিম। কেইগৰাকীমান
বিশ্ববিখ্যাত, আৰু কেইগৰাকীমান
মই নিজে লগ পোৱা— ঠিক ধৰক
সাধাৰণ, অথচ অসাধাৰণ মহিলা...।
এইসকলৰ
বিষয়ে লিখিবলৈ পিছলৈ পৃষ্ঠা
ৰাখি থৈছোঁ।
আশা কৰোঁ সমাজত এনে মহিলাৰ
সংখ্যাবৃদ্ধি পাব....।
নহ’লে “মহিলা সবলীকৰণ”
শব্দসমষ্টিউচ্চাৰণ কৰি কোনোবাই
ৰাজনৈতিক কেৰিয়াৰ গঢ়াৰ
কথা ভাবিব, কোনোবাই টিভিৰ
পৰ্দাত ভুমুকি মাৰিব,
তাতকৈ বেছি একো নহয়.....।

“মহিলা সবলীকৰণ” বোলা শব্দ- সমষ্টি অভিজাত ৰঙীন কাৰ্পেটৰ পৰা কেঁচা ঘাঁহনিলৈ নামি আহিব কেতিয়া ?

-পংকজজ্যোতি মহন্ত

গুৱাহাটীত পূৰ্ৱতে প্ৰায় পাঁচ
বছৰ আছিলোঁ,আৰু যোৱা এবছৰৰ
পৰা পুনৰ গুৱাহাটীতে আছোঁ।
কোৱা হয় যে মহানগৰীত সহজেই
সকলো ধৰণৰমানুহ পোৱা যায়;
কিন্তু
কালি আবেলিহে প্ৰথমবাৰৰ
বাবে এগৰাকী যুৱতীয়ে টেম্পো
চলাই যোৱা দেখা পালোঁ। মই
লৰালৰিকৈ জালুকবাৰী হৈ ISBTলৈ
গৈ আছিলোঁ। ঘূৰি আহিবলৈ মোৰ
দেৰি হৈ যাব বুলি ভাবিব
লগা নোহোৱা হ’লে মই
নামি গৈ যুৱতীগৰাকীৰ লগত
কথা পাতিলোঁহেঁতেন।
অন্ততঃ পৰিবেশটো কামোৰখোৱা
ধৰণৰ নোহোৱাকৈ ঠিক এক
সাক্ষাৎকাৰৰ ধৰণেৰেকথা-বতৰা,
বা লগে লগে নহ’লেও পিছত
কথা পাতিবলৈ অলপ সময়
বিচাৰিলোঁহেঁতেন। ইয়াৰ
জড়িয়তে তেওঁৰ চিন্তাধাৰা,
তেওঁৰ কল্পনা, তেওঁৰ
সমস্যা ইত্যাদিৰ কথা পাঠক-সমাজক
জনাব পাৰিলোঁহেতেন।

বহুতে এইটো এটা অদ্ভুত
চিন্তা বুলি ভাবিব। এনেধৰণৰ
“অদ্ভুত”
চিন্তা মাজে মাজে মনলৈ আহে। মই
থকা ঠাইতে এবাৰ এটা বাৰ
বছৰীয়ামানৰ
ল’ৰা দেখিছিলোঁ,তাৰ ঘৰত মাক-
দেউতাকৰ কাজিয়া, আৰু সি কাম
কৰি খায়। আৰু ওচৰ-পাজৰৰ ডাঙৰবোৰৰ
পাল্লাতপৰি সি সেই তেতিয়াই মদ
খাবলৈ আৰম্ভ কৰিছিল। ডাঙৰ ডাঙৰ
সমাজ-বিজ্ঞানীৰ
সাক্ষাৎকাৰলোৱাতকৈ তাৰ
সাক্ষাৎকাৰ এটা ল’লেহে সমাজৰ
বেছি কথা জানিবলৈ পোৱা যাব
বুলি মই ভাবিবলৈ লৈছিলোঁ।

যুৱতীগৰাকীৰ প্ৰতি মই কৌতূহল
অনুভৱ কৰাৰ কাৰণটো হ’ল— মই সদায়
ভাবোঁ যে— “মহিলা সবলীকৰণ”
বোলা সদায় কাৰ্পেটত
খোজকাঢ়ি থকা এই অভিজাত
শব্দসমষ্টি কেঁচা বা শুকান
ঘাঁহনিলৈ নতুবা বোকা বা
বালিয়া মাটিলৈ তেতিয়াহে
নামিআহিব যেতিয়া মহিলাই
ৰিক্সা চলাবলৈ আৰম্ভ কৰিব,
চিটিবাছৰ ড্ৰাইভাৰ
হিচাপে মহিলাকদেখা পোৱা যাব,
মহিলাই টেক্টৰ চলাবলৈ ল’ব,
চাকৰি কৰা মহিলাই
চাকৰি নোহোৱাঅৱস্থাত
থকা পুৰুষৰ লগতো বিয়াত
বহিবলৈ বিচাৰিব
বা গিৰীয়েকতকৈ অধিক
দৰমহা পোৱামহিলাই হীনমন্যতাত
নুভুগিব.....।
তাহানি দিনত কু-
সংস্কাৰে বিশাক্ত সৰীসৃপৰ ৰূপ
লৈথকা অৱস্থাতে, ১৯০১ চনত
জন্মগ্ৰহণ
কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে
চাইকেল চলাবলৈ লৈছিল।
তেখেতেই হেনো চাইকেল
চলোৱা প্ৰথমগৰাকী অসমীয়া
মহিলা। কিন্তু, আজি ২০১৪
চনতো আমি চিটিবাছৰ ড্ৰাইভাৰ
হিচাপে এগৰাকীও
মহিলা নেদেখোঁ কিয় !!

এই সকলো কথাতে মহিলাক
আটাইতকৈ বেছিগ্ৰাস
কৰি ৰাখিছে মহিলাই নিজে।
আজিকালি ঘৰলৈ গ’লেই এষাৰ
কথা শুনিবলৈ পাওঁ—
“অমুকে কৈছে ল’ৰাৰ
চাকৰি হ’লে খবৰ দিবা; আমাৰ
ছোৱালী এজনী আছে”,
“তমুকে কৈছে ....।” ঘৰৰ
পৰা ক’ৰবালৈ ফুৰিবলৈ গ’লেও
একেধৰণৰ কথাকাণত পৰে। যেন
তেওঁলোকে ল’ৰাটোৰ লগত
বিয়া নিদিয়ে, চাকৰিটোৰ
লগতহে বিয়া দিব।
চাকৰি এটা হ’লে অলুগুটি-
টলুগুটি মাৰি তাৰে এগৰাকী
বিয়া কৰাই কেইমাহমানৰ
পাছতে চাকৰিটো এৰি দিলে কেনে
মজা লাগিব চাবৰ মন যায়
মাজে মাজে।
ডাঙৰৰ
সমুখতে এনেকুৱা কথা শুনোতে
পোৱা সামান্য লাজ আৰু মই
ভবাসেই কথাটোৰ পৰিপ্ৰেক্ষিতত
পোৱা সামান্য বিৰক্তিৰ
বাবে যেতিয়া কথাবোৰলৈ কাণ
নিদিয়াৰ নিচিনা কৰোঁ,
তেতিয়া ওলোটাই সোধে—
“নিজে চাই থোৱা আছে নেকি?
চালেও কিন্তু নিজতকৈ ওপৰৰ
নাচাব। সদায় নিজতকৈ তলৰ
ছোৱালী চাব লাগে,
তেতিয়াহে সুখ হয়।” সকলোৱে গম
পাইছেই চাগে— এই
কথাবোৰকোৱা প্ৰতিগৰাকীয়েই
মহিলা!! আৰু তেওঁলোক কিন্তু
অশিক্ষিত, নিৰক্ষৰ
বা গাঁৱলীয়া ভূতো নহয়। প্ৰায়
কেইগৰাকীয়েই অভিজাত, উচ্চ
ডিগ্ৰীধাৰী, চাকৰীজীৱি, আৰু
আন বহুতৰ ঈৰ্ষাৰপাত্ৰ হ’ব
পৰা মহিলা.....।
আন এক ধৰণৰ কাহিনীও
দেখিবলৈ পাওঁ
শাৰিৰীকভাৱে সুন্দৰী অথচ মনৰ
সৌন্দৰ্যহীনতাৰ বাবে শাৰিৰীক
সৌন্দৰ্যকে লৈ অহংকাৰী হৈ উঠা
যুৱতীসকলৰ ক্ষেত্ৰত।
তেনে যুৱতীক আকৰ্ষিত
কৰিবলৈ তেওঁৰ
নলেগলে লগা যুৱতীসকলৰ লগত
কিছুমান যুৱকে বন্ধুত্ব
গঢ়ি তোলে, আৰু সেই নিৰ্দিষ্ট
যুৱতীগৰাকীক
যুৱকজনে উপেক্ষা কৰি থাকে।
অৱশেষত লগৰকেইজনীৰ প্ৰতি ঈৰ্ষিত
হৈ যুৱতীগৰাকী যুৱকজনৰ প্ৰেমত
পৰি যায়। বিবেচনা আৰু
দায়িত্ববোধেৰে আগবাঢ়িব
নোৱাৰা এনে যুৱতীসকলে এনেদৰেই
এক মানসিক দাসত্বৰ গ্ৰাসত পৰি ৰয়।
এনে হ’ব
নোৱাৰে বুলি কেতিয়াবা অচৰিত
হওঁ, আৰু কেতিয়াবা তৰ্ক কৰোঁ;
কিন্তুএই কৌশলেৰেই
আগবাঢ়ি যেতিয়া সেইসকল
যুৱকে তেওঁলোকৰ “প্ৰেম”ত
সফলতা প্ৰমাণিত কৰে,
তেতিয়া নিমাতে ৰোৱাৰ
বাহিৰে আন উপায় নাথাকে।
বাৰ্ট্ৰাণ্ড ৰাছেলেও কৈছিল—
তেখেতে বহু
সন্মানকৰা বহুতো যুৱতীক,
তেখেতে অকণো সন্মান কৰিব
নোৱাৰা কিছুমান যুৱকেই
অনায়াসে প্ৰেমত পেলাব
পাৰিছিল।
তেখেতে কি ধৰণে কথাটো কৈছিল
অলপ পাহৰিছোঁ, কিতাপখন
এতিয়া হাততে নাই; বাৰু
যি কি নহওক, এনে কিবা কৌশলেৰেই
হয়তো তেওঁলোক সফল হৈছিল।
পিছে সংখ্যাত কম হ’লেও—
অতি গৌৰৱৰ কথা যে— সু-সচেতন,
প্ৰকৃত বিবেচনা-বুদ্ধি সম্পন্ন,
দূৰদৰ্শী আৰু দায়ীত্ববোধ
সম্পন্ন কিছুসংখ্যক
যুৱতী বা মহিলা আমি বন্ধু, অগ্ৰজ
বা অনুজ হিচাপে লাভ
কৰিবলৈ সক্ষম হওঁ।
ডক্টৰেট লাভৰ
বাবে গৱেষণা কৰি থকা এজন যুৱকৰ
প্ৰেয়সীগৰাকীয়ে MBA
ডিগ্ৰী লৈ বহু হাজাৰ
টকীয়া দৰমহা পোৱা চাকৰি এটা
পোৱাৰ পাছত সামান্য
সংঘাতে দেখা দিছিল...।
কিন্তু ল’ৰাজনে সেই JRF ৰ
টকাকেইটা পাই থকা অৱস্থাতে,
যুৱতীগৰাকীয়ে বহু
হাজাৰটকীয়া দৰমহা পোৱা সত্বেও
তেওঁৰ লগতে বিয়াত
বহিবলৈ সিদ্ধান্ত লৈছিল।
এনেকুৱা ছয়-সাতটো উদাহৰণ
দেখিছোঁ, কিন্তু ৫০, ৬০,.... সৰহভাগ
উদাহৰণত দেখা যায়, পুৰণা যুৱকজনক
এৰি অধিক দৰমহা পোৱা এজনৰ
লগতহে যুৱতীগৰাকী বিয়াত বহে।
এইয়াও তেওঁলোকৰ এক দাসত্বৰ
মনোভাৱেই নেকি?
দান দি আনক সহায় কৰি অধিক সময়
কটোৱাসকলতকৈ আনক ঠগি অধিক ধন
ঘটাত সময় কটোৱাসকলৰ প্ৰতি সৰহভাগ
মহিলা অধিক আকৰ্ষিত
হোৱা দেখা যায়।
এনেমানসিকতা নথকা মহিলাও আছে,
কিন্তু নগণ্য সংখ্যক।
এনে মহিলাৰ সংখ্যা যদি সমাজত
বৃদ্ধি নহয় তেন্তে মহিলাসকল
নিজেই সদায় “নিৰ্বলী”
হৈ থাকি যাব।
মাছাচুছেটচ ইনষ্টিটিউট অৱ
টেকন’লজি (MIT) ৰ
পৰা তিনিটা ডিগ্ৰী, হাৰ্ভাৰ্ড
বিজনেছ স্কুলৰ পৰা এম বি এ
ডিগ্ৰী লোৱা ছলমান
খানে (অভিনেতা ছলমান খান নহয়।
আনহাতে এই নামটো গৌতম প্ৰসাদ
বৰুৱাদেৱে “শালমানখান”
বুলি লিখিছিল, “আমাৰ অসম”ত।
কোনটো শুদ্ধ হ’ব নাজানোঁ।)
তেওঁৰ বিনামূলীয়া অনলাইন
শিক্ষা-ব্যৱস্থা “খান
একাডেমি”ৰ কামত
সম্পূৰ্ণৰূপে মনোনিৱেশ
কৰিবলৈ হেজ ফাণ্ড বিশ্লেষকৰ
লোভনীয় চাকৰিটো ত্যাগ কৰিছিল।
সেই সম্পৰ্কে পিছত বিল
গেটছে এষাৰ তাৎপৰ্যপূৰ্ণ
কথা কৈছিল— It was a good day his wife let
him quit his job. সেই সিদ্ধান্তত
সন্মতি জনোৱা তেওঁৰ পত্নীৰ
সম্পৰ্কে ছলমান খানে নিজেও
কৈছিল— “She saw where this was going. She
saw how much I enjoyed it.” ছলমান খানৰ
পত্নী উমাইলা মাৰ্ভি। ছলমান
খানে হাৰ্ভাৰ্ডৰপৰা এম বি এ
কৰি ওলোৱাৰ পাছত প্ৰথম লগ
পোৱা উমাইলা মাৰ্ভি নিজেও MIT
ৰডিগ্ৰীধাৰী আৰু এলবাৰ্ট
আইনষ্টাইন কলেজ অৱ মেডিচিনৰ
পৰা এম ডি ডিগ্ৰীধাৰী,
আৰুবৰ্তমান এগৰাকী আগশাৰীৰ
বিখ্যাত
চিকিৎসা বিশেষজ্ঞ।............
কিন্তু এনে মহিলা বিৰল
ব্যতিক্ৰম।
এনে ব্যতিক্ৰমী মহিলাৰ আৰু
কেইটামান উদাহৰণ মই নিজেও দিব
পাৰিম। কেইগৰাকীমান
বিশ্ববিখ্যাত, আৰু কেইগৰাকীমান
মই নিজে লগ পোৱা— ঠিক ধৰক
সাধাৰণ, অথচ অসাধাৰণ মহিলা...।
এইসকলৰ
বিষয়ে লিখিবলৈ পিছলৈ পৃষ্ঠা
ৰাখি থৈছোঁ।
আশা কৰোঁ সমাজত এনে মহিলাৰ
সংখ্যাবৃদ্ধি পাব....।
নহ’লে “মহিলা সবলীকৰণ”
শব্দসমষ্টিউচ্চাৰণ কৰি কোনোবাই
ৰাজনৈতিক কেৰিয়াৰ গঢ়াৰ
কথা ভাবিব, কোনোবাই টিভিৰ
পৰ্দাত ভুমুকি মাৰিব,
তাতকৈ বেছি একো নহয়.....।

আখল ঘৰ

কাপ কেক্ ( Muffin)
……………………………
(ৰুমঝুম শইকীয়া)

প্ৰয়োজনীয় সামগ্ৰীঃ

ডাঙৰ কণী-৬টা৷
চেনি - টেবুল চামুচেৰে ৮ চামুচ৷
ৰিফাইন তেল বা মাখন- প্ৰায় ২০০
গ্ৰাম৷
ময়দা- টেবুল চামুচেৰে ভৰ্তি ৬
চামুচ৷
বেকিং পাউদাৰ- চাহ চামুচৰ
ভৰ্তি ১ চামুচ৷
কাজু, পিষ্টা আদি আৰু চকলেট
সৰুসৰুকৈ কুটি ল'ব লগত কেইটামান
কিচ্ মিচ |

ৰন্ধন প্ৰণালীঃ

প্ৰখমে কণী আৰু চেনি একেলগ
কৰি সম্পূৰ্ণ
মিলি নোযোৱালৈকে ফেটি
খাকিব৷তাৰপিচত ৰিফাইন
বা মাখনখিনি দি পুনৰ ৪-৫
মিনিটমান ভালদৰে ফেটি লব৷শেষত
ময়দা আৰু বেকিং পাউদাৰ
দি গোটেই মিশ্ৰণ খিনি ৬-৭
মিনিটমান ভালদৰে ফেটি কোমল
কৰি লব৷এতিয়া অভেনটো ৪
মিনিটমান নিয়মীয়া তাপত গৰম
কৰি ল'ব ৷ এলুমিনিয়াম ফয়লৰ ১০টা বাটিত
মিশ্ৰণখিনি সমান জোখত দি যাব ৷
প্ৰতিটো বাটিত
কাজু,পিষ্টা চক্ লেটৰ
টুকুৰা আৰু কিচমিচ দি সজাব৷
অভেন সম্পূৰ্ণ গৰম হৈ থাকোতেই
বাটিকেইটা অ'ভেনত ভৰাই ৬
মিনিটমান নিয়মীয়া জোখৰ
উত্তাপত কেক্ হ'বলৈ দিব৷
ফুলি উঠি পাতল ৰঙচুৱা যেন
দেখা পালে উলিয়াই নমাই থব ৷

এইবিধ কেক্ সাধাৰণতে সকলোৱেই
ঘৰত বনায়৷মন কৰিব এই কেক্
মাইক্ৰঅভেনত নিদি অ'টিজিত বনাব |

বিকাশ আয়োগৰ প্ৰস্তাৱঃ অপ্ৰাসংগিক হৈ পৰিছে নেকি পৰিকল্পনা আয়োগ?

(প্রাণজিৎ লহকৰ)

লাল-কিল্লাৰ
পৰা স্বাধীনতা দিৱসৰ ভাষণত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
মোদীয়ে এখন বিকাশ আয়োগ গঠনৰ
কথা ঘোষণা কৰিছিল।
পৰিকল্পনা আয়োগৰ ঠাই লব
লগীয়া এই বিকাশ আয়োগৰ গঠনৰ
প্ৰয়োজনীয়তাৰ অনুভৱে,
পৰিকল্পনা আয়োগ ক্ৰমাত
অপ্ৰাসংগিক হৈ পৰিছে নেকি,
সেই প্ৰশ্নৰেই অৱতাৰণা কৰিছে।
আচলতে সময়ৰ লগত খোজ
মিলাবলৈ সকলো স্তৰতে পৰিবৰ্তন
দৰকাৰ। পৰিকল্পনা আয়োগো ইয়াৰ
ব্যতিক্ৰম নিশ্চয়কৈ নহয়।
সেইবাবে পৰিকল্পনা আয়োগৰ
পুনঃ প্রতিষ্ঠাৰ প্রয়োজন।
পুনঃ প্রতিষ্ঠাৰ কাৰণ দুই ধৰণৰ।
প্রথম কাৰণ, প্রতিষ্ঠানটিক অধিক
সাৰ্থক কৰিবলৈ। দ্বিতীয়তে ইয়াৰ
বুনিয়াদী কামকাজ। যি মুখ্য
উদ্দেশ্যত পৰিকল্পনা আয়োগ গঠিত
হৈছিল, সেই উদ্দেশ্য সফল কৰিব
হৈছেনে? নে উদ্দেশ্য
পৰা ফালৰি কাটিছে আয়োগে? এই
আলোচনাটিত তাকেই সেই প্ৰশ্ন
সমূহৰ উত্তৰেই পোৱাৰ
চেষ্টা কৰিম।
প্রাসংগিকতাঃ
ভাৰতৰ দৰে উন্নয়নশীল দেশৰ
বাবে পৰিকল্পনা আয়োগ যিমান
গুৰুত্বপূৰ্ণ, বৰ্তমান সময়ৰ জটিল
অৰ্থনীতিত আয়োগখনে সঠিক খোজ
দিছেনে? এইয়া এক গুৰুত্বপূৰ্ণ
প্রশ্ন। বহু গণ্য-মান্য
ব্যত্তি পৰিকল্পনা আয়োগৰ লগত
জড়িত। গঠন হোৱা দিনৰে পৰা,
অৰ্থাৎ জৱাহৰলাল নেহৰুৰ সময়ৰ পৰাই
প্রতিজন প্রধানমন্ত্ৰী এই আয়োগৰ
অধ্যক্ষ হৈ আহিছে।
আকৌ উপাধ্যক্ষজনক
চৰকাৰে নিয়োগ কৰাৰ নিয়ম।
সাধাৰণতে উপাধ্যক্ষ
গৰাকী স্বনামধন্য অৰ্থনীতিবিদ
অথবা প্রভাৱশালী ৰাজহুৱা
ব্যক্তিৰ পৰা নিৰ্বাচন কৰা হয়।
যাৰ মৰ্যাদা কেবিনেট মন্ত্ৰীৰ
সমপৰ্যায়ৰ। এতিয়ালৈ উপাধ্যক্ষ
পদত কাৰ্যনিবাহ
কৰি আহিছে গুলজাৰিলাল নন্দা,
ভি টি কৃষ্ণমাচাৰী,
চি সুব্রমণিয়ম, পি এন হাকছাৰ,
মনমোহন সিং, প্রণৱ মুখাৰ্জী,
কে চি পন্ত, যশৱন্ত সিং, মধু
দণ্ডাৱটে, মোহন ধাৰিয়া আৰু আৰ
কে হেগড়েৰ দৰে বিশিষ্ট লোক
সকলে। শেহতীয়াকৈ এই পদত আছিল
মণ্টেক সিং আলুৱালিয়া।
পিছে এইবছৰৰ মে' মাহৰ ২৬ তাৰিখেই
তেখেতে অব্যাহতি ললে।
তেতিয়াৰ পৰাই আয়োগত এই
পদটি খালী হৈ আছে।
প্রধানত পৰিকল্পনা আয়োগৰ কাম
তিনিটা। প্রথম গুৰুত্বপূৰ্ণ
কামটো হ'ল আয়োগে দেশৰ
পাচঁবছৰীয়া অৰ্থনীতি
পৰিকল্পনাখন প্রস্তুত কৰে।
কোনটো শিতানত অধিক গুৰুত্ব
দিয়া হব, কোনটো শিতানৰ অধিক
উন্নয়নৰ দৰকাৰ, এই সকলোবোৰ
পৰ্যালোচনা কৰে পৰিকল্পনা
আয়োগে। দ্বিতীয়তে ৰাজ্যবোৰৰ
আৱশ্যকয়ী শিতান বোৰৰ
বাবে পুঁজি মোকোলাই
দিয়ে পৰিকল্পনা আয়োগে।
আচলতে ৰাজ্যবোৰে কেৱল নিজৰ
উৎসৰ পৰা ৰাজ্যৰ বছৰেকীয়া ব্যয়
মিলাব নোৱাৰে।
সেইহে কেন্দ্রীয় চৰকাৰে কৰৰ ভাগ
ৰাজ্যবোৰক দিয়াৰ
ব্যৱস্থা কৰিছে।
প্রতি ৫ বছৰে একোটা বিত্ত আয়োগ
গঠন কৰিবলৈ সংবিধানৰ অনুচ্ছেদ
২৮০ আৰু ২৮১ ব্যৱস্থা কৰা হৈছে।
এতিয়ালৈ ১৩ টা বিত্ত আয়োগ
(১৯৫০-২০১৫) গঠন কৰা হৈছে। এই ১৩
টা বিত্ত আয়োগৰ প্রতিবেদনত
আছে যে ভাগ কৰিবলগীয়া কৰৰ
পৰা ব্যয় বাদ দি যিখিনি ধন
কেন্দ্রীয় চৰকাৰে আহৰণ কৰিব,
তাৰে ৩২% ধন ৰাজ্যবোৰক দিয়া হব
(হিচাপমতে অসমে ৩.৬২৮% পাব)।

তৃতীয়তে পৰিকল্পনা আয়োগে
বিধিবদ্ধ ভাৱে চৰকাৰৰ বিভিন্ন
আঁচনি প্রস্তত কৰে। যিবোৰ চৰকাৰৰ
বিভাগ বোৰে মূল্যায়ন কৰে।
উন্নয়ণৰ প্রথম খোজ
১৯৫০ চনত কেন্দ্রীয় চৰকাৰৰ
প্রস্তাৱমৰ্মে পৰিকল্পনা আয়োগ
গঠিত হৈছিল। ছোভিয়েট ইউনিয়নৰ
আৰ্হিত ৰাজহুৱা খণ্ডক সহায়
কৰিবলৈ এই আয়োগ গঠিত হৈছিল।
বিওিয় নীতি নিৰ্ধাৰণ কৰাৰ
বাবে আয়োগে পঞ্চবাৰ্ষিক
পৰিকল্পনা কৰি আহিছে।
এতিয়ালৈ ১২ টা পঞ্চবাৰ্ষিক
পৰিকল্পনা কৰা হৈছে। প্রথম
ছটা পৰিকল্পনাত ৰাজহুৱা খণ্ডক
শত্তিশালী কৰিবলৈ বিশেষ
গুৰুত্ব প্রদান কৰি আহিছে।
কিন্তু নৱম পঞ্চবাৰ্ষিক
পৰিকল্পনাত ব্যক্তিগত খণ্ডক
অধিক গুৰুত্ব প্রদান কৰিব ধৰে।
কাৰণ গোলকীয় অৰ্থনীতিৰ দ্রুত
পৰিবৰ্তন আৰু
অৰ্থনীতি উদাৰীকৰণ। ইয়াৰ ফলত
ব্যক্তিগত খণ্ডলৈ বিনিয়োগ
বৃদ্ধি হব ধৰে। ব্যক্তিগত
মালিকাধীন প্রতিষ্ঠানৰ দ্রুত
অগ্রগতি ফলত দেশৰ অৰ্থনীতিয়েও
দ্রুত গতি লাভ কৰে।
কিন্তু দীৰ্ঘকালীন আঁচনি বোৰক
লৈ সমস্যা দেখা দিয়া গৈছে। ফলত
পৰিকল্পনা আয়োগৰ
এনে দীৰ্ঘকালীন আঁচনিবোৰকলৈও
বিৰ্তকৰ সূত্ৰপাত হবলৈ ধৰিছে।
আকৌ ৰাজ্যবোৰেও কেন্দ্রীয়
চৰকাৰৰ নিৰ্দেশমতে আঁচনিৰ
ৰূপায়ণ আৰু ধন ব্যয় কৰাত
অসুবিধা সন্মুখীন হোৱাৰ
বিষয়টোও নুই কৰিব নোৱাৰা।
ৰাজ্যবোৰেও নিজা কৰ্তৃত্ব
দাবী কৰিব ধৰিছে।
পৰিকল্পনা আয়োগৰ সম্প্রসাৰণ
আৰু অতিৰিক্ত ক্ষমতাৰ ফলত
চৰকাৰী বিভাগবোৰেও
অসুবিধা সন্মুখীন হব লগাত পৰাৰ
কথা স্পষ্ট হৈ উঠিছে। কাৰণ
চৰকাৰী আয়োগৰ বিভাগবোৰৰ
আঁচনিবোৰৰ ধন এই আয়োগৰ
জৰিয়তে বিতৰণৰ নিয়ম আছিল।
আয়োগৰ অনুমোদন
নেপালে কোনো বিভাগে পুঁজি
লাভ কৰিব নোৱাৰে। ইয়াৰ পৰাই
অনুমান কৰিব
পাৰি পৰিকল্পনা আয়োগ
প্ৰকৃততে কিমান শত্তিশালী।
চি ৰংগাৰজন অধ্যক্ষ
হৈ থাকোতে কৈছিল, "
আঁচনি ৰূপায়ণত হোৱা খৰছ আৰু
আঁচনি ৰূপায়ণত নোহোৱা খৰছৰ
মাজত থকা পাৰ্থক্য নোহোৱা কৰিব
লাগে। এই পাৰ্থক্য থকাৰ ফলতেই
শিক্ষক নোহোৱা বিদ্যালয়,
চিকিৎসক নোহোৱা চিকিৎসালয়
এতিয়া আছে দেশখনত।
তদুপৰি আয়োগে ৰাজহুৱা খণ্ডৰ
ব্যয় ওপৰতো চকু দিব লাগে।"
অব্যাহত থাকক এনে গতি
বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ অৱস্থ
মুঠেও সন্তোষজনক নহয়। উন্নয়নৰ হাৰৰ
অৱনতি, ডলাৰৰ বিপৰীতে ভাৰতীয়
মুদ্রাৰ মূল্যৰ অৱনতি, সামগ্রীৰ
মূল্য বৃদ্ধি, চৰকাৰৰ ব্যয়
বৃদ্ধি আদিয়ে সংকটজনক ছবিখন
সুন্দৰ কৈ ফুটাই তুলিছে।
এনে সময়ত দ্রুত অৰ্থনীতি সহজ নহয়।
আকৌ গোলকীয় বিভিন্ন
পৰিস্থিতি আৰু পৰিৱেশৰ
বিভিন্ন চিন্তাই সকলোকে ভবাই
তুলিছে। ফলত পঞ্চবাৰ্ষিক
পৰিকল্পনা দেশ আৰু ৰাজ্যৰ
বাবে অতি গুৰুত্বপূৰ্ণ
হিচাপে বিবেচিত হৈছে।
কেনেকৈ এনে সংকটজনক
পৰিস্হিতিত নিজকে খাপ খুৱাই
পৰিকল্পনা আয়োগক নতুন
চৰকাৰে পুনঃ প্রতিষ্ঠা কৰিব,
সেইয়া লক্ষণীয় বিষয় হব।
এতিয়ালৈ পৰিকল্পনা আয়োগে
নিজৰ দায়িত্ব সুন্দৰ ভাবে পালন
কৰি আহিছে। তেওঁলোকৰ
বিৰুদ্ধে কোনো অন্যায় অভিযোগ
আজিলৈকে শুনা নাযায় । কিন্তু
আয়োগখনক
সময়ে দাবী কৰা ধৰণে শক্তিশালী
ৰূপত গঢ়ি তোলাৰ অতীব প্রয়োজন
আছে,
যাতে পৰিকল্পনা আয়োগে সঠিক
কামকাজেৰে শক্তিশালী ৰূপত
ৰাজ্য সমূহৰ
লগতে দেশকো গঢ়ি তুলিব পাৰে।
শেষত সকলো দিশত সুস্থ-সৱল ভাৰত
গঢ়িবলৈ পৰিকল্পনা আয়োগৰ
দায়িত্ব বহুত। আশা কৰো নতুন
চৰকাৰে ইয়াক এক ন-ৰূপত
প্রতিষ্ঠা কৰি আগুৱাই নিব
ভাৰতবৰ্ষক।