উৰাজাহাজখন ক’ত গ’ল ?

বিক্ৰম মজিন্দাৰ বৰুৱা

'মালায়চিয়া এয়াৰলেইঞ্চ'ৰ উৰণ
সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয়
উৰাজাহাজ এখন মালায়চিয়াৰ
কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ
বেইজিং চহৰলৈ গৈ থকাৰ মাজ
আকাশত নোহোৱা হৈ যায় ৷

১৪খন দেশৰ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু
১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ ২০১৪-ৰ
মাজনিশা স্থানীয় ০১:২০ বজাত
উৰিবলৈ আৰম্ভ কৰাৰ প্ৰায় ৪৫
মিনিটমানৰ পিছতে সকলোবোৰ
ৰাডাৰ পৰ্দাৰ পৰা নোহোৱা হৈ যায়৷
ভূমিস্থ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ
লগতো সকলো ৰেডিঅ’ সংযোগ
হেৰাই যায়৷
লগে লগে এক বিশাল আন্তৰ্জাতিক
সন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ
কৰা যায়৷ প্ৰথমতে উৰাজাহাজখন
দক্ষিণ চীন উপসাগৰ য’ৰ পৰা অন্তৰ্ধান
হৈছিল তাৰ
দাঁতীকাষৰীয়া অঞ্চলসমূহত সন্ধান
চলোৱা হয় ৷ কিছুদিনৰ ভিতৰতে এই
সন্ধান মালাক্কা প্ৰণালী, আন্দামান
সাগৰ আদিলৈও সম্প্ৰসাৰিত কৰা হয় ৷
প্ৰত্যক্ষভাৱে জড়িত মালায়চিয়া,
চীনা, ভিয়েটনাম আদিৰ লগতে ভাৰত,
থাইলেণ্ড, আমেৰিকা,
অষ্ট্ৰেলিয়া আদি মুঠ ২৬খন দেশ এই
অভিযানত জড়িত হৈ পৰে৷

উপৰোক্ত অঞ্চলসমূহত বিমানখনৰ
কোনো ভগ্নাংশ নোপোৱাত, ১৫মাৰ্চৰ
দিনা অনুসন্ধানকাৰীসকলে ৰাডাৰ
আৰু কৃত্ৰিম উপগ্ৰহত পোৱা সংকেত
বিশ্লেষণ কৰি বিমানখন ভাৰত
মহাসাগৰৰ দক্ষিণত অষ্ট্ৰেলিয়াৰ
পাৰ্থ-নগৰৰ পৰা পশ্চিম দিশে প্ৰায়
২০০০ কি.মি. দূৰত সাগৰৰ তলীত
পৰি আছে বুলি অনুমান কৰে ৷
সেইবাবে মালায়চিয়াৰ অনুৰোধত,
অষ্ট্ৰেলিয়াৰ নেতৃত্বত ভাৰত মহাসগৰৰ
দক্ষিণ অংশত এক বিশাল অভিযান
চলায়৷ কেইবাখনো উচ্চ প্ৰযুক্তিৰ যুজাৰু
বিমান, সাগৰীয় জাহাজ
আদিয়ে ৪৫০০ মিটাৰতকৈয়ো দ
পানীত, নিকততম ভূখণ্ডৰ পৰা ১০০০-২০০০
কি.মি. নিলগত এই দুৰ্গম্য অঞ্চলৰ এক বৃহত
অংশত কেইবাদিনো ধৰি অনুসন্ধান
চলায়৷ তাৰে এটা অংশৰ পৰা অৱশেষত
এক ধ্বনি-সংকেত পোৱা যায়, ইয়াক
অন্তৰ্ধান হোৱা উৰাজাহাজখনৰ black-
box-ৰ পৰা অহা সংকেত বুলি ধাৱৰ
কৰা হয় ৷ সেই নিৰ্দিষ্ট অংশত
অত্যাধুনিক স্বয়ংচালিত শিহুজাহাজ
'ব্লুফিন-২১'-ৰ সহায়ত অনুসন্ধান
চলোৱা হয় ৷ কিন্তু তাতো এতিয়ালৈকে একো পোৱা নগ’ল ৷

No comments:

Post a Comment