অকাল মৃত্যুক সাবটি ল'লে শিল্পী সুমন মহন্ত ই

20 May :তেজপুৰৰ সুমন মহন্তসহ অন্য ১১ জন শিল্পীৰ জীৱন হানি এক পথ দুৰ্ঘটনাত । এক সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি উভতি অহাৰ পথত গাড়ীৰ মূখামূখী সংঘাত হয় । গোৱালপাৰাৰ
ধূপধৰাত সংঘটিত হ'ল এক ভয়াৱহ পথ
দুর্ঘটনা।
উদিয়মান কন্ঠশিল্পী সুমন মহন্তৰ
লগতে আন ১১জন
শিল্পীয়ে শোকাৱহ ভাৱে উক্ত
দুর্ঘটনাত মৃত্যুক সাৱটি ল'লে।
তেজপুৰৰ দ-পর্বতীয়াৰ সু সন্তান সুমন
দৰং কলেজৰ বর্ষশ্ৰেষ্ঠ গায়ক আছিল
লগতে তেওঁ গুৱাহাটীৰ এছ
বি দেওৰা কলেজৰো শ্ৰেষ্ঠ গায়ক
আছিল।
চলিত বর্ষত তেওঁ জনপ্রিয়
গায়িকা ডাঃ মৌচুমী চহৰীয়াৰ
লগতো কেইবাখনো বিহু মঞ্চত গীত
পৰিৱেশন কৰিছিল।
যোৱানিশা মাটিয়াত
ববিতা শর্মাৰ সৈতে প্ৰগ্ৰেম
কৰি উভতি অহাৰ পথত ট্ৰাক আৰু
উইংগাৰৰ মুখামুখি সংঘর্ষত প্ৰাণ
হেৰুৱাই এই গৰাকী বিশিষ্ট
গায়কে।
এনে এজন প্ৰতিভাৱান শিল্পীৰ মৃত্যু
সমগ্ৰ অসমবাসীৰ বাবে এক অপুৰনীয়
ক্ষতি।

No comments:

Post a Comment