সপোন সপোন লগা দিনবোৰ

তুমি মোক কিমান ভাল পোৱা ?
এদিন তুমিয়েই সুধিছিলা মোক !
সাগৰৰ গভীৰতাতকৈয়ো অধিক
উত্তৰ দিছিলো মই
সচায়ে
মই যেন আত্মবিলীন কৰি দিছিলো
নিজকে তোমাৰ মাজত
সৰ্বস্ব সপি দিছিলো
কেৱল তোমাৰ নামত
মোৰ মৃত্যুয়েও মানি নলয়
মোৰ বিচ্ছেদৰ কাহিনী
যি কাহিনীত সোমাই আছে
তোমাৰ নিৰ্মমতা
মই আগতেও কৈছো
বৰ উদাস উদাস লাগে
তুমি বিহীনতাত
বিবৰ্ণযেন লাগে
তুমিহীন পলবোৰ
মাথু এবাৰ ঘুৰি আহা
আৰু চোৱা
কিদৰে আছো মই
বাধা নিদিবা মোক
ৰঙীন সপোন ৰচিবলৈ
মাথু কিছু ক্ষণ দিয়া
তোমাৰ স'তে।

2 comments:

  1. কবিতাটো পঢ়ি অন্তৰ চুই গল
    যেন অতীতত পাৰ কৰি অহা
    দিনবৰলৈ মনত পৰিল।
    আগলৈ দি থাকিব পাঠক সকলে
    আঁকোৱালি লব....

    ReplyDelete
  2. JT Casino and Hotel in Everett, WA Jobs, Employment
    JT Casino and Hotel is 인천광역 출장마사지 located 안동 출장샵 in 강원도 출장안마 Everett, 진주 출장샵 WA. Visit our website 전주 출장샵 to find out about jobs, salaries, benefits, work-life balance,

    ReplyDelete