জীৱনৰ অনুভৱ - সমালোচনাৰ বিষয়ে

হেমচন্দ্ৰ দত্ত
...................

মৃত্যুৰ অলপ দিনৰ আগতে বিশ্ব
কবি ৰবীন্দ্ৰনাথ ঠাকুৰক এজন ঘনিষ্ঠ
বন্ধুৱে হেনো সুধিলে, ‘তোমাৰ
সমান চাগৈ সুখী লোক এই দুনীয়াত
কোনো নাই ! এজন
সাহিত্যিকে পাব
পাৰা সকলো সন্মান তুমি লাভ
কৰিছা ৷ তুমি সচাঁকৈ সুখীনে ?’
ৰবীন্দ্ৰনাথে হেনো উত্তৰ
দিলে এনেদৰে – ‘মই ভাৱি থকা উত্তম
কবিতাটো মই আজিও
লিখি উলিয়াব নোৱাৰিলোঁ৷
মোৰ মনত এই দুখটো থাকি যাব ৷’
ৰবীন্দ্ৰনাথৰ এই উত্তৰটোক আমি এক
ইতিবাচক, সৃষ্টিশীল বিষাদ
আখ্যা দিওঁ৷

সৃষ্টিশীল কামত
নিয়োজিত
মানুহে যদি কেনেবাকৈ ভাৱি লয়
যে তেওঁ ইতিমধ্যে বহুত কাম কৰিলে,
তেনেহলে তেওঁৰ নতুন সৃষ্টিৰ পথ ৰুদ্ধ
হৈ যায়৷ অথাৎ
ইতিমধ্যে কৰাখিনিকে লৈ মানুহ
সন্তোষ্ট হ’ব নালাগে৷
এনে সন্তোষ্টি উন্নতিৰ পথৰ অন্তৰায়৷
সাহিত্যিকসকলক লগ পালেই মই
তেখেতেলোকৰ মনৰ
কথা জনিবলৈ চেষ্টা কৰোঁ৷ দুই এজন
ব্যতিক্ৰমী সাহিত্যিকক বাদ
দি প্ৰায়সকলৰ কথা-বতৰাত
এটা বিষাদৰ ভাৱ ফুটি উঠে ৷ এই
বিষাদৰ কাৰণ দুটা – ক) তেখেতে নতুন
একো ভাল লেখা লিখিব
পাৰা নাই ৷ খ)
সমালোচকসকলে তেখেতৰ
বিষয়ে একো নিলিখে ৷

মই সহৃদয়তাৰে কথাবোৰ শুনো৷ প্ৰথম
কাৰণটোক মই ৰবীন্দ্ৰনাথ-জাতীয় এক
ইতিবাচক বিষাদ বুলি মনতে ধৰি লওঁ৷
লগতে ভাৱো – ‘এখেতৰ
পৰা আমি আৰু ভাল
লেখা পঢ়িবলৈ পাম কিয়নো আত্ম-
সন্তোষ্টিৰ কৱলত এখেত এতিয়াও
পৰা নাই৷’ পিছে দ্বিতীয় কাৰণটোক
লৈহে মোৰ চিন্তাত
খেলিমেলি লাগে৷
সমালোচকে লিখা নিলিখাক
লৈ সাহিত্যিকসকল ইমান উদ্বিগ্ন হ’ব
লাগে কিয় ?
এজন পৃথিৱী-বিখ্যাত
লোকে দেখোন কৈ থৈ গৈছে –
‘সমালোচনালৈ কাণ নিদিবা৷ সদায়
মনত ৰাখিবা- সমালোচকৰ নামত
পৃথিৱীৰ ক’তো স্মৃতি-সৌধ নির্মাণ
কৰা হোৱা নাই৷’

চিন্তাৰ
ইতিহাসলৈ যদি সমালোচকৰ
একো বৰঙণি নায়েই,
তেনেহলে সমালোচকৰ
সহাঁৰি আশা কৰি বিনাই থকাৰ
যুক্তি ক’ত ? নিশ্চয় এই বিননিৰ
একো মূল্য নাই ৷
মাজে মাজে আৰু এটা ঘটনা ঘটে ৷
সেইটো কিন্তু বৰ আমোদজনক !
সমালোচকে একো নিলিখে বুলি
বিনাই থকা সাহিত্যিকসকলৰ একাংশই
তেওঁলোকৰ সৃষ্টিৰ
বিষয়ে সমালোচকে লিখাৰ পিছত
মোক লগ পালে পুনৰ বিনাই এনেদৰে-
‘জানে, মোৰ কিতাপখনৰ
বিষয়ে অমুকে অমুকত লিখিলে নহয় !
পিছে যিবোৰ কথা লিখিব
লাগিছিল, সেইবোৰ
তেখেতে নিলিখিলে জানে !
আচলতে সমালোচনা কি তেখেতে
নাজানেই... ৷

’ মই মনতে ভাৱো –
‘হৰি হৰি ! অলপ দিনৰ আগতে দেখোন
আপুনিয়ে বিনাইছিল
যে সমালোচকে আপোনাৰ লেখাৰ
বিষয়ে একো নিলিখে !
এতিয়া কোনোবাই লিখাৰ পিছত
আপোনাৰ এই আক্ষেপ কিয় ?’ মুঠৰ ওপৰত
একাংশ সাহিত্যিকৰ মনত অলপো সুখ
নাই ৷ সমালোচকে নিলিখিলেও
বিননি : লিখিলেও আক্ষেপ ! উদাৰ
মনোভাৱৰ অদ্ভুত অভাৱ !
পিছে সমালোচনা মানেনো কি ?
অতি-সাম্প্ৰতিক কেতবোৰ
সমালোচনাৰ আর্হি চোৱাৰ পিছত মই
একপ্ৰকাৰ ‘সৰলীকৃত’
সিদ্ধান্তলৈ আহিছোঁ যে সমালোচনা
হ’ল কেতবোৰ উৎকৃষ্ট, নির্বাচিত শব্দৰ
( key words) ঝনঝননি ! তাকে স্থান-
ভেদে সামান্য সাল-
সলনি কৰি সমালোচকে ব্যৱহাৰ
কৰি থাকে৷ তাতে যদি উত্তৰ-আধুনিক
পণ্ডিতালী অলপ খটোৱাব
পাৰি তেতিয়াতো কথাই নাই !
বিদেশী কিতাপৰ ৰেফাৰেন্স দিব
পাৰিলে আৰু ভাল !
----------------------------------------------
----------------------------

No comments:

Post a Comment