লোকেল গুজৱ.কম

১. গগৈ ছাৰৰ শাসন কালত অসমত
দৰিদ্ৰতা বৃদ্ধি পাইছে বুলি এটি একপক্ষীয়
বাতৰি প্ৰকাশ পোৱাত নিচাদেউ ফেন
ক্লাৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইখন
অসমতো মাত্ৰ গৃহিনীৰ হিচাবে কৰ্ম কৰিও
কেইবাশ কোটি টকীয়া তিনি চাৰিটা টিভি চেনেলৰ
মালিকনী হোৱা গৃহলক্ষ্মী সৃষ্টি হোৱাৰ
প্ৰেৰণামূলক পাছতো মাত্ৰ নেতিবাচক
বাতৰিহে কাকতে প্ৰকাশ কৰাটোক
ক্লাৱে সমালোচনা কৰিছে। পাত্ৰ-মন্ত্ৰী-
দালাল-বিষয়া-জনগোষ্ঠীয়
নেতা আদিকে ধৰি ছাৰৰ দিনত কেইবাশ কোটিৰ
মালিক হোৱা লোকৰ তালিকাও
ফেনক্লাৱে অচিৰেই প্ৰকাশ কৰি এই বিভ্ৰান্তিকৰ
বাতৰিটোৰ যোগ্য প্ৰত্যুত্তৰ দিবই বুলিও প্ৰকাশ
কৰিছে।

২. চৰাইদেউত পিষ্টল দেখুৱাই তিনি কিশোৰীক যৌন
নিৰ্যাতন কৰাত সফল
হোৱা আৰক্ষী বিষয়ালৈ আন্তৰিক অভিনন্দন
জনাইছে বন্য-আনন্দ প্ৰেমী বিষয়া সন্থাই।
এনেয়ে ধূলি-মাকতি খাই
লেতেৰা হৈ থকা পিষ্টলটো অন্তত কামত
লগোৱাৰ বাবেও বিষয়াজনক
প্ৰশংসা কৰি সন্থাই তেখেতক আৰক্ষীৰ বিশেষ
সেৱাৰ পুৰস্কাৰ দিব লাগে বুলিও মত প্ৰকাশ
কৰিছে। এনে ঘটনাইহে আৰক্ষীলৈ মানুহৰ মনত
ভয়-শংকা বৃদ্ধি কৰিব পাৰিব আৰু তেহে পুলিচ
প্ৰশাসন চলাবলৈ সুবিধা হব বুলি সন্থাই অভিমত
ব্যক্ত কৰিছে।

৩. উত্তৰ-পূৱৰ জটিল ৰাজনৈতিক পৰিবেশত
গাদী দখলৰ বাবে অচিৰেই এক ৰোড মেপ তৈয়াৰ
কৰিব সদৌ উত্তৰ-পূৱ পদুম ফুল পাৰ্টিয়ে। কোন কোন
কেইটা স্পৰ্শকাতৰ বিষয়ত ৰাজনৈতিক
চতুৰালি কৰিলে অঞ্চলটোৰ ৰাজ্যবোৰত
নিজা ৰজা বহোৱাবলৈ সুবিধা হব তাকেই এই
মেপত সন্নিবিষ্ট কৰা হব। এতিয়াৰ
পৰা জনগোষ্ঠীয় নেতাক দিবলৈ ভাল ভাল
বৰশীৰ টোপো প্ৰস্তুত কৰিবলৈ দলটো সাজু
হৈছে বুলি গুজৱ চলিছে।

৪. ভাৰতৰ ভিতৰত উত্তৰ-পূৱৰ লোকেই
আটাইতকৈ বেছি নিদ্ৰাহীনতাত ভোগে বুলি এক
সমীক্ষাত প্ৰকাশ পাইছে। মহানগৰীত
থাকিলেও যদি কোন মুহূৰ্তত বানে উটুৱাই নিয়ে,
পাহাৰৰ মাটি খহি হেঁচা মাৰি ধৰে, উচ্ছেদৰ
বুলডজাৰ আহি বেৰ খহায় তাৰ
পাত্তা নাথাকে! তেন্তে মানুহৰ
টোপনি কেনেকৈ আহিব বুলিও সদৌ অসম সচেতন
নাগৰিক সংঘই মত প্ৰকাশ কৰিছে। খোদ ৰজাই
কইনাধৰা পাহাৰ টিঙত
সুৰক্ষা লৈ বহি থাকোতেও জালুকবাৰীত ৰিমট
চলোৱাৰ শব্দই টোপনি নাইকীয়া কৰি ৰাখিছে,
তেনেস্থলত সাধাৰণ মানুহে কি চংবিজিতৰ
অপহৰণমূলক গীত শুনি টোপনি যাব পাৰিব
নেকি বুলিও সংঘই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ
অৱতাৰণা কৰিছে।

৫. "সৰ্বাকাইৰ নদীবান্ধ" নামৰ এখন উপন্যাস
লিখি উলিয়ালে নামনি সোৱনশিৰি প্ৰকল্পৰ ওচৰৰ
গেৰুকামুখৰ সদানন্দ মিলিয়ে। কেনেকৈ নদীবান্ধ
বনাবলৈ নিদিম বুলি কৈ ভোট লৈ দিল্লীত
গাদী পোৱাৰ পাছতে সৰ্বা বোলা এজন
জননেতাই ওলোটা খৰ মাৰিলে তাকেই
উপন্যাসখনত ৰসাল ৰূপত তুলি ধৰা হৈছে।
তাৰোপৰি নৈ-পৰীয়া মানুহৰ
দুখবোৰকো "সৰ্বাকাইৰ নদীবান্ধ"ৰ বানে সপোনত
কেনেকৈ উটাই
নিছে তাকো ভালকৈ লিখিছে বুলি লেখক সদানন্দ
মিলিয়ে আমাক সদৰী কৰিছে।

৬. উত্তৰ-পূৱ ৰেল'ৱেত বহিঃ ৰাজ্যৰ
প্ৰাৰ্থীসকলক গোপনে নিযুক্তি দিয়া বন্ধ
কৰিবলৈ আহ্বান জনাইছো সদৌ অসমীয়া ছাত্ৰ
সন্থাই। একে দেশৰ নিবনুৱা সকলক
চাকৰি দিবলৈ লাজ
কৰিবলৈ কিটো আছে বুলি উল্লেখ কৰি সন্থাই
চাকৰিৰ বাবে খোলা বজাৰৰ
ব্যৱস্থাৰে থলুৱাকো অলপ চান্স দিবলৈ আহ্বান
জনাইছে। অনাগত দিনত ভিছা লৈ আহি ৰেচন
কাৰ্ড
তথা ভুৱা ডিগ্ৰীৰে বাংলাদেশী ৰেল'ৱেত
সোমোৱা আৰম্ভ
হ'লে প্ৰতিযোগিতা বাঢ়িবহে বুলি প্ৰকাশ
কৰি এতিয়াই সকলো দেশী নিবনুৱাক মিলা-
প্ৰীতিৰে চাকৰি ভগাই লবলৈ আহ্বান জনাইছে।

৭. "ৰাজযোগ কেতিয়া?" নামৰ প্ৰশ্নবোধক
দিয়া এখন সকৰুণ চিনেমাৰ
এতিয়া জালুকবাৰীত শ্বুটিং চলি থকাৰ খবৰ
আমালৈ আহিছে। সদৌ অসম ছিণ্ডিকেট সন্থাৰ
প্ৰযোজনাত নিৰ্মিত ছবিখনৰ
দৃশ্যগ্ৰহণে এতিয়া শেষ পৰ্যায়ত উপস্থিত
হৈছে আৰু বাৰিষাৰ পাছতে মুক্তি দিব
পৰাকৈ অহা সপ্তাহত হাইকামাণ্ডৰ
পৰা চেঞ্চৰৰ চাৰ্টিফিকেট পাবই বুলিও
আশা প্ৰকাশ কৰিছে। পিছে এতিয়া ছিনেমাখনৰ
শেষটো কৰুণ নে হাস্যকৰ হব তাকে লৈ এতিয়াও
উত্তেজনা অব্যাহত আছে।

৮. কাইলৈ দিল্লীত হাতোৰা পাৰ্টিৰ
নেতা সকলে নিৰ্বাচনী পৰ্যালোচনা কৰাৰ
নামত ভোজভাত খোৱাৰ দিহা কৰিছে বুলি জানিব
পৰা গৈছে। জানিব পৰা মতে এনেই ভেকোঁ-
ভাওনা কৰি মেডাম আৰু ৰাহু বাবাৰ ওপৰত
ভুৰি ভুৰি আত্মবিশ্বাস প্ৰকট কৰাৰ
আনুষ্ঠানিকতা সম্পন্ন কৰাৰ বাবেহে এই
আয়োজন চলিছে। হাতোৰা পাৰ্টিত হতাশাৰ
স্থান নাই বুলি বাৰ্তাটো ৰাইজক
দিয়াটোহে আচল উদ্দেশ্য বুলিও গোপন সূত্ৰই
প্ৰকাশ কৰিছে।

৯. অসমত বিদেশী চিনাক্তকৰণ ভাওনা এখন
পাতিলে অসমীয়া ৰাইজৰ মনত পদুম ফুলৰ
প্ৰতি গঢ় লোৱা বিৰূপ ভাৱ দূৰ হব
বুলি কালি দিল্লীত বু-বা চলিছে। ভাওনাখনৰ
জৰিয়তে জাতীয়তাবাদী ৰাইজৰ মনত
মনোৰঞ্জনৰ ব্যৱস্থা কৰিলেই আবেগিক
জাতিটোৱে সকলো পাহৰিব বুলিও এখন প্ৰতিবেদন
কেন্দ্ৰীয় নেতৃত্বক দিয়া বুলি জানিব পৰা গৈছে।
ভাওনাখনত থলুৱা আৰু বিদেশী দুটি শক্তিৰ
মাজত পদপথতো দুই এখন খকা-খুন্দা, ঘৰ জুই
জ্বলোৱা আদি উত্তেজনামূলক দৃশ্য
অৱতাৰণা কৰিবলৈকো ব্যৱস্থা কৰিবলৈ অসমীয়া
ভাওনা বিশেষজ্ঞৰ এটি দলে পৰামৰ্শ
আগবঢ়াইছে।

১০. গুৱাহাটীত জুপুৰি সাজি নিজৰ
ঘৰলৈ উচ্ছেদকাৰীৰ দল মাতি নানিবলৈ আহ্বান
জনাইছে ৰসাল গগৈদেৱে। তাতকৈ নিজৰ ঘৰৰ
সুৰক্ষাৰ বাবে ৰাজহুৱা ধন লুটপাত কৰি হ'লেও
দালান বনাবলৈ আৰু তেতিয়া জলাশয়, ভৰলুত
বনালেও আপত্তি নাই বুলি তেখেতে ইংগিত
প্ৰকাশ কৰিছে। ধনী আৰু লুটপাত কৰিব
পৰা শক্তি থকা সকলৰ ঘৰত
হাতোৰা চলাবলৈ তেখেতৰ বুঢ়া দেহাত
এতিয়া শক্তি নাই সেই কথাও অসমৰ
ৰাইজে বুজি লবলৈকো তেখেতে কৰুণ আহ্বান
জনোৱাৰ কথা গোপনে গম পোৱা গৈছে।

courtesy:  xukhdukh

No comments:

Post a Comment