(প্ৰবোধ বৰা)
চান ডিয়েগোৰ চান পাস্কেল
উপত্যকাত অৱস্থিত চান
ডিয়েগো বন্যপ্ৰাণী উদ্যানখন দক্ষিণ
কেলিফ’ৰ্ণিয়াৰ পৰ্য্যটকৰ বাবে এক
অন্যতম আকৰ্ষণ | প্ৰতি বছৰে পৃথিৱীৰ
বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই
নিযুত পৰ্য্যটকে এই উদ্যান পৰিদৰ্শন কৰে |
উদ্যানখন ১,৮০০ একৰ মাটিত এক অৰ্ধ-
অনাৰ্দ্ৰ (semi-arid) পৰিৱেশত অৱস্থিত |
চাৰিওফালে শুকান পাহাৰৰ মাজত
মুকলিমূৰীয়াকৈ বন্য জীৱ-জন্তু বিচৰণ
কৰি থাকিব পৰাকৈ কৃত্ৰিমভাৱে এক
মনোৰম প্ৰাকৃতিক পৰিৱেশ
গঢ়ি তোলা হৈছে | বৰ্ত্তমানে ইয়াত
২৬০টা প্ৰজাতিৰ প্ৰায় ৩৫০০ জীৱ-জন্তু আছে |তাৰ ভিতৰত বিভিন্ন
প্ৰজাতিৰ
হৰিণ-
জাতীয়
জন্তু
(antelopes),
চিটা, সিংহ, জিৰাফ, হাতী, জেব্ৰা,
বনৰীয়া ঘোঁৰা, গঁড়,
গৰিলা আদি অন্যতম |
আফ্ৰিকা মহাদেশত পোৱা বিভিন্ন
প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাই
উদ্যানখনৰ এক মুখ্য আকৰ্ষণ | এই জীৱ-জন্তু
বিলাক নিচেই ওচৰৰ পৰা চোৱাৰ
সুবিধাৰ বাবে ট্ৰাম-
গাড়ীৰে ফুৰোৱাৰ সুন্দৰ ব্যৱস্থা আছে |
তদুপৰি দৰ্শকে ইচ্ছা কৰিলে অলপ অধিক
মাচুল দি সৰু গাড়ীৰে কেতবোৰ জীৱ-
জন্তুৰ নিচেই ওচৰলৈ গৈ হাতেৰে চুই
চাব পাৰে অথবা জন্তুবোৰক আহাৰ
আদি যোগান দিয়া কাৰ্যতো ভাগ ল’ব
পাৰে |
ঋতুৰ ওপৰত নিৰ্ভৰ কৰি উদ্যানখনত ৪০০-ৰ
পৰা ৬০০-লৈকে কৰ্মচাৰীয়ে কাম
কৰে | পৃথিৱীৰ সৰ্ব-বৃহত্ পশু
চিকিত্সালয়খনো এই
উদ্যানতে অৱস্থিত | চিকিত্সালয়খনৰ
ওচৰতে আছে সংৰক্ষণ
গৱেষণা প্ৰতিষ্ঠান, য’ত এখন শীতলীকৃত
চিৰিয়াখানা (Frozen Zoo)ও আছে |
চান
ডিয়েগো চিৰিয়াখানাৰ উপৰিও এই
উদ্যানখন চান ডিয়েগোৰ
প্ৰাণীবিজ্ঞান সমাজে (Zoologixal
Society of San Diego) পৰিচালনা কৰে |
১৯৬৪ চনতে এই উদ্যান প্ৰতিষ্ঠাৰ কাম
আৰম্ভ হয় যদিও ১৯৭২ চনৰ ১ এপ্ৰিলত প্ৰথম
উদ্যানখনৰ দুৱাৰ দৰ্শকৰ
বাবে মুকলি কৰা হয় | ২০১০ চনত ইয়াৰ
পুৰণি নাম চান
ডিয়েগো বন্যপ্ৰাণী উদ্যান (San Diego
Wild Animal Park) সলনি কৰি চান
ডিয়েগো চিৰিয়াখানা দৰ্শন উদ্যান
(San Diego Zoo Safari Park) ৰখা হয় |
যোৱা ১৩ নৱেম্বৰ, ২০১০
তাৰিখে চাৰণৰ সৌজন্যত এই উদ্যানখন
পৰিদৰ্শন কৰাৰ সৌভাগ্য হ’ল | আমাৰ
লগত চাৰণৰ অতি মৰম
লগা কণমানি কন্যা নূৰৰ উপৰিও আছিল
চাৰণৰ বন্ধু এক আমেৰিকান দম্পতি –
নীল (Neil) আৰু ডেলী (Delie) | দুয়ো প্ৰায়
৬০ বছৰ বয়সীয়া | বৃত্তিত নীল এজন
অভিযন্তা আৰু ডেলী এগৰাকী অনুজীৱ
বিজ্ঞানী | দুয়োৰে ব্যক্তিত্ব
অতি আকৰ্ষণীয় |
দুয়ো মিঠামুখীয়া কিন্তু স্বল্পভাষী |
অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ |
তেওঁলোকৰ সৈতে প্ৰায় গোটেই
দিনটো একেলগে কটাই বৰ ভাল
লাগিল |
বৃত্তিত
নীল যদিও
এজন
অভিযন্তা,
তেওঁ এজন
পাৰদৰ্শী আলোক-চিত্ৰ
শিল্পী (photographer) | বিশেষকৈ তেওঁৰ
বন্যপ্ৰাণী আৰু পক্ষীৰ আলোকচিত্ৰৰ
সংগ্ৰহে বিশেষজ্ঞ সকলৰ মাজত বেছ
সমাদৰ লাভ কৰিছে |
এই আদৰ্শ আমেৰিকান দম্পতি আৰু চাৰণ-
নূৰৰ সৈতে কটোৱা এই দিনটোৰ
কথা বোধকৰোঁ বহুদিনলৈ মোৰ মানস
পটত সজীৱ হৈ থাকিব |
No comments:
Post a Comment