ষ্ট্ৰিম লাইনড্
সৌ ধুনীয়া আলিত
এফ্ছলট্ দিয়া নিমজ আলিত
বৰ বেগেৰে যাব পৰা
আঁক-বাক অজগৰ সাপটোৰ দৰে
পিছলি যোৱাদি যায় ।
দেখিবলৈ ধুনীয়াও
চেপে বুলি ভয়ো লাগে ।
তাৰ কোলাত উঠি যি যায়
সিহঁতে ছফুটিয়া স্প্ৰিঙৰ
গাদীত
খুউব আৰাম পায় ।
সিহঁতে তাত
উঠিলে নিজকে দেৱতা যেন
ভাৱে,
বাটৰুৱা যোজ
কাঢ়ি যোৱা মানুহৰ গাত
সিহঁতৰ মটৰৰ চকাই চেৰেক্কৈ
বোকা-
পানী মাৰি গ’লে সিহঁতে
আমোদ পায় ।
সেই
মটৰখনে সাপে মতাদি কেঁট্কৈ
মাতি
বাটৰ জনতাৰ মাজেদি বাট
বিচাৰিলে
জনতা ছিটিকি উফৰি আঁতৰি
যায় ।
ধুনীয়া মটৰখন
দেখি ভালো পায়,
সিঁহতে খঙো খায় ।
চিক্মিক্ চাক্মাক্কৈ মটৰখন
আহিল,
তেনেই লেটেষ্ট্ মডেলৰ
চৌধ চিলিণ্ডাৰৰ মটৰখন...
হঠাৎ দেখোন মটৰখন ৰৈ যায় ;
আৰোহীবোৰ জোকাৰ খাই উঠিল,
ওচৰৰ এজুম জনতা লৰি আহিল,
মটৰখন চাবলৈ
কেনেকুৱা নতুন গাড়ী
মটৰখন চাৰিওফালৰ পৰা বেঢ়ি
কিছুমানে আহি ভিতৰলৈ
জুমাজুমি কৰিলে ।
গাড়ীত উঠি অহা শকত মানুহজনৰ
উঠিল খং
চকু
টেলেকাকৈ লেতেৰা সুদা
গাৰে থকা
মানুহবোৰক হুকি মাৰি ক’লে---
“এই ভূত বুৰ্ব্বকচব ! মটৰ-
গাড়ী দেখা নাই ?
কি চাবলৈ আহিছ ? ভাগ, ভাগ,
ভাগ !
হেই হেই ল’ৰা, কেলেই গাড়ীখন
ছুইছ ?
কটা বোকাই-ছোকাই
আহি গাড়ীখনত
হাত দিছেহি ?”
মানুহবোৰ
সেমেনাসেমেনি কৰি
আঁতৰি দূৰলৈ গ’লগৈ ।
সৰু সৰু ল’ৰা দুটাই সিহঁতৰ
গোটেই গাটো মটৰৰ
চিক্মিকীয়া বডি দেখি
ৰং পাই হুকিলৈ মন নকৰি আছিল
ধেমালিকৈ,
হেণ্ডিমেনটো নামি
দুয়োটাকে ঠলামুৰি মাৰি
পঠিয়ালে দূৰলৈ ।
সিহঁতেও আমনজিমনকৈ
দূৰৈৰ খাৱৈৰ পাৰত
ৰৈ থাকিলগৈ ।
কিছুপৰ ড্ৰাইভাৰটোৱে
মটৰখনৰ ইঞ্জিনটো চাই
বস্তা এখন পাৰি তলত লেধাই
সোমাই
পিছত ওলাই আহিল ।
ষ্ট্ৰেয়াৰিঙত
বহি ছেলফ্ষ্টাৰ্টাৰ চলাই
গাড়ী চলাব নোৱৰা হ’ল ।
গাড়ীত উঠি অহা শকতজনৰ মুখত
বিৰক্তি
কপালত ঘাম আৰু চকুত খং !
কি গাড়ীবোৰ
উলিয়াইছে আজিকালি
আমেৰিকানবোৰ ঠগ্ হ’ল !
ওঠৰ হেজাৰকৈ দাম
লৈ দুদিনতে
বেয়া হোৱা গাড়ীবোৰ
দি ঠগিছে,
“ড্ৰাইভাৰ ! কি হ’ল, কি হ’ল ?”
ড্ৰাইভাৰে মূৰ খজুৱাই ক’লে –
“দেউতা ! একো হোৱা নাই,
অলপ বেটাৰীটো কমি গৈছে...
ছেলফ্টো নচলে ।”
শকতজনে খঙত ক’লে ---“হেণ্ডেল
মাৰা”
ড্ৰাইভাৰ উঠি গৈ হেণ্ডেল
মাৰিবলৈ লাগিল,
হেণ্ডেল মাৰি ড্ৰাইভাৰ
ভাগৰি পৰিল
আৰু হাত নচলে ।
ড্ৰাইভাৰে ছিটত বহি ক’লেহি
—
“দেউতা ! গাড়ীখন
ঠেলিলেহে ষ্টাৰ্ট হ’ব ।”
শকতজনে সদৰ্পে দূৰত
ৰৈ থকা জনতালৈ
চাই ক’লে – “হেই মানুহবোৰ !
আহাঁচোন আহাঁ
গাড়ীখন অলপ ঠেলি দিয়াঁহি ।”
মানুহবোৰ
একো নমতাকৈ ৰৈ থাকিল ।
শকতজনে মানুহবোৰক
আকৌ মাতিলে—
“হেৰা আহাঁচোন
হেঁচা এটা মাৰি দিয়াহি ।”
এইবাৰ মানুহবোৰ হঠাতে আলিৰ
পৰা নামি
গাঁৱলৈ সোমাই গ’ল ।
শকতজনে চিঞৰিলে—
“হে’ৰা, হে’ৰা মানুহবোৰ !
আহাঁ
টকা দহটা দিম, আহাঁ, আহাঁ...
দিম আহাঁ... আহাঁ...।”
... মানহবোৰ আঁৰ
হৈ নেদেখা হৈ গ’ল
কোনো উভতি নাহিল ।
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া]
========================
No comments:
Post a Comment