পংকজ বৰা
বহুতেই কয় প্ৰেম স্বৰ্গীয়, প্ৰেমৰ
কোনো সূত্ৰ নাই, প্ৰেমক
বিজ্ঞানে ব্যাখ্যা কৰিব
নোঁৱাৰে ইত্যাদি ইত্যাদি৷ কিন্তু
আধুনিক বৈজ্ঞানিক গৱেষণা,
মনস্তাত্বিক গৱেষণাই প্ৰেম
সমন্ধে যথেষ্ট আমোদজনক আৰু আকৰ্ষণীয়
তথ্য বিচাৰি উলিয়াইছে৷ ইয়াৰ
ভিতৰত ৰ'বাৰ্ট জেফ্ৰ' ষ্টাৰ্ণবাৰ্গ
(জন্ম ১৯৪৯-) নামৰ মাৰ্কিন মনস্তত্ববিদ
জনে আগবঢ়োৱা প্ৰেমৰ
ত্ৰিকোণীয়া সূত্ৰটো আকৰ্ষণীয় আৰু
বহুলচৰ্চিত ৷
ষ্টাৰ্নবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ
অনুসৰি প্ৰেমৰ বাবে প্ৰয়োজনীয়
উপাদান তিনিটা-
১) অন্তৰংগতা (intimacy)
২) অনুৰাগ (শাৰিৰীক আকৰ্ষণ) (passion)
৩) অংগীকাৰ/প্ৰতিশ্ৰুতি (commitment)
এতিয়া যদি আমি এই
তিনিওটা উপাদানকে এটা ত্ৰিভুজৰ
তিনিটা কোণত অৱস্থান
কৰা বুলি ধৰোঁ (চিত্ৰ ১)
তেন্তে যি সমন্ধত তিনিওটা উপাদান
সমানে উপলব্ধ হয় সেই প্ৰেম সাৰ্থক
বা সম্পূৰ্ণ সফল প্ৰেম হয় (চিত্ৰৰ
কেন্দ্ৰত)৷ ষ্টাৰ্ণবাৰ্গৰ
সূত্ৰানুসৰি যদি তিনিওটা উপাদানৰে
কেৱল মাত্ৰ এটা বা এযোৰ
উপাদান থাকে তেন্তে সি সম্পূৰ্ণ সফল
প্ৰেম নহয়৷ সেই অনুসৰি তেওঁ ছয় ধৰণৰ
সমন্ধৰ কথা উল্লেখ কৰিছে:
ক) কাৰোবাক ভাল লগা/বন্ধু্ত্ব (Liking/
friendship) : কেৱল
অন্তৰংগতা থাকিলেই কাৰোবাক
ভাল লাগিব পাৰে৷ সাধাৰণতে ইয়াক
প্ৰেম বা ভালপোৱাৰ সলনি বন্ধু্ত্ব
বুলিহে ক'ব পাৰি৷
খ) সন্মোহন/অন্ধ প্ৰেম (Infatuated love):
কেৱল অনুৰাগৰ
বশবৰ্ত্তী হৈ অন্তৰংগতা বা
প্ৰতিশ্ৰুতি নথকাকৈ কেৱল সন্মোহিত
ভাৱে শাৰিৰীক সমন্ধ
আদি গঢ়ি তোলা অৱস্থা৷
গ) সাৰশূন্য প্ৰেম (Empty love) :
অন্তৰংগতা বা অনুৰাগ
নথকাকৈ কেৱল প্ৰতিশ্ৰুতি থাকিলে
তেনে সমন্ধক সাৰশূন্য প্ৰেম বুলি পাৰি৷
উদাহৰণ স্বৰূপে আগেয়ে কোনো চিনা
-পৰিচয় নথকা পাত্ৰ-পাত্ৰীৰ মাজত
যদি পৰিয়ালৰ লোকে বিবাহ
কৰি (arranged marriage) দিয়ে৷
অৱশ্যে সাৰশূন্য প্ৰেম
বহুক্ষেত্ৰত বিকশিত হৈ সম্পূৰ্ণ
প্ৰেমলৈ পৰিৱৰ্তন হোৱাৰ
সম্ভাৱনা বা উদাহৰণ নথকা নহয়৷
ঘ) ৰোমান্টিক প্ৰেম (Romantic love):
সাধাৰণতে কৈশোৰ
বা সদ্যযৌৱনপ্ৰাপ্ত সকলৰ মাজত
বেছিকৈ দেখা যায় য'ত
অন্তৰংগতা আৰু অনুৰাগ
থাকে কিন্তু প্ৰতিশ্ৰুতি নেথাকে৷
এনে সমন্ধত শাৰিৰীক ঘনিষ্ঠতাৰ
লগতে আৱেগিক ঘনিষ্ঠতাৰো সৃষ্টি হয়৷
ঙ) সাহচৰ্য/ সান্নিধ্য/
অংশীদাৰী প্ৰেম (Companionate
love): অনুৰাগবিহীনভাৱে হোৱা
অন্তৰংগতা আৰু প্ৰতিশ্ৰুতিৰ
পৰা সাহচৰ্য/ সান্নিধ্য/
অংশীদাৰী প্ৰেমৰ জন্ম হয়৷
সাধাৰণতে এটা পৰিয়ালৰ সদস্য সকলৰ
মাজত, আপোন বন্ধুবৰ্গ আদিৰ মাজত
এনেধৰণৰ সমন্ধৰ উপস্থিতি লক্ষ্য
কৰা যায়৷ এইধৰণৰ প্ৰেমৰ শাৰিৰীক সমন্ধ
বা যৌনাকৰ্ষণ নেথাকে৷
চ) অঁকৰা প্ৰেম বা মূৰ্খ প্ৰেম (Fatuous
love): এই ধৰণৰ
সমন্ধত অন্তৰংগতা বিহীনভাৱে কেৱল
অনুৰাগ আৰু প্ৰতিশ্ৰুতিৰ
উপস্থিতি দেখা যায়৷ সাধাৰণতে
এনে প্ৰেমত বহুতেই ঠগ প্ৰৱঞ্চনাৰ
সন্মূখীন হয় ৷
যিয়েই নহওক প্ৰেমৰ
অনুভূতি সঁচাকৈয়ে স্বৰ্গীয় আৰু
আশাকৰোঁ সকলোৱে অন্তৰংগতা,
অনুৰাগ আৰু প্ৰতিশ্ৰতিসম্পন্ন সফল
প্ৰেমেৰে সুখ আনন্দেৰে জীৱন কটাওক;
প্ৰেমৰ দিনত সেইয়াই ঈশ্বৰৰ ওচৰত
প্ৰাৰ্থনা ৷
No comments:
Post a Comment