আই আই টি বম্বেৰ কথন শিক্ষণ প্ৰকল্প সম্পৰ্কে কিঞ্চিৎ

পল্লৱ প্ৰাণ গোস্বামী

বিনামূলীয়া আৰু মুক্তউৎস চফট্ৱেৰ (Free
& Open Source Software-FOSS) শিক্ষণৰ
এটা আন্দোলন চলি আছে ভাৰতীয়
প্ৰযুক্তি প্ৰতিষ্ঠান, বম্বে (IIT Bombay) -ৰ
উদ্যোগত। ভাৰত চৰকাৰৰ মানৱ সম্পদ
উন্নয়ন মন্ত্ৰণালয়ে অৰ্থৰ যোগান ধৰা
'কথন শিক্ষণ' প্ৰকল্প টোৰ বাবে আই আই
টি বম্বেই চফট্ৱেৰবিলাক শিকাবৰ
বাবে কিছুমান দৃশ্য-শ্ৰাব্য (Audio visual)
শিক্ষণ সহায়িকা (Spoken Tutorial)
তৈয়াৰ কৰিছে। এই সহায়িকাবিলাক
পৰ্যায়ক্ৰমে ভাৰতীয় বিভিন্ন
ভাষালৈ অনুবাদৰ কামো চলাই আছে।
আমাৰ অসমীয়া ভাষালৈও
সহায়িকাবিলাক অনুবাদ আৰু ডাবিঙৰ
কাম চলি আছে। শিক্ষণৰ প্ৰাথমিক
ধাৰণাটো হ'ল— নিজে শিকা; অৰ্থাৎ
সহায়িকা এটা কম্পিউটাৰত চলাই চাই
আৰু শুনি চফটৱেৰৰ বিষয়ে শিক্ষা লাভ
কৰিব পাৰি। এই সহায়িকাবিলাক
প্ৰকল্পটোৰ ৱেবচাইট ৰ
পৰা সহজে ডাউনলোড কৰিব পাৰি।

শিক্ষণ আগবঢ়োৱা কিছুমান চফট্ৱেৰ হ'ল
— চি (C), চি++ (C++), ফায়াৰফক্স (Firefox),
জিঅ'জেব্ৰা (Geogebra), জিম্প (GIMP),
জাভা (Jave), লেটেক (LaTeX),
লিব্ৰেঅফিছ (LibreOffice), লিনাক্স
(Linux), পাৰ্ল (Perl), পিএইচপি এণ্ড
মাইএচকিউএল (PHP & MySQL),
পাইথন (Python) , ৰুবি (Ruby), চাইলেব
(SciLab), থাণ্ডাৰবাৰ্ড (Thunderbird),
এক্সফিগ (Xfig) আদি।

সহায়িকা তৈয়াৰ কৰাৰ উপৰি আই আই
টি বম্বেই এই চফট্ৱেৰবিলাক শিকাবৰ
বাবে স্থানীয় আয়োজকৰ সহায়ত
কিছুমান কৰ্মশালাও অনুষ্ঠিত কৰে।
বিদ্যালয়, মহাবিদ্যালয়, কাৰিকৰী আৰু
অভিযান্ত্ৰিক প্ৰতিষ্ঠান,
অপেছাদাৰী সংগঠন আদিত সহজে এই
কৰ্মশালা অনুষ্ঠি কৰিব পাৰি। ইয়াৰ
বাবে প্ৰয়োজনীয় সহায়িকা আৰু
অন্যান্য সামগ্ৰী আই আই টিয়ে যোগান
ধৰে। সম্পূৰ্ণ বিনামূলীয় এই
কৰ্মশালা সম্পূৰ্ণ কৰাৰ পিছত
এটা অনলাইন পৰীক্ষা দিব লাগে।
পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ সকলক আই
আই টিয়ে প্ৰমাণ পত্ৰ প্ৰদান কৰে। সমূহ
বিষয় সম্পৰ্কত প্ৰকল্পৰ ৱেবচাইটত বিশদ
বিৱৰণ আছে। আগ্ৰহীসকলে এই
শিক্ষা লাভৰ বাবে ৱেবচাইটৰ
পৰা সহায়িকা ডাউনলোড কৰিব
পাৰে  |

No comments:

Post a Comment