আজিকালি ইন্টাৰনেট বুলিলেই ব্লগ, ৱেবচাইট
ইত্যাদিৰ পয়োভৰ। বিভিন্ন ভাষা, বিভিন্ন বিযয়ৰ
ওপৰত কৌটি কৌটি ৱেবচাইট। কিন্তু, সকলোবোৰ
ৱেবচাইটেই সমানেই জনপ্ৰিয় নে? সকলোবোৰ ৱেবচাইট
গুগুল চাৰ্ছ কৰিলে বিছাৰি পোৱা যায়নে? নিশ্চয় নহয়।
এক সফল ৱেবচাইটৰ আঁৰত আছে বহুতো উপস্থাপন
পদ্ধতি। আপোনাৰ ৱেবচাইট বা ব্লগ সফল
হবলৈ আপোনাৰ ৱেবচাইটো চাৰ্ছ ইঞ্জিন
সমূহে সহজতে বিছাৰি পোৱা হবই লাগিব।
লেখত
লবলগীয়া চাৰ্ছ ইঞ্জিন সমূহ হ’ল,
Google
Bing
Yahoo
Yandex
Baidu
Goo
Sogou
Sosu
Youdao
360
আৰু বহুতো আছে, তাৰে কিছুমান স্পাম (Spam) থাকে।
যেনে কেতিয়াবা কিবা Software কম্পিউটাৰত
সুমুৱালে Setup fileৰ লগত আপোনাৰ
অজানিতে কিবা কেতিয়াও নাম শুনি নোপোৱা অদ্ভূত
চাৰ্ছ ইঞ্জিন এটা আপোনাৰ Browserৰ Default
Page হৈ যায়, যিটো আঁতৰাবলৈ আপুনি বহুতো যুদ্ধ
বিগ্ৰহ কৰিবলগীয়া হয়।
লেখত লবলগীয়া চাৰ্ছ ইঞ্জিন
সমূহে বিছাৰি পোৱা নোপোৱা নিৰ্ভৰ কৰে এই চাৰ্ছ
ইঞ্জিন অপ্টিমাইজেশ্বন পদ্ধতিৰ ওপৰত।
দৰ্শনাৰ্থী: সফল ৱেবচাইট এটাৰ বাবে প্ৰয়োজন হয়
দৰ্শনাৰ্থীৰ। যিমানেই অধিক দৰ্শনাৰ্থী সিমানেই সফল।
এই দৰ্শনাৰ্থী দুই ধৰণৰ,
ক) Direct: এইধৰণৰ দৰ্শনাৰ্থী মানে হয়তো তেখেতক
আপুনি বা আন কোনোবাই ৱেবচাইট
ঠিকনাটো দি সেইটো চাবলৈ মাতি লৈ আহিছে। এইধৰণৰ
দৰ্শনাথী সকলোবোৰ আচলতে আমাৰ বাবে কামৰ নহয়।
বিশেষকৈ সেইবোৰ, যিবোৰে অনিচ্ছা স্বত্তেও,
মাতিছে যিহেতু এবাৰ চাওঁচোন বাৰু কিনো মহাভাৰতখন
লিখিছে বুলি আহে। সাধাৰণতে এই Direct
দৰ্শনাৰ্থীবোৰৰ ৩০-৪০%
মানহে আগ্ৰহেৰে চাবলৈ আহে, ইয়াৰে কিছুমানৰ
হয়তো খুব ভাল লাগি Bookmark কৰি লব পাৰে।
যি কি নহওক, এই Direct দৰ্শনাৰ্থীবোৰ on page
SEOৰ অংশ নহয়।
খ) Organic: এইধৰণৰ দৰ্শনাৰ্থী আমাৰ বাবে খুবেই
প্ৰয়োজনীয়। এওঁলোক আহে তথ্যৰ সন্ধানত
একো একোটা চাৰ্ছ ইঞ্জিনৰ পৰা। এওঁলোকৰ বাবেই
প্ৰয়োজন হয় চাৰ্ছ ইঞ্জিন অপ্টিমাইজেশ্বন
পদ্ধতিৰ।
এই বিষয়ত কিঞ্চিত পৰিমানৰ হলেও আভাস
দিবলৈ এক চেষ্টা চলালোঁ,
১) Meta Tag: এই Meta Tag বোৰ এটা ৱেবচাইটৰ
কাৰণে অতিকৈ আৱশ্যকীয়। এই Meta Tag বোৰেই
চাৰ্ছ ইঞ্জিন সমূহক ৱেবচাইটো পৰিচয় কৰাই দিয়ে।
ৱেবচাইটোৰ নাম কি, তাত কি আছে, কি ভাষাত,
কোনে কথাবোৰ লিখিছে ইত্যাদিবোৰ এই Meta Tagই
কয়। কেইটামান Meta Tag তলত উল্লেখ কৰিলোঁ,
Title Meta Tag: এই Meta Tagএ
ৱেবচাইটোৰ নাম কি জনায়।
কেনেকৈ লিখে: <title>Title of your website</title>
Description Meta tag: এই Meta
Tagএ ৱেবচাইটোত
বিষয়ে থুলমুলকৈ জনায়।
কেনেকৈ লিখে: <meta name="description"
content="Your Website's Description Here">
Keywords Meta tag: এই Meta
Tagএ ৱেবচাইটোত কি আছে জনায়।
কেনেকৈ লিখে: <meta name="keywords"
content="Keyword1, Keyword2, Keyword3,
Keyword4, Keyword5, Keyword6, Keyword7,
Keyword8">
Author Meta Tag: এই Meta Tagএ
ৱেবচাইটোৰ তথ্যবোৰ
কোনে লিখিছে জনায়।
কেনেকৈ লিখে: <meta name="author"
content="Author Name ">
আৰু বহুতো আছে, আটাইবোৰ ইয়াত লিখা সম্ভৱ নহয়।
২) Robot.txt: এই Robot.txtয়ে চাৰ্ছ ইঞ্জিন Bot
বোৰ পৰিচালনা কৰে। এই Robot.txtয়ে
চাৰ্ছ ইঞ্জিন Bot বোৰক কোনবোৰ পৃষ্ঠা Crawl কৰিব
লাগে সেই বিষয়ে জনায়। সেইমতেই চাৰ্ছ ইঞ্জিন Bot
বোৰৰে Webpageসমূহ লুটিয়াই চায়। আৰু তথ্যসমৃদ্ধ
পৃষ্ঠাবোৰ Index কৰি থয়।
উদাহৰণ স্বৰূপে-
User-agent: *
Disallow: /search
Allow: /
বহলাই কবলৈ গ'লে,
User-agent: * মানে প্ৰতিটো চাৰ্ছ ইঞ্জিনৰ
বাবে প্ৰযোজ্য
Disallow: /search মানে ৱেবচাইটৰ ভিতৰত থকা label
সমূহ বহিৰ্ভূত কৰা হৈছে
Allow: / মানে ওপৰোক্ত খিনিৰ বাহিৰে বাকী তথ্য
Index কৰিব পাৰে।
৩) Sitemap.xml : এই Sitemap.xml হৈছে আপোনাৰ
ৱেবচাইটত থকা পৃষ্ঠাসমূহ তথা ইয়াৰ বিভিন্ন
লিংকসমূহৰ তালিকা। এই Sitemap.xmlএ web crawler
সমূহক ৱেবচাইটোত থকা তথ্যবোৰ
সহজতে বিছাৰি লোৱাত সহায় কৰে। এই Sitemap.xml
বিভিন্ন Webmaster Toolsৰ সহায়েৰে বিভিন্ন চাৰ্ছ
ইঞ্জিনত জমা কৰি আপোনাৰ ৱেবচাইটৰ পৃষ্ঠাসমূহ
Indexed হোৱাত সহায় কৰিব পাৰি।
৪) Backlink: এই Backlink বোৰ এটা ৱেবচাইটৰ
বাবে খুবেই দৰকাৰী। অৱশ্যে ৱেবচাইট ডিজাইনৰ লগত
ইয়াৰ সম্পৰ্ক নাই। Backlink বোৰ হ’ল আন ৱেবচাইটত
থকা আপোনাৰ ৱেবচাইট ঠিকনা। এই Backlink বোৰ
বিভিন্ন অনলাইন ফৰামৰ জড়িয়তে সহজেই সৃষ্টি কৰিব
পাৰি। বিভিন্ন ৱেবচাইট বা ফৰামত আপুনি মতামত
প্ৰদান কৰোতে যদি শেষত আপোনাৰ ৱেবচাইট
ঠিকনাটো ব্যৱহাৰ কৰে, তাৰ পৰাই আপোনাৰ
ৱেবচাইটলৈ বুলি Backlink একো একোটাৰ সৃষ্টি হয়।
অৱশ্যে এই মতামতসমূহ যুক্তিসন্মত হোৱা উচিত।
৫) Directory Submission: বিভিন্ন Web
Directoryত আপোনাৰ
ৱেবচাইটো জমা কৰি দৰ্শনাৰ্থীৰ সংখ্যা বঢ়াব পাৰে।
এনেকুৱা উল্লেখনীয় Web Directory হ’ল Technorati,
Indiblogger ইত্যাদি । আৰু বহুতো আছে।
৬) Social Share: আজিৰ ইন্টাৰনেটৰ পৃথিৱীত
আটাইতকৈ উল্লেখনীয় দিশটো হ’ল এই Social
Networking Siteবোৰ। প্ৰতিজন ইন্টাৰনেট
উপভোক্তাই এই Social Networking Siteবোৰ
ব্যৱহাৰ কৰে। এইসমূহৰ জড়িয়তে আপোনাৰ
দৰ্শনাৰ্থীৰ সংখ্যা বঢ়াব পাৰে। Facebook, Twitter,
Google+, Tumblr, Stumbleupon, Pinterest ইত্যাদিৰ
জড়িয়তে আপোনাৰ ৱেবচাইটৰ কাৰণে এক
শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব পাৰি। যাৰ সহায়ত
এটা লিখনি Share কৰিয়েই আপুনি পাব
পাৰে সহস্ৰাধিক দৰ্শনাৰ্থী।
৭) Link Sharing: বিভিন্ন Link Sharing ৱেবচাইটত
আপোনাৰ ৱেবচাইটৰ তথ্যসমৃদ্ধ Link সমূহ জমা কৰিও
সুফল লাভ কৰিব পাৰে। এনে উল্লেখনীয় ৱেবচাইট
দুটা হ’ল Reddit আৰু Digg. এইবোৰ ৱেবচাইট
ব্যৱহাৰকাৰী কৌটিৰো অধিক।
গতিকে আপোনাৰ
এটা আকৰ্ষণীয় লিখনিয়ে লাভ কৰিব সহস্ৰাধিক
দৰ্শনাৰ্থী।
No comments:
Post a Comment