মহেশ্বৰ নাথ সোঁৱৰণী গ্রন্থাগাৰ
(মহেশ্বৰ নাথ সোঁৱৰণী ন্যাসৰ
দ্বাৰা চৰকাৰীভাবে স্বীকৃত)
গোৱালপাৰা জিলাৰ আগিয়াত
অৱস্থিত মহেশ্বৰ নাথ
সোঁৱৰণী গ্রন্থাগাৰৰ দ্বিতীয়
বর্ষপূৰ্তি অনুষ্ঠান
অনুষ্টুপীয়া কাৰ্য্যসূচীৰে যোৱা ১০জুন
তাৰিখে আগিয়া শঙ্কৰদেৱ
শিশুবিদ্যা নিকেতনৰ প্রাঙ্গনত
উদযাপন কৰা হয় |এই
অনুষ্ঠানতে গ্রন্থাগাৰৰ
যোৱা দ্বিতীয় বৰ্ষটোৰ
আটাইকেইটা (মুঠ
চাৰিটা)ত্রৈমাসিক(Quarter)ৰ
সর্বশ্রেষ্ঠ পঢ়ুৱৈ সকলৰ নাম
ঘোষণা কৰাৰ লগতে পুৰস্কৃত কৰা হয় ।
“এটি ইচ্ছা, এটি সপোন আৰু এটি অনুভৱ”-
এই ধাৰণাৰে ২০০৯ চনৰ ১ জুন
তাৰিখে প্রাৰম্ভণি কৰা
গ্রন্থাগাৰটোৰ ত্রৈমাসিকৰ পুৰস্কৃত
সকলৰ তালিকাখন ঘোষণা কৰি সহ-
স্থাপিকা তথা পৰিচালিকা
শ্রীমতী হিৰণপ্রভা দেৱীয়ে
জানিবলৈ দিয়ে যে কিতাপ পঢ়াৰ
প্রতি আগ্রহ বঢ়াই তোলাৰ
উদ্দেশ্যেৰে আৰম্ভ কৰা এই বিশেষ
বঁটা যোৱা বছৰৰ দৰে এই বেলিও
গ্রন্থাগাৰৰ দ্বিতীয় বৰ্ষপূতি অনুষ্ঠানত
আটাইকেইটা ত্রৈমাসিকৰ সর্বশ্রেষ্ঠ
পঢ়ুৱৈ সকলক প্রদান কৰা হয়|
উল্লেখ্য যে বলবলা উচ্চতৰ মাধ্যমিক
বিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয়
মহেশ্বৰ নাথৰ নামত প্রতিষ্ঠিত মহেশ্বৰ
নাথ সোঁৱৰণী(ম.না.সো)
ন্যাসে যোৱা দুবছৰ
ধৰি আগিয়া অঞ্চলত বহুত সামাজিক
কাৰ্য্যসূচী গ্রহণ কৰি আহিছে | এই
গ্রন্থাগাৰটো ম.না.সো. ন্যাসৰ প্রথম
আৰু উল্লেখযোগ্য প্র্রকল্প | “Home Library
Concept” মতে স্থাপন কৰা এই
গ্রন্থাগাৰটোত প্রায় ২৭০০ কিতাপ আৰু
আলোচনী মজুত আছে | যিটো সময়ত
অসমৰ প্রায় আটাইবোৰ গ্রামীণ
পুথিভঁৰাল লোপ পোৱাৰ উপক্রম হৈছে,
আগিয়াৰ নাথ পৰিয়ালৰ এই
ঘৰুৱা গ্রন্থাগাৰটো হৈছে এটা
ব্যতিক্রমী নিদৰ্শন |
“Home Library Concept” অনুসাৰে কেৱল
ম.না.সো. গ্রন্থাগাৰটোৰ প্রসাৰণ
কৰাটো আমাৰ উদ্দেশ্য নহয়; অসমৰ চুকে-
কোণে আৰু বহুত ঘৰুৱা গ্রন্থাগাৰ স্থাপন
কৰাটো আমাৰ ন্যাসৰ লক্ষ্য”,
হিৰণপ্রভা দেৱীয়ে আমাক
জানিবলৈ দিয়ে | গ্রন্থাগাৰৰ সহ-
স্থাপক তথা মহেশ্বৰ নাথৰ কণিষ্ঠ পুত্র,
হায়দৰাবাদৰ মাইক্র’চফ্ট কৰ্পোৰেশ্যনৰ
অভিযন্তা মনজিৎ
নাথে ঘৰুৱা গ্রন্থাগাৰৰ ধাৰণা আৰু
উদ্দেশ্যই অসমৰ গ্রামীণ পুথিভঁৰাল
ব্যৱস্থাটোক কেনেকৈ পুনৰ্জীবিত
কৰিব পাৰে তাৰ বাখ্যা দাঙি ধৰে |
এই ক্ষেত্রত ঘৰুৱা গ্রন্থাগাৰ স্থাপন
কৰিবলৈ উৎসাহী ব্যক্তিসকলক
প্রয়োজনাসাৰে কিছু কিতাপ আৰু
অৰ্থেৰে সহায় কৰা হব বুলিও মনজিৎ
নাথে আমাক জনায় |
২০১০-১১ বছৰৰ পুৰস্কৃত সকল:
১) প্রথম ত্রৈমাসিক(১জুন,১০ ৰ
পৰা ৩১আগষ্ট,১০ লৈ) : সঞ্জয় নাথ
২) দ্বিতীয় ত্রৈমাসিক(১চেপ্তেম্বৰ,১০
ৰ পৰা ৩০নভেম্বৰ,১০ লৈ) : বিক্ৰম ৰাভা
৩) তৃতীয় ত্রৈমাসিক(১ডিচেম্বৰ,১০ ৰ
পৰা ২৮ফেব্রুৱাৰী,১১ লৈ):
ময়ূৰী কলিতা
৪) চতুৰ্থ ত্রৈমাসিক(১মাৰ্চ,১১ ৰ
পৰা ৩১মে,১১ লৈ) : জিমি ৰয়
২০০৯-১০ বছৰৰ পুৰস্কৃত সকল: (প্রথম বৰ্ষত
প্রতিটো চাৰিমাহৰ পিছত এই
বঁটা দিয়া হৈছিল)
১) প্রথম চাৰিমহীয়া (১জুন,০৯ ৰ
পৰা ৩০চেপ্তেম্বৰ,০৯ লৈ) : মানবেন্দ্র
ভট্টাচাৰ্য্য
2) দ্বিতীয় চাৰিমহীয়া (১অক্টোবৰ,০৯
ৰ পৰা ৩১জানুৱাৰী,১০ লৈ) :
অনুল্লেখিত
৩) তৃতীয় চাৰিমহীয়া (১ফেব্রুৱাৰী,১০
ৰ পৰা ৩১মে,১০ লৈ) : অনুল্লেখিত
৪) প্রথম ১০০ খন কিতাপ পঢ়োঁতা :
মানবেন্দ্র ভট্টাচাৰ্য্য
টোকা:
১) বঁটা প্রদানৰ ক্ষেত্রত
পুনৰাবৃত্তি ৰোধ কৰা হৈছে
২) গ্রন্থাগাৰৰ অন্ত:জাল- http://
mnmtrust.org
৩) গ্রন্থাগাৰৰ অন্ত:জালপঞ্জী - http://
homelibrary-concept.blogspot.com
No comments:
Post a Comment