পিতা-পুত্ৰ ৬ ( মূল: ইভান টুৰ্গেনেভ , অনুবাদ: মুনীন ভূঞা)

ইভান টুৰ্গেনেভৰ কালজয়ী গ্ৰন্থ
Fathers & Sons ৰ বিশিষ্ট নাট্যকাৰ
পৰিচালক স্বৰ্গীয় মুনীন
ভূঞাদেৱে কৰা অসমীয়া ভাঙনি পঢ়ুৱৈসকলৰ বাবে আগবঢ়োৱা হ’ল।

_____________________

যোৱা সংখ্যা ৰ পাছৰ পৰা
_____________________

দুই বন্ধু যোৱা নগৰখনৰ শাসনকৰ্তাজন
আছিল বয়সত তৰুণ৷ তেওঁ
এহাতে প্ৰগতিবাদী আৰু
আনহাতে স্বেচ্ছাচাৰী৷ পুৰণি ৰুছদেশৰ
সেই সময়ৰ শাসনকৰ্তাবোৰ বেছিভাগ
ক্ষেত্ৰতে এনেকুৱাই আছিল৷ শাসনকালৰ
প্ৰথম বছৰতে ন’বিলিটিৰ মাৰ্শ্বালৰ
সৈতে আৰু নিজৰ
তলতীয়া কৰ্মচাৰীসকলৰ সৈতে তেওঁৰ
কাজিয়া লাগিলে৷ মাৰ্শ্বালজন
অৱসৰপ্ৰাপ্ত গাৰ্ডবাহিনীৰ কেপ্তেইন
আছিল৷ তেওঁৰ নিজাকৈ এখন ঘোঁৰাশাল
আছিল, নৈশভোজখনৰ তেওঁ
নিয়মীয়া আয়োজন কৰিছিল৷ তেওঁৰ
ব্যৱস্থাৱলীত
অসন্তোষেএনেঅৱস্থাপালেগৈযেসোনকালেই
ছেন্টপিটাৰ্ছ বাৰ্গৰ মন্ত্ৰীসভাই তদন্ত
কৰিবৰ বাবে ঘটনাস্থলীলৈ এজন
আয়ুক্তক পঠাবলৈ ঠিক কৰে৷ এই দায়িত্ব
পৰে মেটৱেই ইলিয়াছ কল্যাজিনৰ ওপৰত৷
ছেন্টপিটাৰ্ছ বাৰ্গত থকা কালত
কিৰচানভ ভাতৃদ্বয় তেওঁৰে দেউতাক
কল্যাজিনৰ তত্ত্বাৱধানত আছিল৷
এৱোঁ ডেকাচামতে পৰে৷ অৰ্থাৎ এওঁৰ বয়স
অলপতে চল্লিছ পাৰ হৈছে৷
কিছুদিনৰপৰা তেওঁ ৰাজনীতিজ্ঞ হোৱাৰ
বাসনা কৰিছে৷ তেওঁ বুকুৰ
দুয়োফালে দুটা তাৰকা পিন্ধে৷
তাৰে এটা বিদেশৰ৷ পিছে তাকে লৈ গৌৰৱ
কৰিবলগীয়া একো নাই৷ যিজন নগৰৰ
শাসনকৰ্তাৰ ওপৰত তেওঁৰ বিচাৰ
কৰিবলৈ আহিছে,
প্ৰগতিবাদী বুলি এওঁৰো খ্যাতি আছে৷
ডাঙৰ চাকৰিয়াল যদিও আন আন
বৰমূৰীয়াৰ দৰে তেওঁ নাছিল৷ নিজৰ
বিষয়ে তেওঁৰ খুব উচ্চ ধাৰণা আছিল৷ তেওঁৰ
ভেমৰ সীমা নাছিল৷ অৱশ্যে তেওঁ
থাকিছিল সৰলভাৱে৷ আনক দয়াৰ
চকুৰে চাইছিল৷ কাণ দি আনৰ কথা শুনিছিল
আৰু ইমান খোলাভাৱে হাঁহিছিল যে প্ৰথম
দেখাত তেওঁক বৰ উজ্জ্বল ব্যক্তিত্বৰ
লোক বুলি ভাৱ হ’ব৷ আনে কয়, প্ৰয়োজন
হ’লে তেওঁ হেনো নিজৰ মূৰ্তি ধৰিছিল৷
তেনে সময়ত তেওঁ কয় যে প্ৰয়োজনীয়
বস্তুটো হ’ল শক্তি৷ যি কি নহওক, তেওঁ
প্ৰায়েই ঠগ খাইছিল আৰু যিমানেই
অভিজ্ঞতা নথকা বিষয়া নহওক সহজেই
তেওঁক নাকত ধৰি চাকত ঘূৰাইছিল৷
মেড্ৱে ইলিয়াছে Guijot-ৰ প্ৰতি অসীম
শ্ৰদ্ধা পোষণ কৰিছিল যে তেওঁ ৰক্ষণশীল
আমোলাতন্ত্ৰৰ অঙ্গ নহয় আৰু
ৰাজহুৱা জীৱনৰ কোনো কথাই তেওঁৰ
দৃষ্টিৰপৰা এৰাই নাযায়, এনেকুৱা ধৰণৰ
কথা কৈ তেওঁ ভাল পায়৷ তেওঁ
আনকি আধুনিক সাহিত্যৰ
ধাৰা সম্পৰ্কেও খবৰ ৰাখিছিল,
তাকে যেনিবা অসাৱধান—
ৰাজকীয়তা এটা সানি৷ এনেকৈয়ে,
বয়সীয়া হৈও ৰাষ্টাত সৰু ল’ৰাৰ
শোভাযাত্ৰাদেখিলেতাতেকেতিয়াবাতেওঁ
সোমাই পৰে৷ প্ৰকৃততে মেড্ৱে ইলিয়াছ
আলেকজেণ্ডাৰৰ দিনৰ ৰাজকীয়
বিষয়াসকলৰপৰা বেছি পৃথক নাছিল৷
চাতুকাৰী কৰাত ওস্তাদ-সিয়ান
বিষয়া৷ বাচ্, ইমানেই, কামৰ ক্ষেত্ৰত
অকৰ্মণ্য , চিন্তাত দুৰ্বল, কিন্তু নিজৰ
কাম কেনেকৈ চলাব লাগে-সেইটো খুব
ভালকৈ তেওঁ জানিছিল৷ এইক্ষেত্ৰত
তেওঁতকৈ কোনো আগবঢ়া নাছিল৷
এইটোৱেইটো প্ৰধান বস্তু৷
মেড্ৱে ইলিয়াছে আৰকাডিক এজন মহৎ
লোকৰ ৰূপ ধৰি, ক’বলৈ গ’লে বেছ
ৰসালভাৱে অভিৱাদন জনালে৷
অৱশ্যে তেওঁৰ সম্পৰ্কীয় যিকেইজন
লোকলৈ নিমন্ত্ৰণ পঠাইছিল, তেওঁলোকৰ
ঘৰতে থাকি অহা বুলি শুনি তেওঁ আচৰিত
হ’ল৷
“তোমাৰ দেউতাৰা সদায়েই বৰ আচৰিত
মানুহ৷” -পিন্ধি থকা ভেল্ভেটৰ
জকমকীয়া গাউনটোৰ ফিটাডাল
জোকাৰি জোকাৰি তেওঁ ক’লে৷ হঠাৎ তেওঁ
ঘূৰি তেওঁৰ শেষৰকেইটা শব্দ সন্মানসহ
শুনি থকা ডিঙিবন্ধ ইউনিফৰ্ম পিন্ধা তৰুণ
বিষয়াজনলৈ চালে৷ বিষয়াৰ ঠেও ধৰি-
তীক্ষ্নভাৱে সুধিলে- “এইটো কি?”
বহুদিন ব্যৱহাৰ নকৰাৰ ফলত
লাগি ধৰা ওঁঠজুৰিৰে তৰুণ
বিষয়াজনলৈ সাউৎকৈ থিয়
হৈ ওপৰৱালাৰ মুখলৈ চাই ৰ’ল৷
বিবুদ্ধি হোৱাৰ চিন মুখত স্পষ্ট৷
তলতীয়া বিষয়াজনক এনে অৱস্থাত
পেলোৱাৰ পাছত
মেড্ৱে ইলিয়াছে তেওঁলৈ আৰু কটাক্ষই
নকৰিলে৷
আমাৰ বিশিষ্ট
বিষয়াসকলে সাধাৰণতে তেওঁলোকৰ
তলতীয়া বিষয়াসকলক বিবুদ্ধিত পেলাই
ভাল পায়৷ এই কাম
কৰিবলৈ বিধে বিধে কৌশল লয়৷ বৰকৈ প্ৰচলিত
তেনে এটা কৌশল আছিল-উচ্চ
বিষয়াজনে অতি সহজ শব্দ
এটাকে বুজি নোপোৱা হয় আৰু
কাণেৰে নুশুনাৰ ভাও ধৰে৷ ধৰক, তেওঁ
সুধিব,- “ আজি কি বাৰ?”
অতি বিনীতভাৱে উত্তৰটো আহিব, “
আজি শুকুৰবাৰ ম…হা…শ…য়”
“কি আছিল, কি ক’লা”, উচ্চ
বিষয়াজনে চকুকেইটা ঘোপা কৰি সুধিলে৷
“আজি শুকুৰবাৰ মহাশয়৷”
“কেনেকৈ? কি শুকুৰবাৰ, শুকুৰবাৰৰ অৰ্থ
কি?”
“শুকুৰবাৰ হ’ল, সপ্তাহটোৰ এটা দিন
মহাশয়৷”
“সমানে সমানে গৈছা, ইয়াৰ পাছত মোক
কি শিকাবা?”
উদাৰপন্থী বুলি গণ্য কৰা হৈছিল যদিও
মেড্ৱে ইলিয়াছো এজন বিশিষ্ট বিষয়াই
আছিল৷ গতিকে…৷
আৰকাডিক তেওঁ ক’লে,
“তোমালোকে নগৰখনৰ শাসনকৰ্তাক লগ
কৰি যোৱা৷ কথাটো তুমি বুজিছানে নাই৷ মই
তোমাক শাসনত থকাসকলক সেৱা কৰিব
লাগে ধৰণৰ প্ৰচলিত নিয়ম মানিবলৈ এই
পৰামৰ্শ দিয়া নাই৷ প্ৰকৃততে মানুহজন
বৰ ভাল৷ তদুপৰি তোমালোকে স্থানীয়
সমাজখনেৰে সৈতে চিনা-পৰিচয়
হ’বলৈ বেয়া নাপাবা বোধহয়৷
তোমালোকতো আৰু ভালুক নহয়৷ পৰহিলে তেওঁ
বলনাচৰ এটা বৃহৎ আয়োজন কৰিছে৷”
“আপুনি বলনাচলৈ যাব নেকি?”
আৰকাডিয়ে সুধিলে৷
“মোৰ কাৰণেইতো এই আয়োজন” -
মেড্ৱে ইলিয়াছে কণ্ঠত বেয়া পোৱাৰ ভাৱ
এটা সানি ল’লে৷ “তুমি নাচা নহয়?”
“নাচো, কিন্তু বৰ বেয়াকৈ৷”
“সেইটোতো লাজৰ কথা! ইয়াত ভালেমান
ধুনীয়া ছোৱালী আছে আৰু
এটা ডেকা ল’ৰাই নাচিব নজনাটো বৰ
লাজৰ কথা৷ মনত ৰাখিবা, এইবোৰ
ক্ষেত্ৰত মই আগৰদিনীয়া মানুহৰ
দৰে নহয়৷ মানুহে ইচ্ছা-আকাংক্ষাক
পদানত কৰি ৰখাটো মই কেতিয়াও
নিবিচাৰোঁ৷ কিন্তু বাইৰনৰ অনুসৰণ
কৰা পদ্ধতিও অবাস্তৱ৷”
“খুড়া, ইয়াত বাইৰণক অনুসৰণ কৰাৰ
প্ৰশ্নই নাই৷”
“মই তোমাক ইয়াৰ মহিলা মহলত
চিনাকি কৰি দিম৷ তুমি মোৰ পাখিত তলত
যাবা৷” সন্তুষ্টিৰ
হাঁহি এটা মেড্ৱে ইলিয়াছে মাৰিলে৷-
“তুমি তাত যথেষ্ট উত্তাপ পাবা, হ’ব?”
লিগিৰা এজনে সোমাই আহি প্ৰশাসনিক
সন্থাৰ সভাপতি অহাৰ কথা জনালে৷
মানুহজনে মিঠা চকুৰ বুঢ়া বয়সীয়া৷
মুখখন শোটমোট খোৱা৷ তেওঁ গৰমকালি এদিন
কৈছিল-
“প্ৰতিটো সৰু মৌ মাখিয়েই প্ৰতিমাহে সৰু
ফুলৰপৰা পৰা প্ৰতিদিনে একোটা সৰু
উপহাৰ লয়৷” সেইকাৰণে তেওঁ প্ৰকৃতিপ্ৰেম৷
আৰকাডি কোঠাৰপৰা ওলাই গ’ল৷
বাজাৰ’ভ তেওঁলোক
থকা হোটেলখনতে আছিল৷
আৰকাডিয়ে তেওঁক শাসনকৰ্তাজনৰ
ওচৰলৈ যাবলৈ বহু সময় ধৰি বুজালে৷
বাজাৰ’ভে অৱশেষত সন্মতি দিলে, “ঠিক
আএ বাৰু৷ এক পইচা লোৱা যি এশ
টকা লোৱাও একেই৷ মাটিৰ
মালিকসকলে চোৱা যাওক বাৰু৷
আহিছোঁতো সেইকাৰণেই!”
শাসনকৰ্তাজনে দুই তৰুণক
সাদৰেৰে সম্ভাষণ জনালে,
পিছে সিহঁতকো বহিবলৈ নিদিলে,নিজেও
নবহিলে৷ তেওঁ সকলো সময়তে ব্যস্ত আৰু
হুলস্থুলীয়া৷ৰাতিপুৱাই তেওঁ গাত
লিপিত খাই ধৰা সাজ এটা পিন্ধে৷ গাত
অতি টানকৈ লাগি ধৰা কোট এটা পিন্ধে৷
হুলস্থুলীয়া কৰ্মব্যস্ততা আৰু আদেশ
জাৰি কৰা উত্তেজনাময় পৰিৱেশত দুই
সাজ খাবলৈ নাপায় আৰু শুবলৈও
নাপায়৷ প্ৰদেশখনত তেওঁক বুৰ্ডাল’ নাম
দিছিল সকলোৱে৷
নামটো ফৰাচী ধৰ্মপ্ৰচাৰক
নামেৰে নহয়৷ ৰুছ শব্দ ‘বুৰ্ডো’, অৰ্থাৎ
নিশকতীয়া অৰ্থতহে ব্যৱহৃত
হৈছিল৷কিৰচান’ভ আৰু বাজাৰ’ভক তেওঁ
ঘৰত আয়োজন কৰা বলনাচলৈ নিমন্ত্ৰণ
জনালে৷ দুই মিনিটৰ পাছত তেওঁলোকক
ভাই-ককাই বুলি ভাবি কেইচাৰ’ভ
বুলি সম্বোধন কৰি আকৌ মাতিলে৷
শাসনকৰ্তাজনৰ ঘৰৰ পৰা ওলাই
ঘৰলৈ গৈ থাকোতে ৰাস্তাত
হঠাতে চলন্ত গাড়ী এখনৰপৰা চুটি-
চাপৰ মানুহ এজন জাঁপ মাৰি ওলাই
আহিল৷ গাত শ্লাভ জাতীয় সাজ৷ তেওঁ
“য়েভগেনি ভেছিলিছ”বুলি চিঞৰি বাজাৰ’ভৰ
ওচৰ পালেহি৷
“অ’
তুমি,চিট্নিক’ভ”বুলিকৈবাজাৰ’ভেৰাস্তাইদিগৈথাকিল৷
“কোনজাক বতাহে তোমাক
ইয়ালৈ টানি আনিলে?”
“বিশ্বাস
কৰা,ঘটনাক্ৰমেহে এইখিনি পালোহি৷” আৰু
গাড়ীখনলৈ ঘূৰি হাতখন
জোকাৰি জোকাৰি সুৰ লগাই চিঞৰলে,
“আমাৰ পথ লোৱা, আমাৰ পথ লোৱা৷ মোৰ
দেউতাৰ ইয়াত ব্যৱসায় আছে৷ তাতে মোক
লাগি দিবলৈ কৈছে৷
শুনিলোঁ বোলে তুমি ইয়ালৈ আহিছা আৰু
বিচাৰি ফুৰিছা৷”
সঁচাকৈয়ে,কোঠালৈ গৈ দুই বন্ধুৱে চুক এটাত
এটুকুৰা কাগজ পালে৷ তাৰ
এফালে ফৰাচী, আনফালে শ্লাভ
গৰফতচিট্নিক’ভৰ নাম লিখা আছিল৷
“তোমালোক শাসনকৰ্তাৰ
ঘৰৰপৰা আহি থকা নাইতো?”
“তুমি ভাবিব নেলাগে, আমি পোনে পোনেই
তেওঁলোকৰ ঘৰৰপৰাই আহিছোঁ৷”
“তেনেহ’লে মইও তেওঁক দেখা কৰিব লাগিব৷
য়েগভেনি ভেছিলিছ, মোক
চিনাকি কৰি দিয়া আৰু৷”
বাজাৰ’ভে ক’লে, “চিট্নিক’ভ-কিৰচান’ভ৷”
“বৰ ভাল লাগিছে”-
বেঁকা হৈ হৈ খোজকাঢ়ি থাকি আৰু অনৰ্গল
অঁকৰাৰ
দৰে হাঁহি হাঁহি চিট্নিক’ভে কৈ গ’ল৷
হাতৰপৰা ধুনীয়া ধুনীয়া গ্লোভ দুপাত
খুলি পেলালে৷ “মই ঢেৰ শুনিবলৈ পাইছোঁ…মই
য়েগভেনি ভেছিলিছৰ পুৰণা চিনাকি৷
ক’বলৈ গ’লে মই তেওঁৰ শিষ্য৷ মই মোৰ
পৰিৱৰ্তনৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ…”
আৰকাডিয়ে বাজাৰ’ভৰ
শিষ্যজনলৈ চালে৷ তেওঁৰ সৰু কিন্তু
দেখিবলৈ বেয়া নলগা ক্ষীণ মুখখনত
এটা চিন্তা পাতলকৈ লাগি আছিল৷
তেওঁৰ সৰু, ভিতৰ সোমোৱা চকুযুৰিত অসহজ
চাৱনি এটা আছিল৷ আৰু তেওঁৰ হাঁহিও
আছিল বৰ অসহজ৷
চুটিকৈ মৰা কাঠচিতীয়া হাঁহি৷ তেওঁ
কৈ গ’ল, “বিশ্বাস কৰিব,
যেতিয়া য়েভগেনি ভেছিলিছে কাৰো কৰ্তৃত্ব
নামানিবলৈ কোৱা শুনিলোঁ,মই আনন্দত ক’ব
নোৱৰা হৈছিলোঁ৷ মোৰ কাৰণে একেবাৰেই
নতুন কথা৷ ভাবিলোঁ, অৱশেষত মই এজন
মনপচন্দৰ মানুহ পালোঁ৷ অ’
হেৰি য়েভগিনি ভেছিলিছ, ইয়াত
এনেকুৱা এগৰাকী মানুহ আছে,
যি তোমাক খুব ভালকৈ বুজি পাব, তেওঁক
এবাৰ তুমি লগপোৱা ভাল হ’ব৷ তেওঁ
তুমি গ’লে বৰ ভালকৈ আদৰ-সাদৰ কৰিব৷
তুমি তেওঁৰ কথা শুনিছা যেন পাওঁ৷”
বাজাৰ’ভে কোনো আগ্ৰহ প্ৰকাশ
নকৰি ক’লে, “কোননো তেওঁ?”
“কোক্চিনা য়েঅ’ডক্চি-
য়েভডক্চিয়াকোক্চিনা, বৰ মজাৰ
মানুহ৷প্ৰকৃত অৰ্থতেই জাগৃতা মহিলা৷
আগবাঢ়া৷ তোমালোকে জানা,
আমি আটাইকেইটা এতিয়াই যাওঁ ব’লা,
তেওঁ ওচৰতে থাকে৷ তাতে দুপৰীয়াৰ
সাজ খাম৷ মই ভাবো,
তোমালোকে এতিয়াও খোৱা-
বোৱা কৰা নাই৷”
“নাই খোৱা৷”
“ভালেই হ’ল, গিৰীয়েক তেওঁৰ লগত
নাথাকে জানা৷ একেবাৰেই স্বাধীন৷”
“দেখিবলৈ ধুনীয়ানে?” বাজাৰ’ভে সুধিলে৷
“সেইটো মই ক’ব নোৱাৰিছোঁ৷”
“তেনেহ’লে কিহৰ কাৰণেনো যাবলৈ লগ
ধৰিছা?”
“কাৰণটো বৰ মজাৰ৷ তেওঁ আমাক এক বটল
চেম্পেইন খুৱাব৷”
“ব’লা, কিমান কামৰ মানুহ অলপ
পাছতে দেখিম৷ যিহওক, তোমাৰ সেই
বুঢ়াজনে কি কৰি আছে? সেই
খাজনা তোলা কামকে?”
“হয়৷”
চিট্নিক’ভে খিটখিটীয়া হাঁহি এটাৰে ক’লে,
“আমি গৈ থাকো, নহয় জানো?”
“কি কৰোঁ, ক’ব নোৱাৰোঁ৷” বাজাৰ’ভে ক’লে৷
“তুমি মানুহ চাব খুজিছিলা, ব’লা৷”
আৰকাডিয়ে সৰুকৈ ক’লে৷
“তুমি কি কৰিবা কিৰ্চানভ?”
চিট্নিক’ভে ক’ল, “তুমিও যাব লাগিব,
নহ’লে নহ’ব৷”
“আমি কেনেকৈ ভুৰংকৈ তেওঁৰ ঘৰত
ওলাওগৈ?”
“কথাটো ঠিকেই, তোমালোকে কোক্চিনাক
চিনি নোপোৱা, বঢ়িয়া খেলা৷”
বাজাৰ’ভে সুধিলে, “চেম্পেইনৰ বটল
পামতো?”
চিট্নিক’ভে চিঞৰিলে, “তিনি বটল৷ মই
বাজী মাৰিছোঁ৷”
“কিহত মাৰিবা?”
“মোৰ মূৰটোত৷”
“তাতকৈ তোমাৰ দেউতাৰাৰ টকাৰ
মোনাটোত ৰাখা৷ ঠিক আছে, ব’লা যাওঁ৷”

                                         ....Coming Soon
                                                  Next Part⇨

No comments:

Post a Comment