প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে

হৃষীৰাজ শৰ্মা

সুৰুযৰ ৰথত উঠিবলৈ মোৰো মন
পোহৰৰ বাবে হাহাকাৰ কৰোতে
এদিনৰ বাবে হেৰুৱাইছিলোঁ চকুদুটা
মোৰ হাজাৰটা সেউজ সপোনৰ সমাধি
তোমালোকৰ বুকুত।
আজি এবেলা অন্ধকাৰৰ
সৈতে চুক্তিবদ্ধ হ’লেও,
আলোকৰ সৈতে আলিংগনৰ নিৰ্যাস
মোৰ স্বপ্নাতুৰ হৃদয়ৰ গুপুত গান।
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ
মোৰো আছে।
মেঘলৈ দলিওৱা নাই উন্মাদনাৰ
অহংকাৰী পত্ৰ
সৌৱা মেঘনাদলৈ বতৰা পঠিয়াইছোঁ,
নামিব বুৰুয বৰষাৰ স’তে।
বিশল্যকৰণী বিচাৰি হাবাথুৰ লক্ষণ,
কলিযুগত নাই তোমাৰ ভৃত্য হনুমান
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ
মোৰো আছে।

No comments:

Post a Comment