-তই যে তেনেকৈ গা ঘেলাই পৰি থাক, কাম-বন
একো নাই নেকি তোৰ?
-তেনেকৈ নকবি৷ বিচনাত পৰি থকাটোও এটা কাম৷
বিচনাত পৰি পৰি মই কিমান যে ডাঙৰ ডাঙৰ
চিন্তা কৰি আছোঁ, তই কি বুজিবি?
ৰূমমেট অনন্ত আৰু মোৰ মাজত হোৱা এই
কথোপকথনখিনিৰেই আৰম্ভ হয় আমাৰ
ৰাতিপুৱা৷ শোৱাৰ
পৰা চকুকেইটা মেলি চিলিঙৰ মকৰাজাল কেইখন
গণনা কৰি শেষ হোৱালৈ অনন্তই দাঁত ব্ৰাছ
কৰি চাহৰ বাবে কেটলীত পানী গৰম হ’বলৈ দিয়ে৷
এঙামুৰি এটা দি ময়ো লাহে লাহে ভৰি বিচনাৰ
পৰা মজিয়াত পেলাওঁ৷
-মোৰ চেণ্ডেলজোৰ ক’ত?
-ৰাতি শুবলৈ যোৱাৰ আগতে ক’ত থৈছিলি?
হোঃ ল’, মোৰ জোৰকে ল৷ মুখ ধুই
চাহখিনি বাকি খাবি৷ মই ওলালো অফিচলৈ৷
মোৰ চাহ খোৱা শেষ হোৱালৈ চাগে অনন্তই
চাৰিআলিটোৰ সিটো মূৰ পালেগৈ৷
কৰিবলগীয়া মোৰ বিশেষ একো নাই৷
একোঠলীয়া আমাৰ বাসগৃহটোত পৰিষ্কাৰ
কৰিবলৈও বিশেষ একো সামগ্ৰী নাই৷ মোৰ বেকাৰ
জীৱনৰ একমাত্ৰ কাম ৰৈছেগৈ মাত্ৰ আমাৰ
দুজনৰ বাবে ভাত ৰন্ধাটোহে৷ চিগাৰেট
এটা জ্বলাই কুকাৰটোত চাউলখিনি বহাই
দিলোঁ৷ কোঠালীটোৰ একমাত্ৰ খিৰিকীখনৰ
আইনা কেইখন বৰ লেতেৰা হৈছে৷
ছেঃ চাফা কৰিবলৈও বেয়া কাপোৰ এখনো নাই৷
ঘৰৰ মালিকৰ জীয়েকক আজি এখন
লেতেৰা কাপোৰ খুজিব লাগিব৷ তাইৰ
ধকধকীয়া বগা হাতখনৰে সেই
লেতেৰা কাপোৰখন কেনেকৈ দিব বাৰু? বাদ দে…
এই সুযোগতে তাইৰ লগত কথা দুটাতো পাতিব
পাৰিম!!! এইবোৰ আকাশ-পাতাল
ভাবি থাকোতে হঠাতে কুকাৰটোৱে হুইছেল
মাৰিলে৷ ল’ৰাল’ৰিকৈ কুকাৰটো গে’ছষ্টোভৰ
পৰা নমাই পানীৰ কেটলীতো বহাই দিলোঁ৷
ভাত-পানী বনোৱা শেষ হোৱাৰ পিছত পুনৰ
বিছনাখনলৈ আহিলোঁ৷ চাকৰিটো বাদ দিয়াৰ
পিছত…ঠিক বাদ দিয়া বুলি ক’ব নোৱাৰি..বছৰ
লগত কাজিয়া কৰি ওলাই অহাৰ পিছত
আজি দুমাহে অনন্তৰ ৰূমত বাহৰ
পাতিছোঁহি৷ দুমাহে কোনো কাম
বিচাৰি পোৱা নাই৷ হাতত থকা টকাও শেষ
হৈ আহিছে৷ …….. চকু মেলি চিধাই
ঘড়ীটোলৈ চালো৷ ছেঃ তিনিটা বাজিল৷
কেতিয়া যে টোপনি আহিছিল গমেই নাপালোঁ৷ এই
টোপনিটোও ইমানকৈ আমনি কৰিব পায়নে? বিচনাৰ
পৰা উঠি কাহী এখনত ভাতকেইটামান
বাঢ়ি ল’লো৷ খোৱা-বোৱা শেষ
কৰি চাৰিআলি লৈ ওলাই গ’লো৷ মন্টুৰ দোকানৰ
সন্মুখত থিয় হৈ চিগাৰেট এটা জ্বলাব
খোজোতেই সি মাত দিলে—
-দাদা, পাৰ্টী কিন্তু জবৰদস্ত হ’ব
লাগিব৷
-ফটুৱামি কৰিবলৈ মানুহ বিচাৰি নাপালি৷
বেকাৰ হৈ থকাৰ কাৰণে তোক পাৰ্টী দিব
লাগে??
-এঃ দাদা, কি যে কয়৷ আজি অনন্ত দাই
বৌ এজনী আনিব আৰু
আপুনি কৈছে পাৰ্টী কিয় দিব লাগে!!
- অনন্তই আজি ছোৱালী আনিব! সিটো মোক
কোৱা নাই৷
- এঃ দাদা৷ আপোনাক ছাৰপাইজ দিব কিজানি৷
মন্টুৰ সোলা মুখৰ
হাঁহিখিনি কোনোমতে হজম কৰি ৰূম পালোহি৷
অনন্তই বাৰু এই কথা মোৰ পৰা কিয়
লুকুৱালে? বন্ধু বুলি ভাবিয়েই তাৰ
ৰূমত ইমানদিনে আছিলোঁ৷ মই বাৰু তাৰ
বাবে বোজা হৈছোঁ নেকি? এক মুহূৰ্তও
বিলম্ব নকৰি বেগটোত মোৰ কাপোৰবোৰ ভৰালোঁ৷
কান্ধত বেগটো লৈ দুৱাৰ মাৰিব খোজোতেই
পিঠিত কাৰোবাৰ হাতৰ পৰশ অনুভৱ কৰিলোঁ৷
ঘূৰি চাই দেখোঁ সেয়া অনন্ত৷
-ক’লৈ যাৱ তই?
-তই মোৰ পৰা ইমান ডাঙৰ
কথা এটা লুকুৱাব নালাগিছিল৷ মই কি তোৰ
বোজা হৈছোঁ? আজি তই
এজনী ছোৱালী আনি ঘৰ সুমুৱাবি বুলি……
ক্ষোভত মোৰ মুখৰ মাতবোৰ
থোকাথুকি হৈ ওলাল৷
-কোনে ক’লে মই ছোৱালী আনি ঘৰ সুমুৱাম
বুলি?
মন্টুৱে৷ হঠাৎ যেন এক বিস্ফোৰণ হে হ’ল৷
পেটত হাত দি হাঁহিত বাগৰি পৰিল অনন্ত৷ মই
ভেবা লাগি চাই ৰ’লো৷
-ইয়াকে কয় বোলে শুনা কথাৰ নকৰিবা কাণ,
দেখাৰোঁ ল’বা তিনি প্ৰমাণ৷
ৰাতিপুৱা তাৰ দোকানত তামোলখন
খাওঁতে ক’লো যে আজি বন্ধু এজনৰ বিয়া৷ ন-
ছোৱালী আহিব৷ গতিকে আমাৰো গতি লগাবৰ হ’ল
আকৌ৷ মই ভবাটোৱেই হয়৷ পুৱা চাগে সি কাণৰ
যন্ত্ৰটো ল’গাবলৈ পাহৰিলে৷ আৰু সেই
কাৰণেই এই ওলোটা-পুৰাণ তোৰ আগত
শুনালেহি আৰু তইয়ো ভেম
জুৰি যাবলৈ ওলালি৷
অনন্তৰ শেষবাক্য শুনাৰ আগেয়েই মই
মন্টুৰ দোকানৰ সন্মুখ পালোহি৷
উদ্দেশ্য, তাৰ সোলা মুখখনত
এটা ঘোচা লগোৱা৷
মনোৰঞ্জন মজুমদাৰ
No comments:
Post a Comment