( মাথোঁ এবাৰ হাঁহি দিয়া )
মাথোঁ এবাৰ হাঁহি দিবা
তোমাক এৰি যোৱাৰ আবেলিটোত
তোমাৰ হাঁহিত সজীৱ হৈ উঠিব
মৰহা ফুলৰ কলি ,
তুমি নাহাহা বাবেই হয়টো
চিকমিকাই নুঠে
আকাশৰ তৰাৱলী,,
কিমান সুখ লাগিব
তুমি হাঁহিবলৈ ?
নে দুখবোৰে কাঢ়ি পেলাইছে
হাঁহি মাৰিব পৰা ক্ষণবোৰ !
বৰ জটিল জীৱনৰ পাঠ,
জটিলতাৰ মাজত বিচাৰি পোৱা টান
এটি হাঁহিৰ উৎস ,
এদিন হাবাথুৰি খাইও বিফল হ'বা
কিছু পল হাঁহিৰ বাবে,
হাঁহিলে তোমাক ভাল লাগে !
সেয়ে কৈছোঁ
পাৰিলে এবাৰ হাঁহি দিয়া
সেই হাঁহিতে জিলিকি উঠিব
তোমাৰ দুখৰ গভীৰতা
তোমাৰ আজন্ম প্ৰেমিকৰ দৃষ্টিত ।
। । । । । নিলোৎপল নেওগ । । । । । ।
No comments:
Post a Comment