নিলোৎপল নেওগ —
:
এটি দুটিকৈ পমি পমি শেষ
হৈছে জীৱনৰ ম্যাদ ;
বিলিন হৈ গ’ল পোৱা নোপোৱাৰ কত
আশা
এই মৃত্যুমূখী সুতত ।
আমি আকুৱালী ল’ব বিচাৰো
জীৱন নাটৰ প্ৰতিটো স্মৃতি ।
হেৰুৱা স্মৃতিত বিচাৰি ফুৰোঁ
ম্লান হৈ পৰা আশাৰ পণ্য ।
মৰীচিকাৰ দৰে খেদি ফুৰোঁ
প্ৰেমৰ মধুৰ স্মৃতিক ।
বৰ কষ্ট প্ৰেমৰ স্মৃতি পাহৰাটো
আৰু তাতকৈও কষ্ট প্ৰেমত হৃদয়
হেৰুওৱা ।
অগ্ৰগামী দিনৰ সুঁতি এক
যন্ত্ৰণাৰ সুঁতি
য’ত থাকে বিশ্বাসৰ
বিপৰীতে বিশ্বাসঘাটকতা ।
দুটা দিনতে অচিনাকী হৈ যাব
পৰাটো কি প্ৰেম ?
মই আজি অপেক্ষাৰত সেই দিনটোৰ
যিটো দিনত জ্বলাই মাৰিব পাৰো
প্ৰেমৰ মিছা অনুভূতি মোৰ চিতাত
।
সেই দিনটোত মোৰ আত্মাই
চিঞৰি উঠিব
আৰু কব,মই জ্বলাই মাৰিলো এটা কীট
য’ত আছিল প্ৰেম আৰু সহানুভূতিৰ
এখন বিশাল সাগৰ ।
মৃত্যু মূখী এটা দিন
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment